ETV Bharat / state

Price hike in Assam: মূল্যবৃদ্ধিৰ কেকোঁৰা চেপা, ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Jul 14, 2023, 4:05 PM IST

এতিয়া ৰাইজৰ বাবে পাকঘৰৰ বজাৰ যেন এক দুঃস্বপ্নলৈ পৰিণত হৈছে ৷ ৰাজ্যৰ বজাৰত চেঞ্চুৰীৰ দৰ চুইছে শাক-পাচলিৰ মূল্যই ৷ শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ।

PRICE HIKE IN ASSAM
ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী, ১৪ জুলাই : ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত প্ৰায় কোঙা হৈ পৰিছে গ্ৰাহক ৷ এতিয়া ৰাইজৰ বাবে পাকঘৰৰ বজাৰ যেন এক দুঃস্বপ্নলৈ পৰিণত হৈছে ৷ ৰাজ্যৰ বজাৰত চেঞ্চুৰীৰ দৰ চুইছে শাক-পাচলিৰ মূল্যই ৷ হাতত এমুঠি টকা লৈ গ’লেও আধাও নভৰে গ্ৰাহকৰ বজাৰৰ মোনা ৷

ইয়াৰ পিচতে শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে । ৰাজ্যৰ জিলা সদৰ সমূহৰ লগতে মহানগৰীটো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । শ্বহীদ ন্যাসৰ সন্মুখত হাতে হাতে শাক-পাচলিৰ লগতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰী সকলে জাতি লাও, ৰঙা লাও, কবি , বেঙেনা, বিলাহী লৈ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই, অসম চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায়, যোগান মন্ত্ৰী হায় হায়, ক'লা বেপাৰী সাৱধান আদি শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে প্ৰতিবাদথলীত প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি সংঘটিত হয়।

শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়াৰ বাবে চৰকাৰক সমালোচনা কৰি প্ৰতিবাদকাৰীসকলে কয় , মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে । তাৰ প্ৰতিবাদ গণতান্ত্ৰিকভাৱে কৰাৰ পিচতো আৰক্ষীয়ে বাধা প্ৰদান কৰিছে । চৰকাৰে শান্তিপূৰ্ণ প্ৰতিবাদ কিয় ভয় কৰে ? শান্তিপূৰ্ণ প্ৰতিবাদ মষিমূৰ কৰাৰ বাবে আৰক্ষীক ব্যৱহাৰ কৰিব নালাগে চৰকাৰে । চৰকাৰে দমন নীতি প্ৰয়োগ নকৰি সাধাৰণ ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে । মূল্যবৃদ্ধি ৰোধ কৰক । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চলাহী কথাৰে মূল্যবৃদ্ধিৰ পৰা ফালৰি কাটে ৷

প্ৰতিবাদকাৰীসকলে লগতে কয় যে চৰকাৰৰ দায়িত্ব আছিল বজাৰ নিয়ন্ত্ৰণ কৰা সামগ্ৰীৰ দৰ নিয়ন্ত্ৰণ কৰা কিন্তু তাকে নকৰি তুলুঙা মন্তব্য কৰি আছে । চৰকাৰে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক বুলি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:Price hike in Assam: মূল্যবৃদ্ধিৰ মাধমাৰ, দুঃস্বপ্নলৈ পৰিণত পাকঘৰৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.