ETV Bharat / state

Price hike in Assam: মূল্যবৃদ্ধিৰ মাধমাৰ, দুঃস্বপ্নলৈ পৰিণত পাকঘৰৰ বজাৰ

author img

By

Published : Jul 3, 2023, 4:37 PM IST

এতিয়া ৰাইজৰ বাবে পাকঘৰৰ বজাৰ যেন এক দুঃস্বপ্নলৈ পৰিণত হৈছে ৷ শাক-পাচলিৰ দৰে চেঞ্চুৰী মৰাৰ পিচে পিচে এইবাৰ বৃদ্ধি হৈছে চাউলৰ লগতে ধানৰ পৰা উৎপাদিতহোৱা সামগ্ৰীৰ মূল্য ৷ 25 টকাৰ চাউলৰ মূল্যবৃদ্ধি হৈ প্ৰতিকিলোত 40 কিলো টকা পৰ্যন্ত হৈছেগৈ ৷

Rice price hike in Sivasagar
দুঃস্বপ্নলৈ পৰিণত পাকঘৰৰ বজাৰ

দুঃস্বপ্নলৈ পৰিণত পাকঘৰৰ বজাৰ

শিৱসাগৰ, 3 জুলাই: ৰাজ্যৰ বজাৰত চেঞ্চুৰীৰ দৰ চুইছে শাক-পাচলিৰ মূল্যই ৷ হাতত এমুঠি টকা লৈ গ’লেও আধাও নভৰে গ্ৰাহকৰ বজাৰৰ মোনা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত প্ৰায় কোঙা হৈ পৰিছে গ্ৰাহক ৷ শাক-পাচলি খাবনে পইচা? ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বজাৰতো জুই লাগিছে ৷

এফালে চৰকাৰে আঁচনিৰ পাচত আঁচনিৰ সৃষ্টি কৰি হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে আনফালে সাধাৰণ ৰাইজক ব্যাপক মূল্যবৃদ্ধিৰ মাজত ককবকাবলৈ এৰি দিছে ৷ দেউলীয়া চৰকাৰে হিতাধিকাৰী চলাবলৈ ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যৰ ঋণৰ বোজাৰ পৰিমাণ বৃদ্ধি কৰিছে আৰু দৈনিক বজাৰত জুই লগাইছে ৷ শিৱসাগৰৰ বজাৰত কেৱল শাক-পাচলিয়েই নহয় চাউলৰ মূল্য ভয়ংকৰ গতিত বৃদ্ধি হৈছে ৷ এতিয়া বিভিন্ন প্ৰকাৰৰ চাউলৰ মূল্য কিলোৱে প্ৰতি বৃদ্ধি হৈছে 15 টকাৰ পৰা 20 টকালৈ ৷ লগতে দাম বাঢ়িছে চিৰা, মুঢ়ি আদি ধানৰ সামগ্ৰীৰ ৷ 25 টকাৰ চাউলৰ মূল্যবৃদ্ধি হৈ প্ৰতিকিলোত 40 কিলো টকা পৰ্যন্ত হৈছেগৈ ৷

শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ আজি দিনৰ পাচলিৰ দৰ শুনিলে মানুহ মুৰ্চা যাব ৷ কেপচিকামৰ কেজি 230 টকা, তিতা কেৰেলা 100 টকা, লেছেৰা 100 টকা, বিলাহী 100 টকা, গাজৰ 110 টকা, ফ্ৰেঞ্চবিন 140 টকা, ভাত কেৰেলা 100 টকা, ভেন্দি 100 টকা, বিট 160 টকা, বেঙেনা 80 টকা, জিকা 80 টকা, ধুন্দুলী 80 টকা, ভোল 80 টকা, স্কোৱাছ 80 টকা ৷ বাজাৰত এনে দৰে শুনি ৰাইজে এতিয়া মূৰে কঁপালে হাত দিব লগা হৈছে ৷

ইফালে বিক্ৰেতা সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এনেধৰণে মূল্যবৃদ্ধিৰ ফলত দোকানত গ্ৰাহকৰ সংখ্যা কমিছে ৷ ফলত বিক্ৰীৰ পৰিমাণ কমিছে ৷ এনেদৰে বিক্ৰী কৰিলে তেওঁলোকৰ পৰিয়াল চলোৱাত যথেষ্ট অসুবিধা হৈছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Vegetable price hike: মহঙা হ’ল শাক-পাচলি; 100 টকাৰ তলত বজাৰত একোৱেই নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.