ETV Bharat / state

ASTC Bus Auction : পৰিবহণ নিগমৰ বাছ নিলামৰ দুৰ্নীতিৰ তদন্তৰ দাবী আপৰ

author img

By

Published : Feb 25, 2023, 9:31 PM IST

অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পদ লুণ্ঠনত নামি পৰিছে চৰকাৰ তথা একাংশ আমোলা । অসম ৰাজ্যিক পৰিবহণ বিভাগে অনিয়মৰ আশ্ৰয় লৈ পৰিবহণ নিগমৰ বাছ বিক্ৰী কৰি আছে (AAP alleged scam in ASTC bus auction) । এই অভিযোগ আম আদমী পাৰ্টী অসমৰ যুটীয়া সমন্বয়ক জিতুল ডেকাৰ ।

AAP
AAP

পৰিবহণ নিগমৰ দুৰ্নীতি সন্দৰ্ভত আপৰ সংবাদমেল

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : অসম ৰাজ্যিক পৰিবহণ বিভাগে নিলামৰ জৰিয়তে পৰিবহণ নিগমৰ শ শ বাছ বিক্ৰী কৰাৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে আম আদমী পাৰ্টীয়ে (AAP demanded inquiry of ASTC bus auction) । শনিবাৰে গুৱাহাটীৰ গণেশগুৰিত থকা আপৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এই দাবী জনাই অভিযোগ কৰে যে অসম ৰাজ্যিক পৰিবহণ বিভাগে অনিয়মৰ আশ্ৰয় লৈ পৰিবহণ নিগমৰ বাছ বিক্ৰী কৰি আছে (AAP alleged scam in ASTC bus auction) । ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ লুকাই আছে ।

তেওঁ কয় যে পৰিবহণ নিগমৰ ৰঙা বাছৰ সৈতে অসমৰ ৰাইজৰ আবেগ জড়িত হৈ আছে (Assam State Transport Corporation) । কিন্তু চৰকাৰৰ অদূৰদৰ্শিতা, দুৰ্নীতি আৰু সঠিক পৰিকল্পনাৰ অভাৱত অসম ৰাজ্যিক পৰিবহণ নিগম এতিয়া ধ্বংসমুখী । এই নিগমটোক উজ্জীৱিতকৰণৰ শ্লোগান চৰকাৰে দিয়া দেখা যায় (Aam Admi Party Assam) । কিন্তু কার্যক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পদ লুণ্ঠনতহে নামি পৰিছে চৰকাৰ তথা একাংশ আমোলা । তেওঁ কয় যে অসম ৰাজ্যিক পৰিবহণ নিগম এতিয়া বাছ চলোৱা নিগম হৈ থকা নাই, বাছ বিক্ৰী কৰা নিগমত হে পৰিণত হৈছে । লোকচানত চলা এই নিগমটোৰ মাটি-সম্পত্তি ৰাজ্যজুৰি কোনে কিদৰে দখল কৰি এফালৰ পৰা এই নিগমটোক গ্ৰাস কৰি আহিছে সেয়া সুকীয়া প্রসঙ্গ ।

কিন্তু বাছ বিক্ৰী কৰি অসম ৰাজ্যিক পৰিবহণ নিগমে অভিলেখ ৰচিছে ৷ ২০১৭-১৮-ৰ পৰা ২০২২-২৩-লৈ পৰিবহণ নিগমে মুঠ ৬৬৬ খন বাছ স্ক্রেপ হিচাপে নিলাম কৰিছে ৷ ২০১৭-১৮-ত ৩১খন, ২০১৮-১৯-ত ২০৯খন, ২০১৯-২০-ত ১০৮ খন, ২০২১-২২-ত ২০৫ খন আৰু ২০২২-২৩-ত ১১৩ খন বাছ নিলাম কৰিছে ৷ এই বাছ নিলাম কৰি ASTC-য়ে লাভ কৰিছে মুঠ ৯ কোটি ২১ লাখ টকা ৷ আনহাতে, ২০১৭-১৮-ত ৪৮.৮৮ লাখ, ২০১৮-১৯-ত ২৬৪.৮ লাখ, ২০১৯-২০-ত ১৩৫.১ লাখ, ২০২১-২২-ত ২৪৩.৫৯ লাখ, ২০২২-২৩-ত ২২৯.২৯ লাখ টকা, মুঠ ৯ কোটি ২১ লাখ ৬৬ হাজাৰ টকা সংগ্ৰহ কৰিছে ৷

আশ্চর্যৰ বিষয় এই যে যিসময়ত কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রালয়ে চৰকাৰী বিভাগ, নিগমৰ ১৫ বছৰ পুৰণি গাড়ী স্ক্রেপ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে, সেই সময়ত ASTC-য়ে স্ক্রেপ হিচাপে নিলাম কৰা বেছিভাগ বাছৰ বয়স নিলাম কৰা দিনটোলৈ ১০ বছৰৰ তলৰ ৷ অর্থাৎ এই নিগমটোৱে বাছ এখন নিয়াৰিকৈ ১০ বছৰো চলাব নোৱাৰে । তাতোকৈ ডাঙৰ কথা, ASTC-ৰ বৰ্তমান অচল, অকামিলা হৈ পৰা বাছৰ সংখ্যা ১৮৪ খন ৷ ইয়াৰ ভিতৰত ৫/৬ বছৰ পুৰণি বাছো বিকল হৈ আছে । যি বাছসমূহ হয়চো সামান্য মেৰামতি কৰিলেই ৰাজপথত চলাৰ বাবে উপযুক্ত হ'ব ৷ এইদৰে পেলাই ৰখা বাছসমূহ ASTC-য়ে হয়তো দুই–এবছৰতে স্ক্রেপ হিচাপে নিলাম কৰিব ৷

২০১৬-১৭ বৰ্ষত ASTC-য়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে ৫৪খন, ২০১৭-১৮ বৰ্ষত ১৯ খন, ২০১৯-২০ বৰ্ষত ১৫ খন, ASTC-ৰ নিজা পুঁজিৰে ২০১৮-১৯ বর্ষত ৬৯খন, ২০২০-২১ বৰ্ষত ৪০খন, ২০২১-২২ বৰ্ষত ১৪ খন বাছ ক্ৰয় কৰিছিল ৷ পৰিবহণ নিগমে ৫ বছৰত যদি ৬৬৬ খন বাছ নিলাম কৰে তেনেহ'লে এই নিগমটোৰ বাছ চলোৱাৰ যোগ্যতা নাই বুলি তেওঁ মন্তব্য কৰে । জিতুল ডেকাই কয় যে ১৫ বছৰ নোহোৱাকৈ চৰকাৰী নিগম এটাৰ বাছসমূহ বিকল হোৱা, এই বিকল বাছসমূহ স্ক্ৰেপ কৰি নিলাম কৰাৰ আঁৰত বৃহৎ কেলেংকাৰী আছে । এই কেলেংকাৰীৰ এক উচ্চ পর্যায়ৰ ন্যায়িক তদন্তৰ দাবী কৰিছে আপ, অসমে ৷

ইয়াৰ বিপৰীতে বাছ বিক্ৰী কৰি তৎ নোপোৱা ASTC-ৰ লোকচানৰ পৰিমাণ দিনক দিনে বাঢ়ি গৈ আছে । ২০১৬-১৭ বৰ্ষত অর্থাৎ ৰাজ্যত প্ৰথমবাৰলৈ বিজেপি চৰকাৰ আহোঁতে ASTC-ৰ লোকচানৰ পৰিমাণ আছিল ৭৭.৮৬ কোটি টকা আৰু ২০২১-২২ বৰ্ষত ASTC-ৰ লোকচানৰ পৰিমাণ হয়গৈ ৮২.৬৩ কোটি টকা ৷ সংবাদমেলত আপৰ যুটীয়া সমন্বয়ক কমল কুমাৰ মেধি আৰু যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে ।

লগতে পঢ়ক :Scam in Majuli Panchayat: মাজুলীৰ পঞ্চায়তত পৰ্বতসম কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.