ETV Bharat / state

Scam in Majuli Panchayat: মাজুলীৰ পঞ্চায়তত পৰ্বতসম কেলেংকাৰী

author img

By

Published : Feb 25, 2023, 3:32 PM IST

মাজুলীত PMAY আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি(Corruption allegations in making of PM Awas Yojana) । পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । দৰিদ্ৰ লোকক বঞ্চিত কৰি পঞ্চায়ত সভাপতিয়ে তালিকাত প্ৰথমে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ মাজুলীৰ ৰাইজৰ ।

Corruption allegations in making of PM Awas Yojana
মাজুলীৰ পঞ্চায়তত পৰ্বতসম কেলেংকাৰী

মাজুলীৰ পঞ্চায়তত পৰ্বতসম কেলেংকাৰী

মাজুলী,২৫ ফ্ৰেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ ৰাইজলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ আবাসগৃহ নিৰ্মাণত কোনো ধৰণৰ দুৰ্নীতি অনিয়ম সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এই নিৰ্দেশক যেন কেৰেপেই নকৰে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে । তাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আবাসগৃহ নিৰ্মাণত আউল লগাইছে একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি আৰু ঠিকাদাৰে (Corruption allegations in making of PM Awas Yojana) ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণৰ নামত পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে বিয়াগোম বিয়াগোম কেলেংকাৰী(PMAY scam in Majuli) । এইবাৰ মাজুলীৰ এখন পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ । মাজুলীৰ খণ্ড উন্নয়নত কালিমা সানিলে এগৰাকী পঞ্চায়ত সভাপতিয়ে । মাজুলীৰ পকাজৰা পঞ্চায়তত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । দৰিদ্ৰ লোকক বঞ্চিত কৰি প্ৰথমে পঞ্চায়ত সভাপতিয়ে ল‘লে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ (PM Awas Yojana in Majuli) ।

পকাজৰা পঞ্চায়তৰ সভাপতি অনন্ত ঙাটৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ(Corruption allegations against Panchayat President) । এইগৰাকী পঞ্চায়ত সভাপতিয়ে দৰিদ্ৰ লোকৰ বাবে অহা ঘৰ কাটি নিজৰ নামত ঘৰটো উঠাই লোৱাৰ অভিযোগ উঠিছে । পকাজৰা পঞ্চায়তৰ সভাপতি অনন্ত ঙাটে হৈছে PMAY ৰ হিতাধিকাৰী । দৰিদ্ৰ হিতাধিকাৰীৰ তালিকাত নিজৰ নাম ভৰাই ল'লে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি অনন্ত ঙাটে ।

এই ভয়ংকৰ তথ্য উন্মোচন হোৱাৰ পাছত মাজুলীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । PMAY ৰ পৰা বঞ্চিত হোৱা দৰিদ্ৰ লোকে উজাৰিছে সভাপতি অনন্ত ঙাটেৰ বিৰুদ্ধে ক্ষোভ । সভাপতিগৰাকীয়ে ঘোচ লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে দৰিদ্ৰ জনতাই । বঞ্চিত হিতাধিকাৰীসকলে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ লোকসকলৰ বাবে যথেষ্ট কৰিছে ।

তেওঁলোকে দুখীয়া ৰাইজৰ বাবে বিভিন্ন আঁচনিৰ ৰূপায়ণ কৰিছে কিন্তু মাজত সোমাই এচামে দুখীয়া লোকসকলৰ বাবে অহা আঁচনি নিজৰ নামত কৰি লৈছে যাৰ বাবে চৰকাৰখনৰ বদনাম হৈছে বুলি মন্তব্য কৰে । ইফালে মাজুলীৰ খণ্ড উন্নয়ন বিভাগে সমগ্ৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত টুলুঙা মন্তব্য সংবাদ মাধ্যমক পঞ্চায়ত সভাপতি অনন্ত ঙাটেৰ ।

লগতে পঢ়ক: Army officer detained from Tezpur: হত্যাৰ গোচৰত ভাৰতীয় সেনাৰ মিছন চাৰিআলিৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.