ETV Bharat / international

আকৌ বিমান দুৰ্ঘটনা; মেৰুদণ্ডত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ২২ যাত্ৰী - Turbulence Hit SIA Flight

author img

By ANI

Published : May 24, 2024, 12:49 PM IST

Turbulence Hit SIA Flight : শেহতীয়াকৈ ছিংগাপুৰ এয়াৰলাইনছৰ এখন বিমানত উৰণৰ সময়তে হোৱা তীব্ৰ জোকাৰণিৰ ফলত বহু লোক আঘাতপ্ৰাপ্ত হৈছিল । তাৰ ভিতৰত ২০ জনৰো অধিক যাত্ৰী মেৰুদণ্ডৰ সমস্যাৰে চামিটিভেজ শ্ৰীনাকাৰিন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ৬ গৰাকী যাত্ৰীয়ে মগজুত আঘাত পাইছিল ।

Turbulence Hit SIA Flight
ছিংগাপুৰ বিমান দুৰ্ঘটনা; মেৰুদণ্ডত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ২২ যাত্ৰী (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ মে' : ছিংগাপুৰ এয়াৰলাইছৰ এখন বিমানত বৃহৎ জোকাৰণিৰ ফলত বহু যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে । তাৰ ভিতৰত ২০ জনৰো অধিক যাত্ৰীয়ে মেৰুদণ্ডত আঘাত পাইছে । বেংককত বিমানখনৰ জৰুৰী অৱতৰণৰ পিচতে সকলো তথ্য পোহৰলৈ আহিছে ।

জানিব পৰা মতে লণ্ডনৰ পৰা যাত্ৰা কৰি থকা বিমানখনত ২১১ গৰাকী যাত্ৰী আৰু ১৮ ক্ৰু আছিল । উৰণৰ সময়তে বিমানখনত হঠাৎ ভয়ংকৰ জোকাৰণি হৈছিল । যাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছিল । জোকাৰণিৰ ফলত বিমানৰ ভিতৰত যাত্ৰীসকল ইফালে সিফালে বাগৰি পৰিছিল ।

বেংককৰ এখন চিকিৎসালয়ৰ তথ্য অনুসৰি, বিমানখনৰ যাত্ৰীসকলক হাস্পতালখনত ভৰ্তি কৰোৱা হৈছে । যাত্ৰীসকলৰ বেছিভাগে মেৰুদণ্ডত আঘাত পাইছে । ২০ জনৰো অধিক যাত্ৰী মেৰুদণ্ডৰ সমস্যাৰে হাস্পতালখনত ভৰ্তি হৈছে । ৬ গৰাকী যাত্ৰী মগজুত আঘাত পাইছে, পেশীজনিত আৰু আন আন সমস্যাৰে ১৩ গৰাকী যাত্ৰীকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে । চিকিৎসকৰ মতে ১৭ গৰাকী যাত্ৰীৰ অস্ত্ৰোপচাৰ কৰা হৈছে ।

লণ্ডনৰ পৰা ছিংগাপুৰলৈ যাত্ৰা কৰি থকা বিমান এছকিউ৩২১ মঙলবাৰে ৩৭,০০০ ফুট উচ্চতাত আছিল । সেই সময়তে হঠাতে বিমানখন কেইবাশ ফুট তললৈ নামি আহে । বিমানখন প্ৰায় এক মিনিটৰ বাবে নিয়ন্ত্ৰণহীন হৈ পৰিছিল । ঘটনাটোৰ সময়ত বহুতো যাত্ৰীয়ে পুৱাৰ আহাৰ গ্ৰহণ কৰি আছিল ।

বেংককত জৰুৰী অৱতৰণৰ পিচত বিমানখনৰ ভিতৰৰ ভিডিঅ' আৰু ছবিবোৰৰ দ্বাৰা সেই সময়ত হোৱা ক্ষতিৰ অনুমান কৰিব পৰা গৈছে । তীব্ৰ জোকাৰণিৰ সময়ত বিমানৰ কম্পাৰ্টমেণ্টবোৰ খুলি গৈছিল আৰু জৰুৰীকালীন অক্সিজেন এয়াৰ মাস্কবোৰ আসনৰ ওপৰেৰে ওলমি আছিল । ইফালে বেংককত জৰুৰী অৱতৰণ কৰাৰ পূৰ্বে এম্বুলেন্স আৰু জৰুৰীকালীন সেৱা সাজু হৈ আছিল ।

ইফালে চিকিৎসালয়ত ভৰ্তি হোৱা বিমানখনৰ আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, মালয়েছিয়া, আমেৰিকা, ইউকে, নিউজীলেণ্ড, স্পেইন আৰু আয়াৰলেণ্ডৰ লোক । এক প্ৰতিবেদন অনুসৰি, বিমানখনত আঘাতপ্ৰাপ্ত হোৱা মুঠ ৭১ গৰাকী যাত্ৰীৰ ভিতৰত ৫৫ জন চিকিৎসালয়ত আছে, যাৰ ভিতৰত ৪০ গৰাকী চামিটিভেজ শ্ৰীনাকাৰিন চিকিৎসালয়ত আছে ।

উল্লেখ্য যে ৭৩ বছৰীয়া এগৰাকী যাত্ৰীৰ বিমানখনৰ জোকাৰণিৰ সময়তে মৃত্যু হৈছিল । হৃদৰোগত আক্ৰান্ত আছিল লোকজন । অৱশ্যে হাস্পতাল কৰ্তৃপক্ষই তেওঁৰ মৃত্যুৰ কাৰণ স্পষ্ট কৰা নাই ।

লগতে পঢ়ক :বিমানতে মৃত্যু যাত্ৰীৰ; আহত কেবাজনো: প্ৰকৃততে ঘটিছিল কি? - Singapore Airlines Flight
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.