ETV Bharat / politics

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ সন্দেহ অসম জাতীয় পৰিষদৰ... আয়োগক স্থিতি স্পষ্টৰ আহ্বান - Executive Meeting Of AJP

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 1:09 PM IST

AJP on Price Hike : দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্ধিত মূল্যই বিপাঙত পেলাইছে সৰ্বসাধাৰণ ৰাইজক ৷ ইয়াৰ বাবে অচিৰে অসম জাতীয় পৰিষদে আৰম্ভ কৰিব প্ৰতিবাদী কাৰ্যসূচী ৷ ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ এই সভাতে নিৰ্বাচনী আয়োগৰ নিৰপেক্ষতাৰ সন্দৰ্ভতো বহু বিস্ফোৰক তথ্য সদৰী কৰে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

Lok Sabha Election 2024
অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা (Source : Etv Bharat Assam)

মৰাণ, 24 মে’: ৰাজ্যত লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাচতে সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় সমীকৰণ উলিওৱাত ব্যস্ত হৈছে ৷ কোন দলে কিমান আসন পাব, কোন সমষ্টিত কোন দলৰ ভোট বৃদ্ধি পাইছে, তেনেবোৰ বিষয়ৰ আলোচনাত ব্যস্ত সকলো ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে ডিব্ৰুগড়ত দিনযোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে হোটেল ডি প্ৰিমলেণ্ডত অনুষ্ঠিত হৈ যায় অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভা ৷

উল্লেখ্য যে, বিৰোধী ঐক্যমঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিৰোধিতাৰে ভোটযুদ্ধত অৱতীৰ্ণ হৈছিল লুৰীণজ্যোতি গগৈ ৷ প্ৰথমবাৰৰ বাবে লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলটোৱে নিৰ্বাচনৰ পাছতে অনুষ্ঠিত কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা (Source : Etv Bharat Assam)

সভাত দলটোৰ ৰাজনৈতিক কৰ্মপন্থাৰ বিষয়ে আলোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনৰ সকলো দিশ আলোচনা কৰা বুলি জানিব পৰা গৈছে । সভাৰ শেষত দলটোৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ আশ্বস্ত নহয় অসম জাতীয় পৰিষদ । শেহতীয়াকৈ নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা তথ্যই সন্দেহৰ সৃষ্টি কৰা বুলি স্পষ্টকৈ প্ৰকাশ কৰিলে অজাপৰ সভাপতি গগৈয়ে ।

লগতে পঢ়ক: ষ্ট্ৰং ৰূমৰ নিৰাপত্তা সন্দৰ্ভত নিশা দেৰিলৈকে সোধ-পোছ গৃহ বিভাগৰ মুখ্য সচিবৰ - LOK SABHA ELECTION 2024

ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে নিৰ্বাচন আয়োগৰ কাম-কাজে সন্দেহৰ উদ্ৰেক ঘটাইছে ৷ আয়োগে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা দহটা দিনৰ পিছতহে ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা তথ্যত অসম জাতীয় পৰিষদে উদ্বিগ্নতা প্ৰকাশ কৰে ৷

গগৈয়ে কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিতো ৪২ শতাংশ ভোট বৃদ্ধিৰ কথা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । যি বিষয়ত হস্তক্ষেপ কৰিছে উচ্চতম ন্যায়ালয়ে । এই বিষয়টোত স্পষ্টীকৰণ দিব লাগে দেশৰ নিৰ্বাচন আয়োগে ।

লগতে পঢ়ক: অভিযোগ অনেক; পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন - Officer Arpana Sharma Suspended

নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম-কাজ আৰম্ভ কৰিছে । আনকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ সময়ত নিৰ্বাচন আয়োগে অযথা হস্তক্ষেপ কৰা আমি দেখিবলৈ পাইছো বুলিও লুৰীণজ্যোতি গগৈয়ে সদৰী কৰে । গতিকে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা সন্দৰ্ভত সৃষ্টি হোৱা সন্দেহৰ বিষয়টোত স্থিতি স্পষ্ট কৰা উচিত আয়োগে ।

তদুপৰি উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত শক্তিশালী ভূমিকা লোৱা উচিত । সাধাৰণতে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত আয়োগে ভোটদানৰ হাৰ প্ৰকাশ কৰিব লাগে । কিন্তু তাকে নকৰি নিৰ্বাচন আয়োগে ১১ টা দিনৰ পিছত ভোটদানৰ হাৰ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: ধন দাবীৰ অভিযোগত প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল - FIR Against Luit Kumar Barman

আনহাতে, এই কাৰ্যনিবাহক সভাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়ে গুৰুত্ব সহকাৰে আলোচনা কৰাৰ কথা উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচন চলি থকাৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে । খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰিছে ৷ অত্যাধিক হাৰত বৃদ্ধি হোৱা মূল্যৰ বিৰোধিতাৰে ২৯ মে'ত গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম জাতীয় পৰিষদে ৷

আনহাতে, দুলীয়াজানত অৱস্থিত অইলৰ ক্ষেত্ৰীয় কাৰ্যালয় স্থানান্তৰিত কৰিবলৈ বিচৰা কাৰ্যতো ক্ষোভ প্ৰকাশ কৰি গগৈয়ে কয় যেডিব্ৰুগড়ৰ গৌৰৱ অইল ইণ্ডিয়া লিমিটেডৰ সম্পূৰ্ণ ক্ষমতা দিল্লীলৈ হস্তান্তৰ কৰিব বিচৰা হৈছে । আৱাসিক মুখ্য কাৰ্যালয়টো দিল্লীলৈ স্থানান্তৰ কৰি অইলৰ দুলীয়াজান কাৰ্যালয়টোক ক্ষমতাহীন কৰিব বিচৰা হৈছে । অইল ইণ্ডিয়াৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ'ব ৷

বৃহস্পতিবাৰৰ এই কাৰ্যনিবাহক সভাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি অনুপ ফুকনকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: বহু দাবী-অভিযোগ লৈ নিৰ্বাচন আয়োগৰ কাষলৈ ইণ্ডি এলায়েন্স - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.