ETV Bharat / state

জ্য়েষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাই যোগদান কৰিব কংগ্ৰেছত

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:59 PM IST

uday shankar hazarika join Congress
জ্য়েষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাই যোগদান কৰিব কংগ্ৰেছত

কংগ্ৰেছৰ প্ৰতি মন মেলিছে ৰাজ্যৰ তিনি জ্যেষ্ঠ বিজেপি নেতাই ৷ ইয়াৰে এগৰাকীয়ে বুধবাৰে কংগ্ৰেছত যোগদান কৰিব বুলি জনাইছে ভূপেন বৰাই ৷ আন দুগৰাকী জ্যেষ্ঠ বিজেপি নেতা তথা দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে সঘন কথা-বতৰা পাতি আছে কংগ্ৰেছ নেতৃত্বৰ সৈতে ৷

নিউজ ডেস্ক, 19 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগেলগে ৰাজ্যৰ ৰাজনীতিত দেখা গৈছে ব্যাপক পৰিৱৰ্তন ৷ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এক মন্তব্যই মৃদু জোঁকাৰণিৰ সৃষ্টি কৰিলে ৰাজ্যৰ ৰাজনীতিত ৷

বিজেপি দলৰ প্ৰতি মোহভংগ হৈ বুধবাৰে কংগ্ৰেছত যোগদান কৰিব এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই ৷ বিজেপিৰ বেয়া দিনত তথা 1998, 1999 আৰু 2004 চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিজেপি নেতাগৰাকীয়ে বুধবাৰে যোগদান কৰিব কংগ্ৰেছ দলত ৷

লখিমপুৰৰ বিজেপি নেতাগৰাকীয়ে বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এক অনুষ্ঠানত কংগ্ৰেছ দলত যোগদান কৰিব বুলি ভূপেন বৰাই ধুবুৰীৰ এখন সভাত মন্তব্য কৰে৷ ইয়াৰ পিছতে সৃষ্টি হয় বিজেপিৰ আভ্যন্তৰত তীব্ৰ জোঁকাৰণিৰ ৷ কোন এই জ্যেষ্ঠ বিজেপি নেতা, তাকে লৈ বাজপেয়ী ভৱনত গুণগুণনি আৰম্ভ হয় ৷ প্ৰাপ্ত খবৰ মতে

লখিমপুৰত বিজেপি দলক প্ৰতিষ্ঠা কৰাত অন্যতম অৰিহণা যোগোৱা জ্যেষ্ঠ নেতা উদয় শংকৰ হাজৰিকাই বুধবাৰে কংগ্ৰেছত যোগদান কৰিব ৷

ইফালে হয়তো খুব সোনকালে আন এক বৃহৎ জোঁকাৰণিৰ সৃষ্টি হ’ব পাৰে অসমৰ ৰাজনৈতিক জগতত ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আন দুই জ্যেষ্ঠ বিজেপি নেতাই চিন্তা-চৰ্চা কৰি আছে কংগ্ৰেছত যোগদানৰ বাবে ৷ দুয়োগৰাকী নেতা বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ওপৰত বিভিন্ন কাৰণত ক্ষুব্ধ হৈ আছে ৷ শেহতীয়াকৈ দুয়োজন জ্যেষ্ঠ নেতাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে ৷ মন কৰিবলগীয়া যে এই দুয়োজন নেতাই হৈছে বিজেপিৰ প্ৰাক্তন সভাপতি ৷ এসময়ত প্ৰৱল ক্ষমতাধৰ এই দুয়োজন প্ৰাক্তন সভাপতিয়েই সম্প্ৰতি গেৰুৱা দলটোত একপ্ৰকাৰ এলাগী হৈ পৰিছে ৷ সেয়েহে নিজৰ আত্মসন্মান আৰু মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থতে সন্মান সহকাৰে দুয়োৱে কংগ্ৰেছত যোগদানৰ বাবে চিন্তা-চৰ্চা কৰিছে ৷ অৱশ্যে দুই-এটা স্বৰ্ত সাপেক্ষেহে এই দুই শীৰ্ষ নেতাই ৰাজীৱ ভৱনৰ চোতাল গৰকাৰ সম্ভাৱনা আছে ৷

প্ৰাপ্ত খবৰ অনুসৰি কংগ্ৰেছলৈ মন মেলা ইয়াৰে এগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ চৰ্ত ৰাখিছে ৷ অনুৰূপভাৱে দ্বিতীয়গৰাকীয়ে বিচাৰিছে গুৱাহাটী লোকসভাৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰতিশ্ৰুতি ৷ অৱশ্যে এই পৰ্যন্ত কংগ্ৰেছ নেতৃত্বই ইয়াৰে এটা চৰ্তও মানি ল’ব খোজা নাই ৷ কিন্তু ৰাজনীতি হৈছে এনে এটা বিষয় য’ত নিশাটোৰ ভিতৰতে সলনি হৈ পৰে দৃশ্যপট ৷ গতিকে অনাগত কেইটামান দিনত যদি বিজেপিৰ এই দুগৰাকী প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে কংগ্ৰেছত যোগদান কৰে, তেন্তে তাত হয়তো বিশেষ আচৰিত হ’বলগীয়া একো নাথাকিব ৷

লগতে পঢ়ক: সমষ্টি উল্লেখ নকৰাকৈ সাংসদ আব্দুল খালেকে জমা দিলে আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.