ETV Bharat / state

সমষ্টি উল্লেখ নকৰাকৈ সাংসদ আব্দুল খালেকে জমা দিলে আবেদন

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 9:01 PM IST

application form Congress Assam
লোকসভা নিৰ্বাচন আবেদন কংগ্ৰেছ

লোকসভা নিৰ্বাচনৰ বাবে আবেদন জমা দিয়াৰ সময়সীমা বৃদ্ধি কৰিলে কংগ্ৰেছে । ২২ ডিচেম্বৰলৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কৰিব পাৰিব আবেদন । নগাঁৱৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়ক ৰকিবুল হুছেইনে কৰিলে আবেদন । আবেদন এতিয়াও জমা দিয়া নাই সাংসদ গৌৰৱ গগৈয়ে ।

গুৱাহাটী, ১৯ ডিচেম্বৰ: উদুলি-মুদুলি গুৱাহাটীৰ ৰাজীৱ ভৱন । সমৰ্থকক লৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অগমন ঘটিছে ৰাজীৱ ভৱনত । টিকট পাবনে নাই তাৰ নিশ্চয়তা নাই যদিও প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে অফুৰন্ত আগ্ৰহেৰে দাখিল কৰিছে আবেদন পত্ৰ । লগত জমা দিছে ধাৰ্য কৰা এক লাখ টকাৰ ডিমাণ্ড ড্ৰাফট । উল্লেখ্য যে ১৪ টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ১১ ডিচেম্বৰৰ পৰা ৰাজীৱ ভৱনত ভিৰ কৰা পৰিলক্ষিত হৈছে । বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত অসমত ১৫ টাকৈ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে যদিও আসন বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই । তেনেস্থলত কংগ্ৰেছ দলে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

application form Congress Assam
লোকসভা নিৰ্বাচনৰ বাবে আবেদন জমা দিয়াৰ সময়সীমা বৃদ্ধি কৰিলে কংগ্ৰেছে

কিন্তু তৎস্বতেও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ব্যাপক উৎসাহ আৰু আগ্ৰহেৰে নিজ নিজ সমষ্টি নিৰ্ধাৰণ কৰি এক লাখ টকাৰ ডিমাণ্ড ড্ৰাফটসহ জমা দিছে আবেদন পত্ৰ । আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন ১৯ ডিচেম্বৰ আছিল যদিও এই সময়সীমা বৃদ্ধি কৰা হৈছে । এই সন্দৰ্ভত আজি প্ৰদেশ কংগ্ৰেছে এক বিবৃতি জাৰি কৰে । সেই অনুসৰি আবেদন পত্র জমা দিয়াৰ তাৰিখ ২২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে ।

বিবৃতিযোগে জনোৱা অনুসৰি সদনৰ শীতকালীন অধিৱেশন চলি থকাৰ পৰিপ্ৰেক্ষিতত সাংসদসকল নতুন দিল্লীত ব্যস্ত থকা বাবে মনোনয়ন পত্ৰৰ আবেদন জমা দিয়াৰ সময় ২২ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে । ইফালে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে ৰাজীৱ ভৱনত আজিলৈকে ৭১গৰাকী প্ৰার্থীয়ে আবেদন পত্ৰ জমা দিছে ।

application form Congress Assam
এই পৰ্যন্ত আবেদন জমা দিয়া লোকৰ তালিকা

আজিৰ দিনটোত ২৫ গৰাকী প্ৰার্থীয়ে নতুনকৈ দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনায় । এতিয়ালৈকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে দুগৰাকীয়ে, ধুবুৰীৰ লোকসভা সমষ্টিৰ বাবে ১১ গৰাকীয়ে, বৰপেটা লোকসভা সমষ্টিৰ বাবে ৬ গৰাকীয়ে, দৰং-ওদালগুৰিৰ বাবে ৫ গৰাকীয়ে, গুৱাহাটীৰ বাবে ৪ গৰাকীয়ে, ডিফু লোকসভা সমষ্টিৰ বাবে ৪ গৰাকীয়ে, কৰিমগঞ্জৰ বাবে ১০ গৰাকীয়ে, শিলচৰৰ বাবে ৬ গৰাকীয়ে, নগাঁও লোকসভা সমষ্টিৰ বাবে ৩ গৰাকীয়ে, কাজিৰঙাৰ বাবে ২ গৰাকীয়ে, শোণিতপুৰৰ বাবে ৬ গৰাকীয়ে, লখিমপুৰৰ বাবে ৪ গৰাকীয়ে, ডিব্ৰুগড়ৰ বাবে ৩ গৰাকীয়ে, যোৰহাট লোকসভা সমষ্টিৰ বাবে ৪ গৰাকীয়ে আৰু এগৰাকী প্ৰাৰ্থীয়ে সমষ্টিৰ নাম উল্লেখ নকৰাকৈ নিজৰ আবেদন জমা দিছে ।

application form Congress Assam
এই পৰ্যন্ত আবেদন জমা দিয়া লোকৰ তালিকা

লক্ষ্যণীয় বিষয় যে বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ আবেদন পত্ৰ আজি দাখিল কৰা হয় যদিও সমষ্টিৰ নাম উল্লেখ কৰা হোৱা নাই । ইফালে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ বাবেই আবেদন পত্ৰ জমা দিছে যদিও লগতে সমষ্টিটোৰ বাবে আবেদন পত্ৰ জমা দিছে কংগ্ৰেছৰ আন এগৰাকী প্ৰভাৱশালী নেতাই ।

বিধায়ক ৰকিবুল হুছেইনেও নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে । নগাঁৱৰ বাবে এতিয়ালৈকে তিনিজনে আবেদন পত্ৰ জমা দিছে । আনহাতে কংগ্ৰেছৰ আন এগৰাকী প্ৰভাৱশালী সাংসদ গৌৰৱ গগৈয়ে এতিয়ালৈকে আবেদন পত্ৰ জমা দিয়া নাই ।

উল্লেখ্য যে এতিয়ালৈকে দাখিল কৰা আবেদন পত্ৰৰ ভিতৰত ধুবুৰী সমষ্টিৰ বাবে সৰ্বাধিক ১১ গৰাকীয়ে আবেদন কৰিছে । সমষ্টিটোৰ বাবে আবু তাহেৰ আলী বেপাৰী, ৱাজেদ আলি চৌধুৰী, আব্দুল হামিদ, অমৃত বাদশ্বাহ, আব্দুৰ ৰচিদ মণ্ডল, ছফিয়া খাতুন, ড৹ চাজিদ হুছেইন, মতিউৰ ৰহমান মণ্ডল, আব্দুল হাই নাগৰি, নুৰ ছফিকুৰ ৱাজেদ আৰু আবু তাহেৰে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে ।

সেইদৰে কোকৰাঝাৰ সমষ্টিৰ বাবে গৰ্জন মুচাহাৰী আৰু প্ৰাণজিত মুচাহাৰীয়ে আবেদন পত্ৰ দাখিল কৰিছে । আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে এতিয়ালৈকে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, ৰমেন চন্দ্ৰ বৰঠাকুৰ, দ্বিজেন্দ্ৰ নাথ শৰ্মা আৰু ৰমেশ জৈনে আবেদন পত্ৰ দাখিল কৰিছে । ১৪ টা লোকসভা সমষ্টিৰ বাবেই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন কৰিছে । অৱশ্যে শেষত কোনে টিকট লাভ কৰিব সেয়া সময়েহে ক'ব ।

কাৰণ দলীয় নেতাক সন্তুষ্ট কৰাৰ লগতে বিৰোধী ঐক্যমঞ্চত থকা দলসমূহকো সন্তুষ্ট কৰিব লাগিব । যিটো কংগ্ৰেছ নেতৃত্বৰ বাবে তেনেই সহজ নহ'ব ।

লগতে পঢ়ক: অন্তিম দিনটোতো এগৰাকী সাংসদে জমা নিদিলে এক লাখ টকাসহ প্ৰ-পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.