ETV Bharat / state

যোৰহাটত দুই কিশোৰ ভাতৃয়ে সাজিলে দুৰ্গাৰ প্ৰতিমা

author img

By

Published : Sep 28, 2022, 12:14 PM IST

two brother making goddess idols in Jorhat
যোৰহাটত দুই কিশোৰ ভাতৃয়ে সাজিলে দুৰ্গাৰ প্ৰতিমা

সমাগত শাৰদীয় দুৰ্গা পূজা (Durga Puja 2022 in Assam)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ লাখ লাখ টকাৰ বাজেটেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পূজা সমিতিসমূহৰ মাজত এতিয়া সৃষ্টি হৈছে এখন অঘোষিত প্ৰতিযোগীতা ৷ ইয়াৰ মাজতেই যোৰহাটৰ দুই কিশোৰ ভাতৃয়ে দুৰ্গাৰ প্ৰতিমা সাজি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

যোৰহাট ,২৮ ছেপ্টেম্বৰ: ৰাজ্য়ত যি সময়ত পূজা অনুষ্ঠিত কৰাৰ নামত এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে সেই সময়তে যোৰহাটত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য । দুই ভাতৃয়ে নিজ হাতেৰে দেৱীৰ মূৰ্ত্তি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে (two brother making goddess idols in Jorhat)। অতি আধ্যাত্মিক ভাবে পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে এই দুই ভাতৃয়ে ।

সৰু সৰু আঙুলি কেইটাৰেই দিনে-নিশাই প্ৰতিমাক ৰং তুলিকাৰে শেষ পৰশ দিবলৈ চেষ্টা কৰিছে দশম শ্ৰেণীত অধ্য়য়নৰত ৰাজদ্বীপ চৌহান আৰু ষষ্ঠ শ্ৰেণীৰ ৰাজ চৌহানে । ইয়াতেই দুই ভাতৃৰ কৰ্মস্পৃহা ফুটি উঠিছে । প্ৰায় এমাহজুৰি দুই ভাতৃয়ে নিজ বাসভৱনতে মা দুৰ্গাৰ প্ৰতিমা বনোৱাত ব্যস্ত হৈছে ।

যোৰহাটত দুই কিশোৰ ভাতৃয়ে সাজিলে দুৰ্গাৰ প্ৰতিমা

দুই ভ্ৰাতৃয়ে বিভিন্ন প্ৰয়োজনীয় বটল আৰু কাষতে থকা পুখুৰীৰ পৰা মাটি আনি দুৰ্গা দেৱীৰ মূৰ্তি বনোৱাত মন প্ৰাণ সপি দিছে । এপইচা ,দুপচাকৈ ঘৰৰ সম্পৰ্কীয় মানুহৰ পৰা দুই এটকা সংগ্ৰহ কৰি তেওঁলোকে ৰং তুলিকা আৰু বস্ত্ৰ আনি প্ৰতিমা নিৰ্মাণ কৰিছে । আনহাতে, দুই ভাতৃৰ এই প্ৰচেষ্টাক পৰিয়ালৰ লোকেও যোগাইছে উৎসাহ ।

উল্লেখ্য় যে সমগ্ৰ যোৰহাট জিলাত ৮৫ খন পুজা মণ্ডপ সাজু কৰা হৈছে । এই পুজা মণ্ডপৰ কাম বৰ্তমান ৮০ শতাংশ সম্পূৰ্ণ হৈছে । এইবাৰ যোৰহাট নগৰতে দেৱীক আদৰিবলৈ ৪৫ খন পুজা মণ্ডপ সাজু হৈ উঠিছে । বিভিন্ন আৰ্হিত এই পুজা মণ্ডপসমূহ সাজু কৰি তোলা হৈছে । ইতিমধ্যে মৃন্ময় শিল্পীসকলে প্ৰতিমাত শেষ পৰশ দিবলৈ যুদ্ধংদেহি তৎপৰতাৰে কাম কৰিছে । ক'ভিড অতিমাৰীৰ পিছত দুইবছৰ বিৰতিৰ অন্তত ৰাজ্যবাসীয়ে মা দুৰ্গাক আদৰিবলৈ কোনো ধৰণ কৃপনালি কৰা নাই ।

লগতে পঢ়ক:Durga Puja 2022: লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.