Durga Puja 2022: লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা

author img

By

Published : Sep 27, 2022, 10:44 PM IST

Durga Puja 2022

সমাগত শাৰদীয় দুৰ্গা পূজা (Durga Puja 2022)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ লাখ লাখ টকাৰ বাজেটেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মহানগৰীৰ পূজা সমিতিসমূহৰ মাজত সৃষ্টি হৈছে এতিয়া অঘোষিত প্ৰতিযোগীতা ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...

গুৱাহাটী, 27 ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইদিনমান বাকী (Durga Puja 2022) । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে ৷ বিগত প্ৰায় দুটা বছৰ ধৰি ক’ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলি-মূৰীয়াকৈ লাখ লাখ টকা বাজেটেৰে শাৰদীয় দুৰ্গা পূজা আয়োজন কৰিছে পূজা সমিতিসমূহে ।

দেৱীৰ প্ৰতিমা, মণ্ডপ, আলোক সজ্জাৰে ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে মহানগৰীৰ পূজাৰ আয়োজকসকলে (Durga Puja Preparation in Guwahati) । মহানগৰীৰ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতিয়ে প্ৰায় 25 লাখ টকা বাজেটেৰে পূজাৰ আয়োজন কৰিছে । এইখন পূজাত 12 লাখ টকা ব্যয় কৰি কলকাতাৰ পৰা অনা হ’ব বিশেষ আলোকসজ্জা ।

আনহাতে, শান্তিপুৰ শ্লুইছগেট পূজা সমিতিৰ এইবাৰৰ বাজেট প্ৰায় 21-24 লাখ টকা । প্ৰত্যেক বাৰেই ব্যতিক্ৰমী ধৰণে ভক্তক আকৰ্ষিত কৰি অহা পূজাৰ আয়োজকসকলে এইবাৰ 10 লাখ টকা ব্যয় সাপেক্ষ বিশেষ মণ্ডপ মৰাপাটেৰে সজাৰ ব্যৱস্থা কৰিছে ।

লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা

ইপিনে বিষ্ণুপুৰ বিমলা নগৰ পূজা সমিতিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কম্বোদিয়াত থকা বিশ্বৰ সৰ্ববৃহৎ বিষ্ণু মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে (Clay idol of Goddess Durga)। তেওঁলোকৰ এইবাৰৰ পূজাৰ বাজেট প্ৰায় 22 লাখ টকা বুলি জানিব পৰা গৈছে । ৰাইজৰ দৃষ্টি আকৰ্ষণৰ প্ৰতিযোগিতাত পিছ পৰি ৰোৱা নাই বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গাপূজা কমিটিও । গৌতম বুদ্ধৰ জন্মস্থান নেপালৰ লুম্বিনীৰ (LUMBINI) আৰ্হিত সজোৱা হ’ব পূজা মণ্ডপ । তেওঁলোকৰ এইবাৰৰ পূজাৰ বাজেট প্ৰায় 20 লাখ টকা ।

লগতে পঢ়ক : টিংখাঙত দুৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত

আনহাতে, আঠগাঁও সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰায় 18-20 লাখ টকা খৰচ কৰি ড্ৰিমলেণ্ডৰ আৰ্হিত সজোৱা পূজা মণ্ডপেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে । মালিগাঁও পাণ্ডু ৰেষ্টকেম্পৰ পূজাৰ বাজেট প্ৰায় 20 লাখ টকা । ইপিনে 15 লাখ টকা বাজেটেৰে সাজু হৈছে বেলতলা লক্ষ্মী মন্দিৰ পূজা সমিতি । প্ৰায় 15 লাখ টকাৰ বাজেটেৰে পূজাৰ বাবে সাজু হৈছে ঐতিহাসিক গুৱাহাটী সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিও ।

মাদুৰাইৰ মিনাক্ষী মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ । ছাত্ৰীবাৰী সাৰ্ব্বজনীন দেৱ পূজাস্থান সমিতিয়ে এইবাৰ ব্যতিক্ৰমী ৰূপত দুৰ্গা পূজাৰ আয়োজন (Devi Durga Idol) কৰিছে । 15 লাখ টকাৰ বাজেটেৰে পূজাৰ আয়োজন কৰা সমিতিৰ পূজা মণ্ডপ হ’ব পুথি ভঁড়ালৰ আৰ্হিৰ । য’ত 1 লাখ 15 হাজাৰ টকা ব্যয় সাপেক্ষ কলম-কাঠপেঞ্চিলৰ মূৰ্তি থাকিব ।

লগতে পঢ়ক : কমলপুৰত নিৰ্মাণ 70 ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি

ইপিনে 13 লাখ টকা বাজেটেৰে বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজাত থাকিব কেদাৰনাথৰ আৰ্হিত পূজা মণ্ডপ । প্ৰায় 8 লাখ টকা বাজেটেৰে ফটাশিল আমবাৰী ৰথখোলা সাৰ্বজনীন দুৰ্গা পূজাৰ প্ৰতিমাত প্ৰায় ডেৰ লাখ টকা বাজেট । প্ৰতিমাটো চাবুদানা, ময়ূৰৰ পাখি, পানীৰ বটল, প্লাষ্টিক চামুচৰে তৈয়াৰ কৰা হৈছে ।

আনহাতে, অসম বিজয়া দশমী মহোৎসৱ সমিতিয়ে 5 আক্টোবৰত নেহৰু ষ্টেডিয়ামত প্ৰায় 40-45 লাখ টকা বাজেটেৰে ৰামলীলাৰ লগতে ৰাৱণ দাহণৰ আয়োজন কৰিছে । মুঠৰ ওপৰত এইবাৰ বিগ বাজেটেৰে মহানগৰীৰ পূজা সমিতি সমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সৰ্বতো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, প্ৰশাসনৰ তথ্য মতে এইবাৰ মহানগৰীত চাৰিশতাধিত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে । বিগত বৰ্ষত ইয়াৰ ভিতৰত প্ৰায় 30 % হে পূজাৰ আয়োজন কৰা হৈছিল ৷

লগতে পঢ়ক : পুথিভঁড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.