টিংখাঙত দুৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত

author img

By

Published : Sep 27, 2022, 2:13 PM IST

durga puja preparation at tingkhong

সমাগত দুৰ্গা পূজা (Durga Puja 2022) ৷ ষষ্ঠীৰ বেদীত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিবলৈ সাজু ৰাজ্য তথা দেশবাসী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো দুৰ্গা পূজাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ । টিংখাঙৰ ৰাজগড় দূৰ্গা পূজাৰ এইবাৰৰ বিশেষ আকৰ্ষণ কলকাতাৰ ঢাক শিল্পীৰ দল, লগতে প্ৰদৰ্শিত হ'ব ভাওনা ।

টিংখাং,২৭ ছেপ্টেম্বৰ: শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন(Durga Puja 2022) । ৰাজ্যজুৰি এতিয়া দুৰ্গা পূজা উপলক্ষে আয়োজক সমিতি সকলৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । সমগ্ৰ ৰাজ্যৰ লগতে টিংখাঙতো দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনা । টিংখাঙৰ ৰাজগড়ত দুৰ্গা পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে(Durga Puja Preparation at Tingkhang)।

ৰাজগড়ৰ ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানত দুৰ্গোৎসৱৰ বাবে সাজু হৈছে আয়োজক সমিতি । ইতিমধ্যে পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে । উল্লেখযোগ্য যে অঞ্চলটোৰ ভিতৰতে অতি পুৰণি শ্ৰী শ্ৰী যুৰীয়া আই থানৰ পূজালৈ প্ৰতি বছৰে হাজাৰ-হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন হয় । মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা তথা জাক-জমকতাৰ বিপৰীতে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে শ্ৰী শ্ৰী যুৰীয়া আইথান দুৰ্গা পূজা সমিতিয়ে ।

টিংখাঙত দুৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত

অন্য বছৰৰ দৰে এইবাৰো পূজা সমিতিয়ে দৰ্শনাৰ্থী সকলৰ মাজত প্ৰাইজমাণি গোঁসানী নাম, দিহানাম, আৰতি, শ্লোক, ভজন, দাণ্ডিয়া নৃত্য, শংখ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । আনহাতে দুৰ্গা পূজাৰ লগত সংগতি ৰাখি ৬ অক্টোবৰৰ সন্ধিয়া জগতগুৰু সাংস্কৃতিক কেন্দ্ৰৰ শিল্পী সকলৰ দ্বাৰা "গান্ধাৰীৰ কৃষ্ণ দৰ্শন" শীৰ্ষক এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব ।

আনহাতে ৰাজগড় অঞ্চলৰ ৰাজগড় দৈনিক বজাৰ আৰু চুপাৰ মাৰ্কেটৰ সৌজন্যত ষষ্ঠদশ বাৰ্ষিক দুৰ্গা পূজা আয়োজন কৰা হৈছে । সকলো জাতি-বৰ্ণ-ধৰ্মৰ লোকে সন্মিলিত ভাৱে উদযাপন কৰা এইভাগ দুৰ্গা পূজাৰ এইবাৰৰ বিশেষ আকৰ্ষণ হ'ব কলকাতাৰ ঢাক শিল্পীৰ দল । এইবাৰ পূজাত কলকাতাৰ পৰা এটা ঢাক শিল্পীৰ দলক নিমন্ত্ৰণ জনোৱা হৈছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে । আনহাতে সমাজৰ জ্যেষ্ঠ আৰু সন্মানীয় ব্যক্তি সকলৰ বাবেও বিশেষ আপ্যায়নৰ ব্যৱস্থা ৰাখিছে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক: কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সদস্যক হত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.