ETV Bharat / state

Viral video : পৰীক্ষাগৃহত ম’বাইল ফোন ব্যৱহাৰ কৰি ছাত্ৰই দিলে পৰীক্ষা

author img

By

Published : May 15, 2022, 11:25 AM IST

নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাগৃহত ম’বাইল ফোনৰ ব্যৱহাৰ ৷ একাংশ ছাত্ৰই ম’বাইল ব্যৱহাৰ কৰি দিলে পৰীক্ষা(Student gives exam using mobile phone in exam) ৷ পৰীক্ষা গৃহৰ ভাইৰেল ভিডিঅ’ক লৈ চিন্তিত বৌদ্ধিক মহল ৷ ব্যৱস্থা গ্ৰহণৰ দাবী নকছাৰি আছুৰ ৷

student-gives-exam-using-mobile-phone-in-exam-hall-in-jorhat
ম’বাইল ফোন ব্যৱহাৰ কৰি ছাত্ৰই দিলে পৰীক্ষা

যোৰহাট, 15 মে’: যোৰহাট জিলাৰ পূৱ যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত একাংশ ছাত্ৰই ম’বাইল ফোন ব্যৱহাৰ কৰি পৰীক্ষা দিয়া কাৰ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ এই কার্যত পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি অভিযোগ উত্থাপিত হৈছে পৰীক্ষাগৃহত নিয়োজিত নিৰীক্ষকগৰাকীৰ ওপৰত ৷ ভিডিঅ’টোত প্ৰকাশ পোৱা অনুসৰি, খোদ নিৰীক্ষকগৰাকীয়ে ব্যস্ত হৈ আছিল ম’বাইল ফোনত ৷ যাৰবাবে ছাত্ৰসকলে বিনাদ্বিধাই ম’বাইল ব্যৱহাৰৰ সুবিধা পায় ৷

এই কাণ্ড সংঘটিত হৈছে যোৰহাট জিলাৰ নকছাৰি অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷ নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰই উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ৰাসায়ন বিজ্ঞান পৰীক্ষাত শিক্ষকৰ উপস্থিতিতে ম’বাইল ফোন ব্যৱহাৰ কৰি প্ৰশ্নৰ উত্তৰ লিখে(Student gives exam using mobile phone in exam) ৷ পৰৱৰ্তী সময়ত এই কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷

ম’বাইল ফোন ব্যৱহাৰ কৰি ছাত্ৰই দিলে পৰীক্ষা

আনহাতে, বিদ্যালয়খনৰ অধ্যক্ষই নিৰীক্ষক শিক্ষকগৰাকীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে কথাটো গাপ দিয়াৰহে চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে এনে কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে নকছাৰী আছুৰ বিষয়ববীয়াসকলে ৷ আছুৱে বিদ্যালয় কৰ্তৃপক্ষক শিক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ কিন্তু বিদ্যালয় কৰ্তৃপক্ষই সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওক: ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.