ETV Bharat / state

Pathetic road condition:প্ৰতিনিধিৰ আওকাণত অতিষ্ঠ হৈ ৰাইজে ভাঙিলে গাঁঠিৰ ধন

author img

By

Published : Aug 10, 2023, 7:49 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সপোনৰ তিতাবৰত বৰ্তমানে বিধ্বস্ত বাট-পথ ৷ জ্বলা কলা খাইছে তিতাবৰবাসীয়ে । গুৰত্ব নাই বিধায়ক ভাস্কৰ বৰুৱাৰ ৷

pathetic road condition of a village in titabor
বিধ্বস্ত বাট-পথ

বিধ্বস্ত বাট-পথ

যোৰহাট, 10 আগষ্ট : শিলিখাবাৰী দানী গাঁও সংযোগী পথৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ কিন্তু বিধ্বস্ত পথ মেৰামতি বা পুনৰ নিৰ্মাণ কৰাত কোনো গুৰত্ব নাই বিভাগীয় স্থানীয় জনপ্ৰতিনিধি ভাস্কৰ বৰুৱাৰ । পথ নিৰ্মাণৰ কথা কৈ কৈ ভাগৰি পৰা ৰাইজ খোদ ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ ৷

নিজৰ গাঁঠিৰ ধন ভাঙি বৃহত্তৰ গাঁওবাসী ৰাইজে কোৰ, শিল, বালি লৈ লাগি গ’ল পথ নিৰ্মাণত ৷ পথ নিৰ্মাণ কৰিয়েই ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । শিলিখাবাৰী দানী গাঁও সংযোগী অতি ব্যস্ততাপূৰ্ণ পথটোৰ বিধ্বস্ত অৱস্থা দেখিও কোনো ধৰণৰ গুৰুত্ব নাই তিতাবৰ সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ । ফলত পথটোত সৃষ্টি হৈছে বৃহৎ আকাৰৰ দ দ গাঁত ৷ তাৰ ফলত সামান্য এজাক বৰষুণতেই পথটোত থকা গাঁতসমূহত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰে । তাৰ বাবে পথছোৱাত প্ৰতিদিনে সংঘটিত হৈছে সৰু বৰ বহু দুৰ্ঘটনা ৷

অতি বিপদ সংকুল হৈ পৰা পথটোৱেদিয়েই অহা যোৱা কৰে শিক্ষাৰ্থীসকলে। উক্ত বিধ্বস্ত পথটোৰ বাবেই গাঁওখনলৈ এম্বুলেন্স অথবা জৰুৰীকালীন সেৱাৰ গাড়ী আহিবলৈ অমান্তি হয় । দীৰ্ঘদিনে ৰাইজে পথটো নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ লগতে জনপ্ৰতিনিধিক আবেদন নিবেদন জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই । সেয়েহে গাঁওখনৰ সমূহ ৰাইজে হাতে হাতে কোৰ লৈ পথ নিৰ্মাণ কৰাৰ লগতে পথৰ পুন নিৰ্মাণৰ দাবী জনাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ।

গাঁওখনৰ ৰাইজে শীঘ্ৰে পথটো নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । অন্যথা ৰাইজে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । উল্লেখ কৰা প্ৰয়োজন যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰণ গগৈৰ সপোনৰ তিতাবৰ এতিয়া উন্নয়ন পৰা বঞ্চিত হোৱাৰ লগতে এই ক্ষেত্ৰত জনপ্ৰতিনিধিজনে গুৰুত্ব প্ৰদান নকৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Adhyashree Upadhyay: প্ৰতিবাদেৰে নহয় হাতজোৰ কৰি চৰকাৰক ৰাস্তা বনাই দিবলৈ অনুৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.