ETV Bharat / state

Adhyashree Upadhyay: প্ৰতিবাদেৰে নহয় হাতজোৰ কৰি চৰকাৰক ৰাস্তা বনাই দিবলৈ অনুৰোধ

author img

By

Published : Aug 8, 2023, 7:50 PM IST

কিমান আৰু প্ৰতিবাদ চাব ? এইবোলে ৰাস্তা বন্ধ, ৰাস্তাত বহি ধৰ্ণা, বাটৰ নাট আদি বিভিন্ন পন্থা অৱলম্বন কৰি ৰাইজে নিজৰ দাবী পূৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱা আপোনালোকে সদায়ে দেখি আহিছে ৷ আজি আপোনালোকলৈ আগবঢ়াইছো এটি বিশেষ ভিডিঅ’ য’ত আপোনালোকে দেখিবলৈ পাব নিজৰ নৃত্যশৈলীৰে দেশবাসীৰ আগত অসমৰ নাম উজলোৱা আধ্যাশ্ৰী উপাধ্যায়ে কিদৰে ৰাস্তা বনাই দিবলৈ চৰকাৰক কৰিলে অনুৰোধ-

adhyashree upadhyay
ৰাস্তা বনাই দিবলৈ অনুৰোধ

আধ্যাশ্ৰী উপাধ্যায়ে কি ক’লে শুনক

জোনাই, ৮ আগষ্ট : আধ্যাশ্ৰী উপাধ্যায়, ডি আই ডি লিটল মাষ্টাৰ্ছ নামৰ ৰিয়েলিটী শ্ব’ৰ ৰানাৰ্ছ আপ আধ্যাশ্ৰী উপাধ্যায় মনত আছে নিশ্চয় আপোনালোকৰ ৷ চিলাপথাৰ নিৱাসী আধ্যাশ্ৰীয়ে শেহতীয়াকৈ ছ‘চিয়েল মিডিয়াৰ জৰিয়তে দেখুৱাইছে নিজৰ থকা ঠাইৰ প্ৰকৃত স্বৰূপ ৷ পথৰ দুৰৱস্থাৰ লগতে বৰষুণৰ দিনত এখন দলং নথকাৰ বাবে পানী গছকি বিদ্যালয়লৈ যাবলগীয়া কথাও কৈছে আধ্যাশ্ৰীয়ে ৷

ধেমাজি জিলাৰ মালিনীপুৰ গাঁও পঞ্চায়তৰ বাট-পথসমূহৰ অৱস্থা হৈ পৰিছে অতিকে শোচনীয় । মালিনীপুৰ গাঁও পঞ্চায়তৰ জৰাজীৰ্ণ বাট-পথসমূহে পঞ্চায়তবাসী ৰাইজক জ্বলা-কলা খুৱাই আহিছে । চিলাপথাৰ নগৰৰ নিচেই ওচৰতে লাগি থকা মালিনীপুৰ গাঁও পঞ্চায়তৰ চিলাপথাৰ লিকাবালি পথৰ এম ই এছৰ পৰা ১ নং ফুলবাৰী, ২ নং ফুলবাৰী, মালিনীপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়, ঘগৰা হৈ জিপু বস্তি সংযোগী পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে । পথছোৱাত বৃহৎ বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে পথছোৱাৰ ঘগৰা অঞ্চলত থকা পাহাৰীয়া খৰস্ৰোতা মেকুৰী নলাৰ ওপৰত দলং, কালৰ্ভাট নথকাৰ ফলত অঞ্চলবাসী ৰাইজে দুৰ্বিষহ যাতায়ত কৰিব লগাত পৰিছে ।

আনহাতে খনামুখ হাইস্কুলৰ পৰা গণেশ মন্দিৰ হৈ ১ নং ফুলবাৰী সংযোগী পথছোৱাৰ অৱস্থা অতি শোচনীয় । চিলাপথাৰস্থিত গোৰ্খা ভৱনৰ পৰা প্ৰণামী গাঁও, ফুলবাৰী হৈ মায়াবজাৰ সংযোগী পথৰ অৱস্থাও তথৈবচ । উল্লেখিত দুয়োটা পথত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত মালিনীপুৰ গাঁও পঞ্চায়তৰ বৃহত্তৰ ফুলবাৰী অঞ্চলৰ ছাত্র-ছাত্ৰীসকল, সৰ্বসাধাৰণ ৰাইজ দৈনন্দিন যাতায়তৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হ’বলগা হৈছে । মালিনীপুৰ গাঁও পঞ্চায়তৰ জৰাজীৰ্ণ বাট-পথসমূহ পুনৰ নিৰ্মাণ কৰি যাতায়তৰ সুচল কৰিবলৈ ডি আই ডি লিটল মাষ্টাৰ্ছৰ ৰানাৰ্ছ আপ আধ্যাশ্ৰী উপাধ্যায়ে স্থানীয় সাংসদ, বিধায়ক, পঞ্চায়ত প্ৰতিনিধিসকলক আহ্বান জনাইছে । আধ্যাশ্ৰী উপাধ্যায়ৰ লগতে তেওঁৰ বন্ধু-বান্ধৱীয়েও ক’লে তেওঁলোকৰ দৈনন্দিন দুৰ্বিসহ জীৱনৰ কথা ৷

লগতে পঢ়ক : Pathetic road condition: ফিল’বাৰীৰ পুণ্যজান গাঁওবাসীয়ে ভোগ কৰি আহিছে বিভিন্ন সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.