ETV Bharat / state

Miserable condition of NH 37: বিধস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পণবন্দী জনতা

author img

By

Published : Jun 23, 2023, 4:34 PM IST

miserable condition of jorhat teok national highway
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

NHIDCLৰ অদূৰদৰ্শী কামৰ ফল ভূগিছে জনতাই ৷ অবিজ্ঞানসন্মত নিৰ্মাণ পদ্ধতিৰ ফলত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটো ছিগিল ৩৫ ঠাইত ! কৰ্মচাৰীক বদলি কৰিয়েই দায়িত্ব সামৰিছে NHIDCL কৰ্তৃপক্ষই ৷

জনতাৰ ক্ষোভ

টীয়ক, 23 জুন: ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (NHIDCL) ৰ দুৰ্নীতিপৰায়ণ বিষয়াৰ বাবেই যোৰহাটৰ বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱা পৰিণত হৈছে মৰণফান্দলৈ । বিগত ৯ বছৰে ২৬ কিলোমিটাৰ পথ চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণত ব্যৰ্থ হৈছে তদাৰকৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড চমুকৈ NHIDCL, একমাত্ৰ কেৱল নিজৰ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বাবে ।

বিশেষকৈ NHIDCL ৰ চাইড ইঞ্জিনীয়াৰ, মেনেজাৰ আদি কৰি বিষয়ববীয়াৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ সৈতে মিতিৰালি তথা চৰম কাণ্ডজ্ঞানহীনতা আৰু দুৰ্নীতিৰ বাবেই আজি এই ২৬ কিলোমিটাৰ পথত দৈনিক দুৰ্ঘটনা সংঘটিত হোৱাৰ সমান্তৰালকৈ ক্ৰুটিপূৰ্ণ নলা নিৰ্মাণ, পথৰ অনুপযোগী মাটি, বালিকে ধৰি প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত নিৰ্মাণৰ এটা মাহৰ পিছতে যোৰহাটৰ পৰা জাঁজীলৈকে এই পথছোৱাত প্ৰায় ৩৫ ঠাইত ছিগি যোৱাৰ লগতে নলা সমূহেৰে পানী নিষ্কাশন নকৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথে যমৰ যাতনা খুৱাইছে পথচাৰীক ।

উল্লেখ্য যে পথটোৰ কামৰ অগ্ৰগতিৰ ক্ষেত্ৰত বহু সময়ত NHIDCL ৰ কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পাছত জনতাৰ অভিযোগত আওকাণ কৰা এই সংস্থাই কালি NHIDCL ৰ মহাপ্ৰবন্ধক জনৈক চৌধুৰীক তৎকালীন ভাবে বদলি কৰি সম্পূৰ্ণ দুৰ্নীতিৰ বিষয়টোক গাপ দিয়াৰ অভিসন্ধি ৰচাৰ অভিযোগ উত্থাপন হৈছে । ইপিনে NHIDCLৰ কেইবাগৰাকীও বিষয়াৰ ওপৰত যোৰহাট জিলা প্ৰসাশনে গোচৰ ৰুজু কৰিছিল যদিও এই পৰ্যন্ত বিষয়টো কি পৰ্যায়ত আছে সাধাৰণ জনতা অৱগত নহয় । সেয়ে শ শ কোটি টকাৰ অপব্যৱহাৰ কৰা এইকেইজন NHIDCL বিষয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰি উপযুক্ত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে সদৌ যোৰহাট ছাত্ৰ সন্থাই ৷

আগন্তুক ৩০ জুনত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই উক্ত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু সকলো ৰাইজকে এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাইছে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।

লগতে পঢ়ক : Landslide in Guwahati : মহানগৰীত ভূমিস্খলন; চানমাৰিৰ অমিয়নগৰত ভূমিস্খলনৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.