ETV Bharat / state

Landslide in Guwahati : মহানগৰীত ভূমিস্খলন; চানমাৰিৰ অমিয়নগৰত ভূমিস্খলনৰ ঘটনা

author img

By

Published : Jun 23, 2023, 3:11 PM IST

মহানগৰীৰ চানমাৰিৰ অমিয়নগৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ বুধবাৰৰে পৰা অমিয়নগৰ হিলটপ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ সমীপত চপৰা চপৰে খহিছে পাহাৰৰ মাটি ৷

Massive landslide at Chandmari in Guwahati
মহানগৰীত ভূমিস্খলনৰ ঘটনা

গুৱাহাটী, 23 জুন: বাৰিষাৰ লগে লগে মহানগৰীত পাহাৰীয়া অঞ্চলত বাস কৰা জনতাৰ নিদ্ৰা হৰণ কৰিছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ঘটনাই পাহাৰীয়া অঞ্চলত বাস কৰা বাসিন্দা সকল প্ৰতি মূহুৰ্ততে আতংকিত হৈ পৰিছে ৷ বাৰিষাৰ লগে লগে মহানগৰীৰ কেইবাস্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ লগতে ভূমিস্খলনত এজন শ্ৰমিকৰ মৃত্যু হৈছে ৷

শেহতীয়াকৈ মহানগৰীৰ চানমাৰিৰ অমিয়নগৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ বুধবাৰৰে পৰা অমিয়নগৰ হিলটপ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ সমীপত চপৰা চপৰে খহিছে পাহাৰৰ মাটি ৷ চপৰা চপৰে মাটি খহাৰ ফলত আতংকিত হৈ উঠিছে স্থানীয় লোক সকল ৷ আতংকিত লোকসকলে বালিৰ বস্তাৰে ভূমিস্খলন ৰোধ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে ৷ ভূমিস্খলন হোৱা প্ৰায় 4 ফুট আতৰত আছে 302 নং অমিয়নগৰ হিলটপ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ ৷ যিকোনো মুহুৰ্ততে কেন্দ্ৰটো খহি পৰিব পাৰে ৷

ভূমিস্খলন হোৱা পাহাৰীয়া ওখ স্থানৰ তলতে আছে কেইবাটাও বাসগৃহ ৷ ভূমিস্খলন হ’লে কেন্দ্ৰটো ভাঙি পৰি তলত থকা পৰিয়াল সমূহ যে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব সেয়া নিশ্চিত ৷ আনহাতে ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰা 255 টা পৰিয়ালক গৃহ খালি কৰি নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ জাৰি কৰিছে মহানগৰ জিলা প্ৰশাসনে ৷ প্ৰশাসনে জাননী জাৰি কৰাৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে 255 টা পৰিয়াল ৷

উল্লেখ্য যে জিলা প্ৰশাসনৰ তৰফৰ পৰা মহানগৰীৰ 19 খন পাহাৰত মুঠ 366 টা স্থান ভূমিস্খলনৰ স্পৰ্শকাতৰ স্থান হিচাপে চিনাক্ত কৰিছে ৷ প্ৰশাসনে চিনাক্ত কৰা স্থান সমূহৰ ভিতৰত আছে চূণচালিত প্ৰায় 77 টা , নুনমাটিত 40 টা , খাৰঘূলি আৰু জাপৰিগোগ পাহাৰত 37 টা, খানাপাৰাত 33 টা , নাৰেংগীত 31 টা , হেঙেৰাবাৰী আৰু কালাপাহাৰত 30 টা , নৰকাসুৰ পাহাৰত 24 টা , গড়ভাঙাৰ 15 টা স্থান ৷

লগতে পঢ়ক: Flood at Bihpuria : ভৰা ডিক্ৰঙে কন্দুৱাইছে বিহপুৰীয়াবাসীক; দিশহাৰা বহু পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.