ETV Bharat / state

Teok News: টীয়কৰ এজাৰগুৰিৰ বহু প্ৰত্যাশিত পকী দলং উদ্বোধন

author img

By

Published : May 20, 2023, 9:01 PM IST

Inauguration of pucca bridge at Azarguri in Teok
টীয়কৰ এজাৰগুৰিৰ বহু প্ৰত্যাশিত পকী দলং উদ্বোধন

টীয়কৰ এজাৰগুৰিত উদ্বোধন কৰা হয় এখন পকী দলং (Inauguration of pucca bridge at Azarguri in Teok) । টীয়কৰ অতিকৈ পিছপৰা জাঁজীনদীৰ পাৰ অঞ্চল আৰু এজাৰগুৰি অঞ্চলৰ যাতায়ত ব্যৱস্থাত সুচল কৰি জাঁজীনদীৰ ওপৰত নৱনিৰ্মিত দলঙৰ শুভ উদ্বোধন কৰে টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই ।

টীয়কৰ এজাৰগুৰিৰ বহু প্ৰত্যাশিত পকী দলং উদ্বোধন

টীয়ক,২০ মে': বহুদিনীয়া আশা পূৰণ হ'ল টীয়কৰ এটা অঞ্চলৰ ৰাইজে । দীৰ্ঘদিনীয়া যন্ত্ৰনাৰ অন্ত পৰিল অঞ্চলটোৰ ৰাইজৰ । টীয়কৰ অতিকৈ পিছপৰা জাঁজী নদীৰ পাৰ অঞ্চল আৰু এজাৰগুৰি অঞ্চলৰ যাতায়ত ব্যৱস্থাত সুচল কৰি জাঁজীনদীৰ ওপৰত নৱনিৰ্মিত দলঙৰ শুভ উদ্বোধন কৰে টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই (MLA Renupma Rajkhowa) ।

বৃহত্তৰ এজাৰগুৰিবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হোৱাত অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সুচনা হৈছে (Inauguration of pucca bridge) । জানিবপৰামতে স্বাধীনতাৰ সুৰ্দীঘ সময় উকলি যোৱাৰ পাচতো টীয়কৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছিল । কিন্তু তাৰ পাচতো জাঁজী নদীৰ ওপৰত এজাৰগুৰি অঞ্চলত নিৰ্মাণ কৰা হোৱা নাছিল এখন স্থায়ী দলং (Inauguration of pucca bridge at Azarguri in Teok) ।

যাৰ পৰিপ্ৰেক্ষিতত ২০ খনৰো অধিক গাঁৱৰ ৰাইজে বাৰিষাৰ সময়ত বিপদসংকুলভাৱে নাৱেৰে আৰু খৰালি গাঁঠিৰ ধনেৰে বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছিল । প্ৰতিটো মুহুৰ্ততে উক্ত স্থানত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে অসম চৰকাৰৰ বিভিন্ন বিভাগ তথা মন্ত্ৰী, জনপ্ৰতিনিধিক দাবী জনাই আহিছিল এইসকল ভুক্তভোগী জনতাই (Bridge Problem in Teok) ।

অৱশেষত এজাৰগুৰি দলঙৰ কাম আৰম্ভ হয় আৰু মাত্ৰ ডেৰটা বছৰৰ ভিতৰতে চৰকাৰৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ তৎপৰতাত শুকুৰবাৰে দলংখনৰ উদ্বোধন হয় । যাক লৈ এতিয়া এজাৰগুৰিবাসীৰ লগতে সমূহ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে (Pucca bridge Inaugurate in Teok) ।

লগতে চৰকাৰৰ এই পদক্ষেপক আদৰণি আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অঞ্চলটোৰ ৰাইজে । লগতে আজিৰ এই শুভ ক্ষণত সকলোৰে মংগল কামনা কৰি এজাৰগুৰিবাসীৰ উদ্যোগত এজাৰগুৰিৰ উত্তৰ পাৰৰ নামঘৰত ৰাতিলৈ এখনি মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে (Bridge inauguration at Teok)) ।

লগতে পঢ়ক: Shrinkhal Chaliha arrested : শৃংখলক পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.