ETV Bharat / state

Horse Trading in Municipal Election: আকৌ বান্ধিব লাগিব নেকি কংগ্ৰেছী ঘোঁৰা ?

author img

By

Published : Mar 10, 2022, 6:28 PM IST

teok horsh treading
আকৌ বান্ধিব লাগিব নেকি কংগ্ৰেছী ঘোঁৰা ?

বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই হৰ্চ ৰ্ট্ৰেডিঙ(Horse Trading)ৰ শংকাত পৰি ভ্ৰমণলৈ পথাইছিল একাংশ জয়ী বিধায়কক । চৰ্চিত হৈছিল আস্তাৱলত ঘোঁৰা ৰখাৰ প্ৰসংগ । পৌৰসভা নিৰ্বাচন(Assam Municipal Election 2022)ৰ ফলাফল ঘোষণাৰ পাছতেই পুনৰ BJP ৰ বিৰুদ্ধে হৰ্চ ৰ্ট্ৰেডিঙৰ ৰাজনীতি আৰম্ভ কৰাৰ অভিযোগ ।

টীয়ক,১০ মাৰ্চ: ৰাজ্যত পুনৰ আৰম্ভ হৈছে নেকি ঘোঁৰা কিনা-বেচাৰ ৰাজনীতি । ২০২১ ৰ বিধানসভা নিৰ্বাচন(Assam Assembly Election 2021)ৰ ফলাফল ঘোষণাৰ পাছতেই হৰ্চ ট্ৰেডিং(Horse Trading)ৰ প্ৰসংগক লৈ গৰম হৈছিল ৰাজ্যৰ ৰাজনীতি । সমান্তৰালভাৱে BTR ৰ নিৰ্বাচনৰ সময়টো সৰৱ চৰ্চা চলিছিল এই প্ৰসংগক লৈ । পুনৰ সদ্য ঘোষিত পৌৰসভা নিৰ্বাচনৰ(Assam Municipal Election 2022) ফলাফল ঘোষণাৰ পাছতেই হৰ্চ ট্ৰেডিং(Horse Trading)ৰ প্ৰসংগই স্থান লাভ কৰিছে ।

টীয়ক সমষ্টিৰ জয়ী হোৱা কংগ্ৰেছী প্ৰাৰ্থীয়ে আনিছে এই অভিযোগ । টীয়ক পৌৰসভাৰ ১০টা ৱাৰ্ডৰ নিৰ্দলীয় এখন আসনক ধৰি চাৰিখন আসন কংগ্ৰেছে দখল কৰে । মিত্ৰদল অগপই ৩ খন আসন আৰু BJPয়ে ২খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দুখন আসন দখল কৰিছিল । নিৰ্দলীয় দুখন আসনৰ এখন কংগ্ৰেছৰ সমৰ্থনলৈ যোৱাত টীয়ক পৌৰসভাখন বিজেপিৰ নেতৃত্বত গঠন কৰা লক্ষৰে বিজেপিৰ নেতৃত্বই কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীৰ লগত যোগাযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

আকৌ বান্ধিব লাগিব নেকি কংগ্ৰেছী ঘোঁৰা ?

উপ-পৌৰপতি পদৰ টোপ দিয়াৰো অভিযোগ উত্থাপন হৈছে শাসকীয় দলটোৰ বিৰুদ্ধে । ইয়াৰ পাছতেই জাঙুৰ খাই উঠিছে টীয়ক কংগ্ৰেছৰ কৰ্মকৰ্তা সকল । ইফালে প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈয়ে বিজেপিক কংগ্ৰেছ প্ৰাৰ্থীৰে যোগাযোগ নকৰিবলৈ সকীয়নী প্ৰদান কৰিছে । লগতে কোনো কাৰণতে কংগ্ৰেছৰ পৰা জয় লাভ কৰা প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰলোভনত ভোল নাযায় বুলি মন্তব্য কৰে ।

উল্লেখযোগ্য যে, যি সময়ত শাসকীয় দলৰ নেতা মন্ত্ৰী বিধায়কসকলে উক্ত নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই মাত্ৰ ২ খনকৈহে আসন বিজেপিয়ে আৰু ৩ খন আসন অগপই লাভ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ বিপৰীতে কংগ্ৰেছে কেৱল তৃণমূলৰ কৰ্মীৰ সহযোগতে নিৰ্বাচনত এনে ফলাফল লাভ কৰাত এতিয়া আনন্দিত হৈ পৰিছে কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ লগতে বিষয়ববীসকল । সকলোৱে এইদৰে একে উদ্যমেৰে বিৰোধী পক্ষত থাকিয়েই দেশৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি মত প্ৰকাশ কৰে ।

লগতে পঢ়ক:Majuli By Election Results 2022 : নিৰ্বাচনী যুঁজ মসৃণ নহ’ল চিত্তৰঞ্জন বসুমতাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.