ETV Bharat / state

AGP MLA Bhabendra Nath Bharali: তৃণমূলৰ কৰ্মীসকলৰ বাবেই অগপ ৰাইজৰ আপোন হৈ পৰিছে- ভবেন ভৰালী

author img

By

Published : Jun 10, 2023, 6:46 PM IST

AGP meeting in Jorhat
অসম গণ পৰিষদৰ কৰ্মকৰ্তা সন্মিলন

দেওবাৰে যোৰহাটত অনুষ্ঠিত হ’ব অসম গণ পৰিষদৰ এখন কৰ্মকৰ্তা সন্মিলন ৷ য’ত যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় ছয় সহস্ৰাধিক সদস্য উপস্থিত থাকিব (AGP meeting in Jorhat) ৷

দেওবাৰে যোৰহাটত অগপৰ কৰ্মকৰ্তা সন্মিলন

যোৰহাট, 10 জুন: অসম গণ পৰিষদ দল বৰ্তমান সময়ত অসমবাসী ৰাইজৰ মাজত শক্তিশালী ৰূপত থিয় হ’বলৈ সক্ষম হৈছে ৷ ইয়াৰ মূলতে হৈছে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা সকলৰ অশেষ কষ্ট আৰু দলটোৰ বাবে কৰা ত্যাগ ৷ যাৰ বাবে অসম গণ পৰিষদ দল অসমবাসী ৰাইজৰ আপোন হৈ উঠিবলৈ সক্ষম হৈছে ৷ সেই বাবে দলে দলৰ তৃণমূল কৰ্মী সকলক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা চলাইছে ৷ সেই উদ্দেশ্য আগত লৈ অসমৰ সকলো লোকসভা সমষ্টিত অসম গণ পৰিষদ দলে কৰ্মকৰ্তা সন্মিলন আয়োজন কৰিছে ৷ এই মন্তব্য দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীৰ ৷ শনিবাৰে যোৰহাটত কৰ্মকৰ্তা সন্মিলন আয়োজন সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে বিধায়ক ভবেন ভৰালীয়ে (AGP Karmakarta Sanmilan will be held in Jorhat) ৷

উল্লেখযোগ্য যে, 11 জুন অৰ্থাৎ দেওবাৰে যোৰহাটত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ এখন কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ’ব ৷ য’ত যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় ছয় সহস্ৰাধিক সদস্য উপস্থিত থাকিব ৷ সংবাদমেলত বিধায়কজনে লগতে কয় যে, তৃণমূল কৰ্মী সকলক উৎসাহিত কৰিবৰ বাবে প্ৰত্যেক লোকসভা সমষ্টিত এই সন্মিলন আয়োজন কৰা হৈছে ৷ দলক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই প্ৰচেষ্টা চলাইছে ৷ দেওবাৰে যোৰহাটত অনুষ্ঠিত হ’ব লগা সন্মিলনত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি বহু কেন্দ্ৰীয় নেতা উপস্থিত থাকিব (Workers Conference of AGP) ৷

এই সন্মিলনৰ জৰিয়তে তৃণমূল কৰ্মী সকলক অধিক সক্ৰিয় কৰি পঞ্চায়ত আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলক আৰু অধিক শক্তিশালী কৰিব লাগিব বুলি মন্তব্য কৰে বিধায়ক ভবেন ভৰালীয়ে ৷ তেওঁ আৰু কয় যে, যিহেতু আমি মিত্ৰতাৰে প্ৰতিদ্বন্দিতা কৰিম সেইবাবে ভোটাৰ সকলৰ মন জয় কৰিবলৈ চেষ্টা কৰিব লাগিব ৷ তদুপৰি এটা দলক আগুৱাই নিয়াৰ ক্ষেত্ৰত তৃণমূল কৰ্মী সকলৰ অধিক ভূমিকা থাকে ৷ এজন নেতা বা মন্ত্ৰীৰ সঘনাই সৰ্বসাধাৰণ ৰাইজৰ লগত যোগাযোগ কৰাটো সম্ভৱ নহয় ৷ এই ক্ষেত্ৰত গুৰু দায়িত্ব পালন কৰে তৃণমূল কৰ্মী সকলেহে ৷ তদুপৰি অতুল বৰা আৰু কেশৱ মহন্তৰ দৰে নেতৃত্বৰ বাবে অসম গণ পৰিষদ দল ৰাইজৰ অধিক বিশ্বাসী হৈ উঠিবলৈ সক্ষম হৈছে বুলি কয় বিধায়কজনে (AGP Karmakarta Sanmilan) ৷

দেওবাৰে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ পাছত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰৰ পৰা বাহিৰ কৰা হ’ব এক সাংস্কৃতিক শোভাযাত্ৰা ৷ এই শোভাযাত্ৰাত ছয় সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰিব ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হ’ব অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে অগপৰ বিধায়কজনে ৷ আজিৰ সংবাদমেলত অসম গণ পৰিষদৰ যোৰহাট জিলাৰ সম্পাদক সৌৰভ প্ৰাণ বৰা, কাৰ্যকৰী সভাপতি পুতুল বৰুৱা, নুৰুল চুলতান, ৰঞ্জিত শইকীয়াকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে (AGP MLA Bhabendra Nath Bharali) ৷

লগতে পঢ়ক: Satra Sanghati Divas: মৰিগাঁৱত আছুৰ ছাত্ৰ সংহতি দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.