Satra Sanghati Divas: মৰিগাঁৱত আছুৰ ছাত্ৰ সংহতি দিৱস পালন

By

Published : Jun 10, 2023, 5:08 PM IST

thumbnail

মৰিগাঁও, 10 জুন: শনিবাৰে মৰিগাঁৱত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন উদযাপন সমিতিৰ সহযোগত মৰিগাঁও শ্বহীদ ভৱনত ছাত্ৰ সংহতি দিৱস পালন কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা খাদ্য আন্দোলনত জপিয়াই পৰি 1974 চনৰ 10 জুনত শ্বহীদ হ’বলগীয়া হৈছিল মৰিগাঁও ভূৰবন্ধাৰ দুজন ফুলকুমলীয়া যুৱক গজেন ইংতি আৰু পুতুল শইকীয়া ৷ পৰৱৰ্তী সময়ত খাদ্য আন্দোলনত শ্বহীদ হোৱা গজেন ইংতি আৰু পুতুল শইকীয়াৰ মৃত্যুৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই 'ছাত্ৰ সংহতি দিৱস' হিচাপে পালন কৰি আহিছে (Satra Sanghati Divas Observe in Morigaon) ৷

আজি সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি আৰু কেন্দ্ৰীয় অধিৱেশন, 2023 আদৰণি সমিতিৰ উদ্যোগত মৰিগাঁৱৰ আছুৰ শ্বহীদ ভৱনত 'ছাত্ৰ সংহতি দিৱস পালন কৰা হয় ৷ এই অনুষ্ঠানতে শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই (Satra Sanghati Divas Observe) ৷ 

আনহাতে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ অসম আন্দোলনৰ গুৰি বঠা ধৰি পৰৱৰ্তী সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনৰ পৰা বৰ্তমানৰ চৰকাৰে খাদ্য আন্দোলনৰ শ্বহীদ দুগৰাকীৰ পৰিয়াললৈ আজিপৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সা-সুবিধা আৰু সাহাৰ্য প্ৰদান নকৰাত ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে শ্বহীদ দুগৰাকীৰ পৰিয়াল ক্ষোভিত হৈ পৰিছে (Satra Sanghati Divas) ৷

জাতি-মাটিৰ কথা কোৱা ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক শ্বহীদ পৰিয়াল দুটিক অতি সোনকালে চৰকাৰী সা-সুবিধা আৰু সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাইছে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ লগতে শ্বহীদ পৰিয়ালৰ সদস্য সকলে (AASU Observe Sanghati Divas in Morigaon) ৷

লগতে পঢ়ক: Brindavani Bastra : দক্ষিণপাট সত্ৰৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ সন্দৰ্ভত অসম সত্ৰ মহাসভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.