ETV Bharat / state

APSC পৰীক্ষাৰ ফলাফল; চৰকাৰক ধন্যবাদ কৃতি শিক্ষাৰ্থীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 1:21 PM IST

APSC results 2024
APSC পৰীক্ষাৰ ফলাফল

APSC results 2024 : APSC পৰীক্ষাত উত্তীৰ্ণ টীয়কৰ নগৰাকীৰো অধিক মেধা ছাত্ৰ-ছাত্ৰী ৷ উৎফুল্লিত হৈছে টীয়কবাসী ৷ নিকা নিযুক্তিৰ বাবে চৰকাৰক ধন্যবাদ কৃতি শিক্ষাৰ্থীৰ লগতে পৰিয়ালৰ ৷

APSC পৰীক্ষাৰ ফলাফল

টীয়ক, 18 জানুৱাৰী : বুধবাৰে ঘোষণা কৰা হ’ল APSC পৰীক্ষাৰ ফলাফল ৷ সদ্য ঘোষিত এই APSC পৰীক্ষাত টীয়কৰ দৰে অঞ্চলৰ পৰা নগৰাকীৰো অধিক মেধা ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ সমগ্ৰ টীয়কবাসীক গৌৰৱাম্বিত কৰি তুলিছে । টীয়কৰ বলমাৰ মৃত্যুঞ্জয় ভড়ালীৰ ঘৰতো এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

ASSAM URBAN ADMINISTRATIVE SERVICE শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়কৰ মেধাৱী যুৱক মৃত্যুঞ্জয় ভড়ালীয়ে । উল্লেখ্য যে, মৃত্যুঞ্জয়ে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পূৰ্বে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অভিযন্তা হিচাপে কৰ্মৰত হ’বলৈ সুযোগ লাভ কৰিছিল ।

বুধবাৰে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া নিজৰ সপোন পুৰণ কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ বাবে কিবা এটা কৰাৰ যি হেঁপাহ আছিল সেয়া এতিয়া পুৰণ হ’ব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে চৰকাৰে নিকা তথা মেধা ভিত্তিত যিদৰে এইসমূহ নিযুক্তিৰ ব্যৱস্থা কৰিছে তাৰ বাবে ধন্যবাদ জনাই আগলৈও এই ধাৰা চৰকাৰে অব্যাহত ৰাখিব বুলি আহ্বান জনাইছে আৰু সকলোকে নিজ নিজ সাধ্য অনুসৰি চেষ্টা চলাই যাবলৈ আহ্বান জনাইছে ছাত্ৰজনে ।

ইপিনে উক্ত পৰীক্ষাত উত্তীৰ্ণ টীয়কৰ আন কেইজন হৈছে টীয়কৰ বনাইৰ কংকন কিশোৰ দত্ত এচিষ্টেণ্ট একাউন্ট অফিচাৰ হিচাপে, কলিয়াপানীৰ পাৰ্থ প্ৰতিম শইকীয়াই এচিষ্টেণ্ট একাউন্ট অফিচাৰ হিচাপে, মাহাৰা গাঁৱৰ দিপাংকৰ শইকীয়া, এচিষ্টেণ্ট অডিট অফিচাৰ হিচাপে, জগদুৱাৰৰ মানস প্ৰতিম বৰুৱা, এচিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে উত্তীৰ্ণ সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ।

লগতে মাহাৰাৰ প্ৰিয়াংকু প্ৰতিম বৰা, টীয়কৰ দক্ষিণ দুলীয়াৰ অনিন্দিতা দত্ত, এচিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে, টীয়ক ৰজাবাৰীৰ গৌৰি শংকৰ ভূঞা আৰু মেলেং ফেচুৱালৰ পুষ্পাশ্ৰী বৰাই এচিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে উত্তীৰ্ণ সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : কলিয়াবৰৰ চাৰি সন্তান জিলিকিল APSC ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.