কলিয়াবৰৰ চাৰি সন্তান জিলিকিল APSC ত

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 12:07 PM IST

thumbnail

কলিয়াবৰ,১৮ জানুৱাৰী: সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কলিয়াবৰৰ চাৰি সন্তানে কঢ়িয়াই আনিলে সফলতা । কলিয়াবৰৰ দুই কন্যাই অসম আৰক্ষী বিষয়াৰূপে যোগদান কৰিব । আনহাতে, দুগৰাকীয়ে লাভ কৰিলে সহকাৰী গাণনিক বিষয়াৰ পদ । মিছাৰ ৰিপেন শৰ্মা আৰু গীতা দেৱীৰ জিয়ৰী অংকিতা শৰ্মাই অসম আৰক্ষী সেৱাৰ ১৫ সংখ্যক স্থান আৰু কুঁৱৰীটোল মাধৱ গাঁৱৰ মৃদুল বৰদলৈ আৰু বিজু বৰদলৈৰ জীয়ৰি বিকশিতা বৰদলৈয়ে অসম আৰক্ষী সেৱাৰ ২৯ সংখ্যক স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনে ।  

আনহাতে, সহকাৰী গাণনিক বিষয়া পদত কলিয়াবৰৰ ওপৰ গাঁৱৰ টংকেশ্বৰ মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ কৌস্তুভ প্ৰতীম মহন্তই ৫২ আৰু কুঁৱৰীটোল গোমোঠা গাঁৱৰ মুক্তি শৰ্মা আৰু সপোন্টি দেৱীৰ পুত্ৰ দেৱৰাজ কাশ্যপে ৬০ নম্বৰ ৰেংক লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনে । সন্তানৰ সফলতাত আনন্দিত হৈ উঠিছে পিতৃ-মাতৃকে আদি কৰি স্থানীয় ৰাইজ । 

লগতে পঢ়ক: সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল কলগাছিয়াৰ দুই বোৱাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.