সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল কলগাছিয়াৰ দুই বোৱাৰী

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 6:47 AM IST

thumbnail

জনীয়া, 18 জানুৱাৰী: বুধবাৰে ঘোষণা হোৱা APSC পৰীক্ষাৰ ফলাফলত উজলিল বৰপেটা জিলাৰ কলগাছিয়াৰ দুই বোৱাৰী ৷  কলগাছিয়াৰ ফৰহাদুল হাছানৰ পত্নী শাবানা ৰাকিয়া আহমেদ আৰু বাহাৰুল ইছলামৰ পত্নী তাহামিন চুলতানা বৰভূঞাই কলগাছিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

কলগাছিয়া গাঁৱৰ বাহাৰুল ইছলামৰ পত্নী তাহামিন চুলতানা বৰভূঞাই Assam Account Service ত 04 Rank দখল কৰি কলগাছিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। বোৱাৰীগৰাকীৰ সফলতাত উৎফুল্লিত হৈছে পৰিয়াল তথা কলগাছিয়াবাসী ।

আনহাতে কলগাছিয়াৰ ফৰহাদুল হাছানৰ পত্নী শ্বাবানা ৰাকিয়া আহমেদে Assam Account Service ত 309 Rank স্থান লাভ কৰাত উৎফুল্লিত হৈছে পৰিয়ালবৰ্গৰ লগতে কলগাছিয়াবাসীয়ে । এই সফলতাৰ পিচতে দুৰ্নীতিমুক্ত তথা স্বচ্ছভাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে দুয়োগৰাকী পৰীক্ষাৰ্থীয়ে ৷

লগতে পঢ়ক: অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.