ETV Bharat / state

চৌদি আৰবত মৃত্যু হোজাইৰ যুৱকৰ

author img

By

Published : May 12, 2020, 9:44 PM IST

বিগত কেইবা দিনো ধৰি ভিন্ন ৰোগত আক্ৰান্ত হৈ থকা হোজাই ডবকাৰ ২৭ বছৰীয়া যুৱক এজনৰ মৃত্যু হয় চৌদি আৰবত ।

one youth of assam died in saudi arabia
one youth of assam died in saudi arabia

হোজাই, 12 মে': চৌদি আৰৱত মৃত্যু হয় হোজাই ডবকাৰ গণিপুৰ কৰৈগুৰিৰ যুৱকৰ । চৌদি আৰবত মৃত্যু হোৱা ২৭ বছৰীয়া যুৱকজনৰ নাম ৰেহান উদ্দিন বুলি জানিব পৰৈ গৈছে । যুৱকজন প্ৰায় তিনি বছৰৰ পৰা কৰ্মসুত্ৰে থাকিছিল চৌদি আৰবত । কিন্তু বিগত কেইদিন মানৰ পৰা হঠাতে কফ, চৰ্দি, জ্বৰ আৰু চাইনাছ ৰোগত আক্ৰান্ত হয় যুৱকজন ।

চৌদি আৰবত মৃত্যু হোজাইৰ যুৱকৰ

সোমবাৰে নিশা যুৱকজন অধিক অসুস্থ হৈ পৰাত, সংকটজনক অৱস্থাত স্বতাধিকাৰীয়ে যুৱকজনক চিকিৎসালয়লৈ লৈ যায় যদিও আধা বাটতে মৃত্যুক সাৱটি লয় । যুৱকজন কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুহোৱা বুলি খবৰ বিয়পি পৰে সমগ্ৰ অঞ্চলটোত । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ডবকাতে সৃষ্টি হৈছে চাঞ্চল্যৰ । বৰ্তমানেও যুৱকজন কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি প্ৰমাণিত হোৱা নাই । সম্প্ৰতি যুৱকজনৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে পৰীক্ষাৰ বাবে ।

লগতে পঢ়কঃ বাংগালুৰুত মৃত্যু অসমৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.