ETV Bharat / state

কেন্দ্ৰীয় প্ৰতিনিধিয়ে পৰ্যবেক্ষণ কৰিলে হোজাইৰ বান পৰিস্থতি

author img

By

Published : May 28, 2022, 6:55 PM IST

শনিবাৰে হোজাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ভাৰত চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে ৷ তিনিজনীয়া দলটোৱে বানে কৰা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে জিলা উপায়ুক্তৰ লগতো এক আলোচনাত মিলিত হয় (Delegates of central government in Hojai)৷

Delegates of central government in Hojai
কেন্দ্ৰীয় প্ৰতিনিধিয়ে পৰ্যবেক্ষণ কৰিলে হোজাইৰ বান পৰিস্থতি

হোজাই, 28 মে’: হোজাই জিলাৰ বান পৰিস্থিতি শাম কাটিছে যদিও স্বাভাবিক অৱস্থা ঘূৰি অহা নাই ৷ কপিলীৰ জলপৃষ্ঠ বৰ্তমান নিয়ন্ত্ৰনাধীন । কিন্তু বিগত প্ৰায় ১৫ দিন ধৰি বানে জিলাখনত যি বিভীষিকা চলালে তাৰ পৰিপ্ৰেক্ষিতত বহু লোক বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে৷ তথ্য অনুসৰি জিলাখনৰ প্ৰায় একলাখ ৭৯ হাজাৰ লোক বানৰ দ্বাৰা প্ৰভাবিত হৈ আছে ৷ জিলাখনৰ দুটা ৰাজহ চক্ৰৰ ৯১ খন গাঁও পানীয়ে বিস্তৰ ক্ষতি কৰাৰ লগতে ৪,৬৮৭ হেক্টৰ কৃষিভূমি, ৪৫ টা পথ আৰু ৮৯ টা বান্ধ ক্ষতিগ্ৰস্ত হয় (Flood in Hojai)৷

ইয়াৰ মাজতে শনিবাৰে জিলাখনত বানে ক্ষতি কৰা অঞ্চলৰ পৰিস্থিতি বুজ ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল শনিবাৰে জিলাখনত উপস্থিত হয় (Delegates of central government in Hojai)৷ দলটোৱে প্ৰথমে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই আলোচনাত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকি কপিলীৰ বানৰ পৰা জিলাখনক মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা লোৱাৰ আহ্বান জনায় ।

কেন্দ্ৰীয় প্ৰতিনিধিয়ে পৰ্যবেক্ষণ কৰিলে হোজাইৰ বান পৰিস্থতি

উল্লেখ্য যে, প্ৰতিনিধিৰ দলটোত আছিল কৃষি বিভাগৰ জিন্টু দাস, জন শক্তি বিভাগৰ অজয় কুমাৰ সিংহ, গ্ৰামোন্নয়ন বিভাগৰ আমৰেন্দ্ৰ প্ৰতাপ সিং। দলটোৱে উপায়ুক্তৰ সভাকক্ষৰ বৈঠকৰ পাছত বানে বিধস্ত কৰা হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাইকাটা, ৰাজবাৰী, নভঙা, কেন্দুগুৰি, যোগিজান হৈ ডবকা ৰাজহ চক্ৰৰৰ অন্তৰ্গত যমুনামুখ অঞ্চল পৰিদৰ্শন কৰে ।

লগতে পঢ়ক: Dima Hasao Tragedy: ডিমা হাছাওত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.