ETV Bharat / state

Dima Hasao Tragedy: ডিমা হাছাওত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

author img

By

Published : May 28, 2022, 3:49 PM IST

বান আৰু ভূমিস্খলনৰ ফলত একপ্ৰকাৰৰ ধ্বংসস্তূপত পৰিণত হোৱা ডিমা হাছাও পৰিদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে (Delegation of central government in Dima Hasao)৷ ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ লোৱাৰ লগতে প্ৰতিনিধি দলটো উপায়ুক্তৰ কাৰ্যালয়ত এক সভাত মিলিত হয় ৷

Dima Hasao Tragedy
ডিমা হাছাওত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

ডিমা হাছাও, 28 মে’: ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা অসমৰ অন্যতম জিলা ডিমা হাছাওত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল (Delegation of central government in Dima Hasao)। কাছাৰ জিলাৰ বান পৰিস্থিতি আৰু বানৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি শনিবাৰে বায়ু সেনাৰ হেলিকপ্টাৰযোগে ডিমা হাছাও জিলাৰ সদৰ হাফলঙত উপস্থিত হয় ৰবিনেশ কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিনিধি দল ।

শনিবাৰে হাফলঙত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ(National Disaster Management Authority) বিত্তীয় উপদেষ্টা ৰবিনেশ কুমাৰ(Ravinesh Kumar in Dima Hasao), বিত্তীয় মন্ত্ৰালয়ৰ সহকাৰী সঞ্চালক অঞ্জলি মৌৰ্য, পৰিবহন মন্ত্ৰালয়ৰ বিষয়া এডেলবাৰট চুংগিয়ে বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা হাফলঙৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰে । ইয়াৰ পাছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এক বৈঠকত মিলিত হয় ৷ বৈঠকখনত উপায়ুক্ত নাজৰিন আহমেদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু মুকুট কেম্প্ৰাই, বিধায়ক নন্দিতা গাৰ্লোচা, উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলৰ লগতে লোক নিৰ্মাণ বিভাগ আৰু বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ৷

ডিমা হাছাওত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

বৈঠকৰ অন্তত ৰবিনেশ কুমাৰে সাংবাদিকৰ আগতে কয়, আমি ডিমা হাছাওৰ বান আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণৰ বুজ ল’বলৈ আহিছো(Dima Hasao Tragedy) ৷ ইতিমধ্যে ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিছো আৰু চৰকাৰক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা হ’ব ৷ চৰকাৰে ক’ত কিমান ক্ষতিপূৰণ দিব লাগে চৰকাৰী নিয়ম অনুসৰি এই ক্ষতিপূৰণ প্ৰদান কৰিব বুলি উল্লেখ কৰে ৰবিনেশ কুমাৰে ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া গুৱাহাটীত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগত কেন্দ্ৰীয় চৰকাৰ এই প্ৰতিনিধি দলটো এখন বৈঠকত মিলিত হ’ব ।

লগতে পঢ়ক: জল সম্পদ বিভাগ নহয়, খহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিছে গাঁৱৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.