7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 20, 2022, 7:02 PM IST

TOP 10 AT 7PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰাজ্যৰ 11834 গৰাকী বিধৱা মহিলালৈ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন

আজি তেজপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী-বিধায়কেও এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা পৰিলক্ষিত হয় (Assam CM Himanta Biswa Sarma) ৷ এই আঁচনিৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালসমূহৰ ৪৫ বছৰ বয়সলৈকে বিধৱা মহিলালৈ ২৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলাসকলক ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয় ।

অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত নতুন নিযুক্তি

শিক্ষা বিভাগত ৪,৭১৭ গৰাকীক লোকক নিযুক্তি প্ৰদান কৰা হ'ব (New appointment in education department)। বিদ্যালয় শিক্ষকৰ লগতে কলেজ শিক্ষককো নিযুক্তি দিয়া হ'ব । ১,২৯৮ গৰাকী গ্ৰেছ মাৰ্ক প্ৰাপ্ত টেট শিক্ষককো চৰ্ত সাপেক্ষে নিযুক্তি দিয়া হ'ব ।

ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ (Ranoj Pegu reacted to suspension of Victor Das)। আৰক্ষীৰ জিম্মাত থকাৰ বাবেই ভিক্টৰ দাসক নিলম্বন কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে কয় যে 1994 Assam Service discipline act ৰ অধীনত থকা দফা 6(1)(2) মতে যিকোনো ব্যক্তি ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থাকিলে তেওঁক নিলম্বন কৰা হয় বা নিলম্বিত হোৱা বুলি ধৰা হয় ।

সীমা সমস্যাৰ সমাধানৰ দৰে অসম চুক্তি ৰূপায়ণৰ প্ৰক্ৰিয়াও আগবাঢ়িব: মন্ত্রী অতুল বৰা

লখিমপুৰত ইন্দিৰা মিৰি বিধবা সাহায্য আঁচনিৰ এককালীন সাহায্যৰ চেক (Indira Miri Universal Widow Pension scheme) বিতৰণ কৰিলে মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে অসম চুক্তি ৰূপায়ণৰ প্ৰসংগতো মন্তব্য কৰে (Implementation of Assam Accord)৷

বিজেপিৰ বিদ্যুতে জ্বলাইছে অসমৰ ৰাইজক : জগদীশ ভূঞাৰ অভিযোগ

অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত শেহতীয়াকৈ বিদ্যুতৰ মাচুল বৃদ্ধি প্ৰসংগত সংবাদমেল সম্বোধন কৰি জগদীশ ভূঞাই (AJP GS Jagadish Bhuyan press conference) কয় যে বিদ্যুতৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে ডিজিটেল মিটাৰ ব্যৱহাৰৰ পিছত মাচুল বাঢ়িছে (AJP press conference on electricity bill hike) ।

চাকৰিৰ পৰা নিলম্বন কৰা হ’ল ভিক্টৰ দাসক

শিক্ষা সঞ্চালকালয়ে নিলম্বন কৰিলে ভিক্টৰ দাসক (Victor Das suspended)৷ চৰকাৰী শিক্ষক হৈ থকাৰ পাছতো ব্যক্তিগতভাৱে কোচিং কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল ভিক্টৰ দাসৰ বিৰুদ্ধে ৷

গহপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ জিলাৰ কেইবাটাও কাৰ্যসূচীত মঙলবাৰে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam CM at Biswanath)। জিলাখনৰ গহপুৰত উপস্থিত হৈ প্ৰথমে বৰপুখুৰীত থকা শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ আৱক্ষ মূৰ্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ১০০ খন বিচনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়খনৰ উদ্বোধন কৰে (Gahpur Sub Divisional Civil Hospital inauguration)।

বৰমাত আছুৰ পথ অৱৰোধ, আবদ্ধ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কনভয়

বাক্সাৰ বৰমাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ গোঁসাই কমল পথ অৱৰোধ (Barama Gosai Kamal road blocked by AASU) । পথত বহু সময় আবদ্ধ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কনভয় ।

শিশু শ্ৰম বন্ধৰ দাবীত জোনাইত শ্ৰমিক সন্থাৰ সজাগতামূলক সমদলৰ কাৰ্যসূচী

শিশু শ্ৰম বন্ধ কৰাৰ দাবীত জোনাইত শ্ৰমিক সন্থাৰ বিশাল সজাগতামূলক সমদল (Workers unions awareness rally in Jonai)। আজি জোনাইত ধেমাজি জিলা শ্ৰমিক সন্থাৰ উদ্যোগত জোনাই গান্ধী ময়দানৰ পৰা ৰুকচিন গেটলৈ এক বিশাল সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত 14 বছৰৰ তলৰ শিশুক কামত নিয়োজিত কৰা, শিশুক প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত কৰা, শ্ৰমিকসকলক উচিত মজুৰি দিয়া আদি বিভিন্ন দাবীৰে এই সজাগতামূলক সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে (Awareness rally taken out against child labour) ।

ধনসহ মহিলাৰ বেগ কাঢ়ি নিয়া চিলনী চোৰক থপিয়াই আনিলে স্থানীয় ৰাইজে

মহানগৰীত চিলনী চোৰৰ উপদ্ৰৱ অব্যাহত আছে ৷ এইবাৰ নাৰেংগীত এগৰাকী মহিলাৰ পৰা ধনৰ টোপোলা লৈ পলাওতেই ৰাইজে কৰায়ত্ব কৰিলে চোৰক ৷ ত্ৰিপুৰাৰ চোৰটোক কৰায়ত্ব কৰি আৰক্ষীক গতালে স্থানীয় যুৱকৰ দলে (Snatcher caught in Guwahati)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.