অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত নতুন নিযুক্তি

author img

By

Published : Sep 20, 2022, 6:22 PM IST

education

শিক্ষা বিভাগত ৪,৭১৭ গৰাকীক লোকক নিযুক্তি প্ৰদান কৰা হ'ব (New appointment in education department)। বিদ্যালয় শিক্ষকৰ লগতে কলেজ শিক্ষককো নিযুক্তি দিয়া হ'ব । ১,২৯৮ গৰাকী গ্ৰেছ মাৰ্ক প্ৰাপ্ত টেট শিক্ষককো চৰ্ত সাপেক্ষে নিযুক্তি দিয়া হ'ব ।

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : ৰাজ্যবাসীৰ বাবে সুখবৰ । পুনৰ ৰাজ্যত নতুন শিক্ষকক নিযুক্তি (New teachers appointed in Assam)। অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত ৪,৭১৭ গৰাকীক নিযুক্তি প্ৰদান কৰা হ'ব । বিদ্যালয় শিক্ষাৰ অধীনত ৩,৮১১ গৰাকী, উচ্চ শিক্ষাত ৮০৩ গৰাকী আৰু কাৰিকৰি শিক্ষাত ১০৩ গৰাকীক নিযুক্তি প্ৰদান কৰা হ'ব (New appointment in Assam education department)।

মঙলবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তেওঁ কয় যে এই নিযুক্তি খৰতকীয়াকৈ দিয়াৰ বাবে চৰকাৰে কাম কৰিছে । ২৩ ছেপ্টেম্বৰত ৪,৭১৭ গৰাকীক নিযুক্তি দিয়াৰ বাবে চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াত মাধ্যমিক শিক্ষাৰ একাংশ শিক্ষক বাছনি হোৱাৰ পাছতো চৰকাৰে নিযুক্তি দিব পৰা নাছিল ।

অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত নতুন নিযুক্তি

টেট উত্তীৰ্ণ প্ৰমাণ পত্ৰত গ্ৰেছ মাৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছিল । বিষয়টো এতিয়াও উচ্চ ন্যায়ালয়ৰ মজিয়াতে আছে । উচ্চ ন্যায়ালয়ৰ গোচৰৰ বাবেই ১,২৯৮ গৰাকী শিক্ষকক চৰকাৰে নিযুক্তি দিব পৰা নাছিল । শিক্ষা মন্ত্ৰীগৰাকীয়ে জনোৱা মতে অহা ২৩ ছেপ্টেম্বৰত ১,২৯৮ গৰাকী গ্ৰেছ মাৰ্ক প্ৰাপ্ত টেট শিক্ষককো চৰ্ত সাপেক্ষে নিযুক্তি দিয়া হ'ব ।

আনহাতে ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্তও পালন কৰিব চৰকাৰে । শিক্ষা মন্ত্ৰীগৰাকীৰ মতে শিক্ষকৰ নাটনিৰ বাবে পাঠদানত অসুবিধা হৈছে । তদুপৰি এতিয়াও কলেজ শিক্ষকৰ নাটনি আছে বুলি শিক্ষা মন্ত্ৰীয়ে উল্লেখ কৰে । আনহাতে একেদিনাই ৭১২ গৰাকী কলেজ শিক্ষককো নিযুক্তি দিয়া হ'ব ।

শেহতীয়াভাৱে ১২,৮১৫ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে । শিক্ষা মন্ত্ৰীয়ে উল্লেখ কৰা মতে ২০১১ৰ পৰা ব্যাপক পৰিৱৰ্তন আহিছে । ২০১১ চনৰ পৰা বৰ্তমানলৈ ২ লাখতকৈ অধিক শিক্ষকৰ নিযুক্তি হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ইমান কম সময়ৰ ভিতৰত ইমান নিযুক্তি হোৱা নাছিল । শিক্ষা বিভাগৰ এখন শ্বেতপত্ৰ দুমাহৰ ভিতৰত মুকলি কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ৰাইজৰ দল এৰিলে ভবেন সন্দিকৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.