বৰমাত আছুৰ পথ অৱৰোধ, আবদ্ধ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কনভয়

author img

By

Published : Sep 20, 2022, 5:32 PM IST

Updated : Sep 20, 2022, 5:55 PM IST

AASU leader threating to terrible movement

বাক্সাৰ বৰমাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ গোঁসাই কমল পথ অৱৰোধ (Barama Gosai Kamal road blocked by AASU) । পথত বহু সময় আবদ্ধ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কনভয় ।

বাক্সা, ২০ ছেপ্টেম্বৰ : বাক্সা জিলাৰ এটা ঐতিহ্যমণ্ডিত পথ হৈছে গোঁসাই কমল পথ । কিন্তু এই গুৰুত্বপূৰ্ণ গোঁলাই কমল পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছে । তাৰ পিছতো গড়কাপ্তানি বিভাগে পথটো মেৰামতি কিম্বা পুনৰ নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান কৰা নাই । যাৰ পৰিপ্ৰেক্ষিতত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে বৰমাৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে (Mushalpur Student Road bloked) ।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে পথটো অৱৰোধ কৰি শীঘ্ৰে নিৰ্মাণৰ দাবী জনায় (Barama Gosai Kamal road blocked by AASU) । আনহাতে, পথ অৱৰোধ কাৰ্যসূচী চলি থকাৰ সময়তে উক্ত পথটোৰে আহে বাক্সা জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে মন্ত্ৰী ইউ জি ব্ৰহ্ম (minister UG Brahma convoy stuck for protest) ।

বৰমাত আছুৰ পথ অৱৰোধ, আবদ্ধ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কনভয়

বৰমা মহাবিদ্যালয়ত চলি থকা বিধৱাৰ এককালীন সাহায্য প্ৰদানৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পথটোৰে অহা বাক্সা জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে মন্ত্ৰী ইউ জি ব্ৰহ্মৰ বাহনসমূহ বহু সময় ধৰি আবদ্ধ হৈ পৰে । উল্লেখ্য, বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেৰকুছি হৈ ভূটানৰ চানদ্ৰুপজংখালৈ যাব পৰা ঐতিহাসিক গোঁসাই কমল গড়কাপ্তানি পথটো মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে (poor condition of Barama Gosai Kamal road) ।

ইয়াৰ উপৰি পথটোৰ মাজত থকা দলং ভাঙি যোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তপক্ষই । সেয়ে প্ৰতিবাদকাৰীসকলে উক্ত পথটো শীঘ্ৰে মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে (students demand reconstruction of roads in Baksha) । আনহাতে, প্ৰতিবাদস্থলীত আবদ্ধ হৈ পৰা বাক্সা জিলা উপায়ুক্ত মাচান্দা মেগদিনা পাৰ্টিনক আগচি ধৰি শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে ।

অন্যথা পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত ইয়াতকৈ অধিক ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট হুংকাৰ দিয়ে ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই (AASU leader threating to terrible movement) ।

লগতে পঢ়ক :শিৱসাগৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

Last Updated :Sep 20, 2022, 5:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.