বিজেপিৰ বিদ্যুতে জ্বলাইছে অসমৰ ৰাইজক : জগদীশ ভূঞাৰ অভিযোগ

author img

By

Published : Sep 20, 2022, 5:09 PM IST

ajp

অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত শেহতীয়াকৈ বিদ্যুতৰ মাচুল বৃদ্ধি প্ৰসংগত সংবাদমেল সম্বোধন কৰি জগদীশ ভূঞাই (AJP GS Jagadish Bhuyan press conference) কয় যে বিদ্যুতৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে ডিজিটেল মিটাৰ ব্যৱহাৰৰ পিছত মাচুল বাঢ়িছে (AJP press conference on electricity bill hike) ।

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : "সাধাৰণতে বিদ্যুতে বন্তি জ্বলায় । অসম বিজেপিৰ বিদ্যুতে অসমৰ ৰাইজক জ্বলাই আছে ।" এই মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ । মঙলবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত শেহতীয়াকৈ বিদ্যুতৰ মাচুল বৃদ্ধি প্ৰসংগত সংবাদমেল সম্বোধন কৰি জগদীশ ভূঞাই (AJP GS Jagadish Bhuyan press conference) কয় যে বিদ্যুতৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে ডিজিটেল মিটাৰ ব্যৱহাৰৰ পিছত মাচুল বাঢ়িছে (AJP press conference on electricity bill hike) ।

কিন্তু এই কথাটো ইমান সহজ আৰু সৰল নহয় বুলি মন্তব্য জগদীশ ভূঞাৰ । আচলতে APDCL-ত বিদ্যুৎ যোগান, মিটাৰ ক্ৰয় আৰু সংযোগ, বিল প্ৰস্তুতকৰণ এনে বিষয়বোৰত দীৰ্ঘদিনৰে পৰা সংঘটিত হৈ থকা অনিয়ম আৰু দুৰ্নীতিৰ পৰিণতি এতিয়া ৰাইজে ভোগ কৰি আছে । মিটাৰ সংযোগ আৰু বিল প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ২০০৭-০৮ চনৰ পৰাই উক্ত অনিয়মসমূহ সংঘটিত হ'বলৈ আৰম্ভ হয় (AJP slammed BJP govt on electricity bill hike) । ২০২০ চনত, কোভিডৰ ভৰপক সময়ত চৰকাৰী সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে আৰোপ কৰা শিথিলতাৰ সুযোগ লৈ অতি সন্তর্পণে APDCL-ত কিছুমান অনিয়ম সংঘটিত হয় ।

বিজেপিৰ বিদ্যুতে জ্বলাইছে অসমৰ ৰাইজক : জগদীশ ভূঞাৰ অভিযোগ

২০২০ চনৰ অক্টোবৰত APDCL-এ ৩ লাখ ডিজিটেল মিটাৰ ক্ৰয়ৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে । নিবিদা লাভ কৰে ANVIL Cable নামৰ এটা প্ৰতিষ্ঠানে । ঠিকাৰ মূল্য আছিল ১০৮ কোটি টকা । এই Anvil Cable নামৰ প্ৰতিষ্ঠানটো কোনো মিটাৰ উৎপাদনকাৰী প্ৰতিষ্ঠান নহয় । তেওঁলোকে crystal মিটাৰ নামৰ এটা কোম্পানীৰ পৰা মিটাৰ ক্ৰয় কৰিছে । তেওঁলোক হৈছে মধ্যভোগী ।

তেনে ক্ষেত্ৰত দেশত ইমানকেইটা মিটাৰ উৎপাদনকাৰী প্ৰতিষ্ঠান থকাৰ পিছতো মিটাৰ উৎপাদন কৰাৰ অভিজ্ঞতা নথকা কোম্পানীটোক কিয় দায়িত্ব দিয়া হ'ল বুলি প্ৰশ্ন কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে । আনহাতে, Anvil Cable-এ লগোৱা মিটাৰ কিমান ত্ৰুটিমুক্ত সেই পৰীক্ষা কোনে, ক'ত আৰু কিমানটা মিটাৰ পৰীক্ষা কৰি কৰিছিল তাৰ তথ্য ৰাজহুৱা কৰিব লাগে বুলিও মন্তব্য কৰে জগদীশ ভূঞাই । তেওঁ লগতে কয় যে APDCL RAPDRP (Restructured Accelerated Power Development and Reform Program) নামৰ এখন আঁচনি আছে ।

ইয়াৰ অধীনত গুৱাহাটীৰ ছয়মাইলত APDCL-ৰ মাটিত APDCL-ৰ টকাৰে ৩৫০ কোটি টকা ব্যয় কৰি ডাটা চেণ্টাৰ স্থাপন কৰা হৈছিল । উক্ত চেণ্টাৰটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যক সেৱা আগবঢ়ায় । ডাটা চেণ্টাৰটোৰ কাম হৈছে ৰাজ্যৰ ৬৫ লাখ বিদ্যুৎ গ্ৰাহকৰ তথ্য জমা ৰখা । উক্ত তথ্যৰ ভিত্তিত সমগ্র বিল ব্যবস্থা পৰিচালিত হয় । ২০১৯-২০ চনত APDCL-এ গ্ৰাহকৰ এই সমগ্র তথ্য নিজা ডাটা চেণ্টাৰত ৰখাৰ পৰিৱৰ্তে SAI Future নামৰ দিল্লীৰ এটা কোম্পানীৰ i cloud ভাড়াত লৈ জমা কৰে । তেওঁলোকক ৩ বছৰৰ বাবে বছৰি ৪ কোটিকৈ টকা দিয়াৰ চুক্তি কৰা হয় ।

৩৫০ কোটি টকা ব্যয় কৰি নিজা ডাটা চেণ্টাৰ স্থাপনৰ পিছতো বাহিৰা কোম্পানীৰ ডাটা চেণ্টাৰ কিয় ব্যৱহাৰ কৰিবলগীয়া হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে অজাপৰ সাধাৰণ সম্পাদকগৰাকীয়ে । ইয়াৰ বিপৰৰীতে উত্তৰ-পূবৰ বাকী ৬ খন ৰাজ্যই APDCL-ৰ ডাটা চেণ্টাৰটোকে ব্যৱহাৰ কৰি থকা বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখযোগ্য যে APDCL-ৰ ডাটা চেণ্টাৰটো পৰিচালনাৰ বাবে ১৫০ গৰাকী IT Engineer-ক নিযুক্তি দিয়া হৈছিল । কিন্তু সেইসকলক ডাটা চেণ্টাৰৰ সলনি অন্য কামত ব্যৱহাৰ কৰি থকা হৈছে বুলি তেওঁ অভিযোগ কৰে ।

ইয়াৰ আঁৰৰ ৰহস্য কি বুলি উল্লেখ কৰি তেওঁ মন্তব্য কৰি তাত আন এটা বিত্তীয় অনিয়ম চকুত পৰা বুলি আঙুলিয়াই দিয়ে জগদীশ ভূঞাই । আনহাতে, APDCL-ৰ যিটো ব্যৱস্থাৰ অধীনত বিদ্যুতৰ বিল প্ৰস্তুত কৰা হয় তাক ARMS (APDCL Revenue Management System)ৰ অধীনত পৰিচালনা কৰা হয় । এই ARMS ব্যৱস্থাটো চলাবৰ কাৰণে এটা software ব্যৱহাৰ কৰা হয়, যাৰ নাম e-suvidha । এই Software-টো artificial intelligence based software । এই Software-টো APDCL-ক যোগান দিছে সিংঘাল উদ্যোগ নামৰ এটা কলকাতাৰ প্ৰতিষ্ঠানে ।

জগদীশ ভূঞাই প্ৰকাশ কৰা মতে, সিংঘাল উদ্যোগক APDCL-এ এই ঠিকা প্ৰদান কৰে ২০২০ চনৰ কোভিডৰ সময়ত । কিন্তু e-suvidha software-টো APDCL-এ ক্ৰয় কৰিছে নে ভাড়ালৈ লৈছে সেইটো স্পষ্ট নহয় বুলি দাবী কৰে জগদীশ ভূঞাই । তাৎপর্যপূর্ণভাৱে সিংঘাল উদ্যোগৰ লগত হোৱা চুক্তিত এইটো স্পষ্টকৈ উল্লেখ আছে যে e-subidha software-ৰ intellectual property right সিংঘাল উদ্যোগৰ হাততে থাকিব ।

অর্থাৎ অসমৰ ৬৫ লাখ বিদ্যুৎ গ্ৰাহকৰ যাৱতীয় তথ্য এটা বাহিৰা ব্যক্তিগত কোম্পানীৰ হাতত জমা থাকিব, যাৰ নিৰাপত্তা সন্দেহৰ আৱৰ্তত বুলি তেওঁ দাবী কৰে । সেয়েহে অসম জাতীয় পৰিষদে মিটাৰ ক্ৰয়, i cloud ভাড়ালৈ লোৱা, নিজা ডাটা চেণ্টাৰ ব্যৱহাৰ নকৰা আৰু e-subidha software-ৰ নিৰ্ভৰযোগ্যতা তথা সিংঘাল উদ্যোগৰ সৈতে হোৱা চুক্তিত সংঘটিত সম্ভাৱ্য অনিয়মৰ CBI তদন্তৰ দাবী জনায় ।

লগতে পঢ়ক :বিজেপি চৰকাৰে কৰ বৃদ্ধিৰে অসমৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে : লুৰীণজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.