গহপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

By

Published : Sep 20, 2022, 4:41 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বিশ্বনাথ জিলাৰ কেইবাটাও কাৰ্যসূচীত মঙলবাৰে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam CM at Biswanath)। জিলাখনৰ গহপুৰত উপস্থিত হৈ প্ৰথমে বৰপুখুৰীত থকা শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ আৱক্ষ মূৰ্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ১০০ খন বিচনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়খনৰ উদ্বোধন কৰে (Gahpur Sub Divisional Civil Hospital inauguration)। লগতে গহপুৰ আৰক্ষী থানাও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma visits Gahpur Police station)। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক উৎপল বৰা আৰু বিধায়ক ৰঞ্জিত দত্তই । ইফালে মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে ঘাঁহিগাঁৱত উপস্থিত হৈ এটা ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.