ৰাজ্যৰ 11834 গৰাকী বিধৱা মহিলালৈ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন

author img

By

Published : Sep 20, 2022, 5:51 PM IST

Himanta Biswa Sarma launched IMUWP Scheme in Tezpur

আজি তেজপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী-বিধায়কেও এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা পৰিলক্ষিত হয় (Assam CM Himanta Biswa Sarma) ৷ এই আঁচনিৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালসমূহৰ ৪৫ বছৰ বয়সলৈকে বিধৱা মহিলালৈ ২৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলাসকলক ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয় ।

নেউজ ডেস্ক, 20 ছেপ্টেম্বৰ: মহিলা সৱলীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক আঁচনিৰ নাম হৈছে ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি (Indira Miri Universal Widow Pension Scheme) । এই আঁচনিৰ অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাসকলক পেঞ্চন যোগান ধৰা হয় ।

এই আঁচনিৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালসমূহৰ ৪৫ বছৰ বয়সলৈকে বিধৱা মহিলালৈ ২৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলাসকলক ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয় (Assam Govt Provides financial Assistance)।

এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে, মহিলাসকলক উন্নত জীৱিকা প্ৰদান কৰা, নিৰাশ মহিলাসকলক সবল কৰা আৰু বৃদ্ধাসকলক সামাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদান কৰা ৷ আনহাতে, ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুখ্য ভূমিকা পালন কৰিছে ।

ৰাজ্যৰ 11834 গৰাকী বিধৱা মহিলালৈ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি

উল্লেখ্য যে, আজি তেজপুৰত এই আঁচনিৰ শুভাৰম্ভ কৰিবলৈ কলেজিয়েট হাইস্কুল খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ৷ তেজপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত ৰাজ্যৰ 11834 গৰাকী বিধৱা মহিলাক ২৫,০০০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে (Indira Miri Universal Widow Pension Scheme at Tezpur) ৷

আনহাতে শুভাৰম্ভনীৰ অনুষ্ঠানটোত শোণিতপুৰ জিলাৰ 464 গৰাকী, বিশ্বনাথ জিলাৰ 231 গৰাকী, ওদালগুৰি জিলাৰ 175 গৰাকী আৰু নগাঁও জিলাৰ 721 গৰাকী মহিলা হিতাধিকাৰীক প্ৰদান কৰে এই ধন ।

একেটা অনুষ্ঠানতে শোণিতপুৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত হোৱা 44 টা পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ১ লাখ টকাকৈ চেক প্ৰদান কৰে । অনুষ্ঠানটোত অসম চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাস, মন্ত্ৰী অশোক সিংঘাল, তেজপুৰ লোকসভাৰ সাংসদ পল্লব লোচন দাস আৰু শোণিতপুৰ জিলাৰ বিধায়কসকল উপস্থিত থাকে ।

আনহাতে মুখ্যমন্ত্ৰীয়ে আজি তেজপুৰত এই আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক সংখ্যক মন্ত্ৰী-বিধায়কেও এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা পৰিলক্ষিত হয় (Indira Miri Universal Widow Pension Scheme in Assam) ৷ মঙলদৈত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে (Minister Pijush Hazarika) ৷

এই আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি কয় যে দৰং জিলাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ পাৰ পৰবৰ্ত্তী সময়ত বানৰ পৰা মুক্ত হ'ব । লগতে ভঙা মথাউৰিবোৰো অতি সোনকালেই মেৰামতি কৰিব উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে আমগুৰিতো ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়৷ আমগুৰি নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত আমগুৰি উন্নয়ণ খণ্ড, গৌৰীসাগৰ উন্নয়ণ খণ্ড আৰু আমগুৰি পৌৰসভাৰ অধীনস্থ ২৮৪ গৰাকী বিধৱা মহিলাসকলক ২৫,০০০ টকাকৈ চেক বিতৰণ কৰে ।

এই অনুষ্ঠানত আমগুৰি উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া, গৌৰী সাগৰ উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ হৈ প্ৰতিনিধি নিত্যা কলিতা, আমগুৰি পৌৰসভাৰ পৌৰপতি উপস্থিত থাকে ।

আনফালে ডিব্ৰুগড়তো জিলা প্ৰশাসনৰ উদ্যোগত আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহতো ৩৫৭ গৰাকী বিধৱা মহিলাক আনুষ্ঠানিকভাৱে ২৫,০০০ কৈ টকাৰ চেক প্ৰদান কৰিলে জিলা প্ৰশাসনে । আজিৰ এই অনুষ্ঠানত ৬ গৰাকী মহিলা হিতাধিকাৰীক আনুষ্ঠানিকভাবে সাহায্য চেক প্ৰদান কৰাৰ বিপৰীতে বাকী হিতাধিকাৰীৰ চেকসমূহ ব্লকসমূহৰ বিষয়ববীয়াসকলৰ দ্বাৰা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে জিলা প্ৰশাসনে ।

অনুষ্ঠানটোত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালা, ডিব্ৰুগড়ৰ উন্নয়ণ প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, জিলা পৰিষদৰ উপ-সভানেত্ৰী পুষ্পাঞ্জলি সোনোৱালৰ লগতে বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে, কোকৰাঝাৰ চহৰস্থিত বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত জিলা অতিৰিক্ত উপায়ুক্ত ৰাজীব দাস, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম, কোকৰাঝাৰ ডি আৰ ডি এৰ কাৰ্যবাহী অভিযন্তা খলিলুৰ ৰহমান আৰু কোকৰাঝাৰ উন্নয়ণ খণ্ডৰ বিষয়া সমীৰ বসুমতাৰী উপস্থিতিত ৪৪০ গৰাকী বিধৱা মহিলা হিতাধিকাৰীৰ মাজত ২৫,০০০ টকাৰ আৰ্থিক সাহাৰ্য বিতৰণ কৰে ৷

লগতে পঢ়ক: জেচিবি চলাই অমৃত সৰোবৰ আঁচনি শুভাৰম্ভ যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.