11 বজাৰ 10 টা শীৰ্ষ খবৰ

author img

By

Published : Oct 2, 2022, 11:18 AM IST

top-10-at-11pm

11 বজাৰ 10 টা শীৰ্ষ খবৰ

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: পুখুৰীত পৰি মৃত্যু 26 গৰাকী তীৰ্থযাত্ৰীৰ

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in UP) ৷ পথ দুৰ্ঘটনাত ২৫ গৰাকী তীৰ্থযাত্ৰীৰ থিতাতে নিহত হোৱাৰ লগতে পৰৱৰ্তী সময়ত আন এজন তীৰ্থযাত্ৰীৰ মৃত্যু হয় (Pilgrims dead after tractor trolley falls into pond) ৷ উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ উপকণ্ঠ অঞ্চলৰ ঘাটামপুৰ অঞ্চলত শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা ৷

মেঘালয়ৰ ছেক্স ৰেকেটত অভিযুক্ত বিজেপি নেতাক জামিন

তুৰা মহিলা আৰক্ষী থানাত বিজেপি নেতা বাৰ্ণাৰ্ড এন মাৰাকৰ বিৰুদ্ধে অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬ ৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । শনিবাৰে তেওঁক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে(Meghalaya High Court)

RBI Tokenisation Rule : টোকেনাইজেচন সম্পৰ্কে জানিবলগীয়া কেইটামান কথা

কাৰ্ড লেনদেন অধিক সুৰক্ষিত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) কাৰ্ডধাৰকসকলক তেওঁলোকৰ কাৰ্ডবোৰ টোকেন কৰিবলৈ আহ্বান জনাইছে । (Tokenize Debit or Credit cards) । টোকেনাইজেচন মানে ই সংবেদনশীল ডাটাৰ সলনি একক চিনাক্তকৰণ নম্বৰ প্ৰদান কৰে, যিয়ে ইয়াৰ সুৰক্ষাৰ সৈতে আপোচ নকৰাকৈ ডাটাৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য ৰাখে ।

৫G ম’বাইল সেৱা উদ্বোধনী অনুষ্ঠানত অসমৰ মন্ত্ৰী কেশৱ মহন্ত

প্ৰগতি ময়দানত ৰাজ্যসমূহৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকলৰ সন্মিলনত মন্ত্ৰী কেশৱ মহন্তৰ অংশ গ্ৰহণ (5G mobile service)। প্ৰথম দিনাৰ কাৰ্যসূচীত ভাগ লৈ ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী মহন্তই অসমত তথ্য-প্ৰযুক্তি খণ্ডৰ দ্ৰুত সম্প্ৰসাৰণৰ লগতে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ ক্ষিপ্ৰ-ফলপ্ৰসূ ৰূপায়ণেৰে জনসাধাৰণক উপকৃত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সদৰী কৰে ।

মৰাণত গান্ধী জয়ন্তী উপলক্ষে মৰাণত জাতিৰ পিতালৈ শ্ৰদ্ধাৰ্ঘ্য়

দেশজুৰি উদয়াপন কৰা হৈছে গান্ধী জয়ন্তী ৷ মৰাণৰ গান্ধী উদ্যানত বিধায়ক চক্ৰধৰ গগৈ (MLA Chakradhar Gogoi) আৰু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰাৱনা সোণোৱালৰ উপস্থিতিত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰা হয় (Gandhi Jayanti celebrated at Maran)। তদুপৰি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ (Statue of Mahatma Gandhi at Maran) সন্মুখত বন্তি প্ৰজ্বলন কৰে আয়োজকসকলে । ইপিনে, ভাৰতীয় জনতা পাৰ্টীৰ খোৱাং মণ্ডলৰ উদ্যোগত আৰু তিলৈ গাঁও পঞ্চায়তৰ সহযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সেৱা পষেকৰ (Sewa Pakhwada at Maran)লগত সংগতি ৰাখি স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ।

ফুটবল খেলত মাৰপিট, ১২৯ গৰাকীৰ মৃত্যু

ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশৰ ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে । ফুটবল খেলৰ অন্তত হোৱা প্ৰচণ্ড উত্তেজনাময় পৰিৱেশৰ মাজত ১২৯ গৰাকী লোকৰ মৃত্যু (129 football fans died)। বহু দৰ্শকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

তাচ পাতৰ দৰে খহি পৰিল তিনিমহলীয়া অট্টালিকা

মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত শনিবাৰে নিশা আকস্মিকভাৱে খহি পৰে এটা তিনিমহলীয়া অট্টালিকা (Building collapsed in Navi Mumbai) ৷ ফলত এজন লোকৰ মৃত্যু হয় (One dead in building collapse in Navi Mumbai) ৷ লগতে বহুকেইজন লোক আহত হয় ৷ চৰকাৰী সূত্ৰই জনোৱা মতে, অট্টালিকাটো অতি পুৰণি আছিল আৰু তাত ৪১টা পৰিয়াল বাস কৰিছিল ।

জোনাইৰ দূৰ্গা পূজা মণ্ডপত অগণন ভক্তৰ ভিৰ

শাৰদীয় দুৰ্গা পূজাকলৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে উখল-মাখল পৰিৱেশৰ (Durga Puja in Assam)। পূজা মণ্ডপসমূহত প্ৰতিষ্ঠা কৰা হ'ল দেৱী দুৰ্গাক (Durga Puja 2022 in Assam) । ঢাকৰ শব্দ আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণত প্ৰাণ পাই উঠিল জোনাইৰ ৫ খন দুৰ্গা পূজা মণ্ডপ (Durga Puja Celebrates at Jonai)। শনিবাৰে সমগ্ৰ ৰাজ্য়ৰ লগতে জোনাইতো শাৰদীয় দুৰ্গা পূজাৰ মহাষষ্ঠীৰ দিনা মণ্ডপে মণ্ডপে দেখা গ'ল অগণন ভক্তৰ ভিৰ । অসম-অৰুণাচল সীমান্তৰ জোনাইৰ প্ৰায় পাঁচখন পূজা মণ্ডপৰ দ্বাৰ মুকলি কৰি মা দূৰ্গাৰ আশীষ ল'ল অগণন ভক্তই ।

নৱী মুম্বাইত ১৪৭৬ কোটি টকাৰ মেথ আৰু ক’কেইন জব্দ

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বৃহৎ সাফল্য ৷ কেন্দ্ৰীয় সংস্থাটোৱে নৱী মুম্বাইত অভিযান চলাই জব্দ ১৪৭৬ কোটি টকাৰ মেথ, ক’কেইন (Directorate of Revenue Intelligence ) ৷ কমলাৰ কাৰ্টনত লুকুৱাই থোৱা আছিল নিষিদ্ধ সামগ্ৰীখিনি ।

নামনি মাজুলীত গঁড়ৰ মুক্ত বিচৰণ

নামনি মাজুলীত গঁড়ৰ মুক্ত বিচৰণ (Rhinoceros roam free in Majuli) ৷ ভালুক মৰা, পহুমৰা আৰু বোকুৰা অঞ্চলত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ । এমাহ পূৰ্বে কাজিৰঙাৰ(Kaziranga national park) পৰা ওলাই আহিছিল তিনিটাকৈ গঁড় ৷ তাৰে দুটা গঁড়ে নামনি মাজুলীত আৰু এটাই দক্ষিণ মাজুলী অঞ্চলত চলাইছে সন্ত্ৰাস । দেওবাৰে পুৱাৰ ভাগত বোকুৰা অঞ্চলত স্থানীয়লোকে প্ৰত্যক্ষ কৰে গঁড় দুটা । গড়ৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.