তাচ পাতৰ দৰে খহি পৰিল তিনিমহলীয়া অট্টালিকা

By

Published : Oct 2, 2022, 10:35 AM IST

thumbnail

মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত শনিবাৰে নিশা আকস্মিকভাৱে খহি পৰে এটা তিনিমহলীয়া অট্টালিকা (Building collapsed in Navi Mumbai) ৷ ফলত এজন লোকৰ মৃত্যু হয় (One dead in building collapse in Navi Mumbai) ৷ লগতে বহুকেইজন লোক আহত হয় ৷ চৰকাৰী সূত্ৰই জনোৱা মতে, অট্টালিকাটো অতি পুৰণি আছিল আৰু তাত ৪১টা পৰিয়াল বাস কৰিছিল । ইতিমধ্যে ঘটনাটোৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত পাৰখাইৰাণে আৰু বেলাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে (Rescue operation is going) ৷ ইয়াৰ লগতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ বৰ্তমানলৈকে সমগ্ৰ ঘটনাটোত হোৱা ক্ষয়-ক্ষতি আৰু বিনষ্ট হোৱা সামগ্ৰীৰ সঠিক হিচাপ লাভ কৰিব পৰা হোৱা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.