মঙলদৈত গণেশ বাবাৰ আশিস ল'লে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:06 PM IST

thumbnail

দৰং, 26 এপ্ৰিল: শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ মুঠ 5 টা সমষ্টিৰ অন্যতম দৰং-ওদালগুৰি সমষ্টিতো পুৱা 7 বজাৰে পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ গণতন্ত্ৰৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে সমষ্টিটোৰ প্ৰায় 22 লাখ ভোটাৰে ৷ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিচত সংসদীয় সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই আশিস ল’লে গণেশ বাবাৰ ৷

মঙলদৈৰ ৮ নং ৱাৰ্ডৰ গণেশ মন্দিৰত বিধায়ক বসন্ত দাসৰ লগতে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, অগপৰ প্ৰাক্তন বিধায়ক হীৰেন দাসে সংগ দিয়ে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক । এইবাৰ বালি আৰু বোকাত পদুম ফুলিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাৰ্থী দিলীপ শইকীয়াই ৷

কংগ্ৰেছৰ বিধায়ক বসন্ত দাসে কয় যে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ জয় নিশ্চিত । 

লগতে পঢ়ক: বিজেপিৰ বিপৰ্যয়ৰ আশংকা কৰি ৰাজেন গোহাঁইৰ হুংকাৰ : জবাব দিব লাগিব নেতৃত্বই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.