ETV Bharat / politics

বিজেপিৰ বিপৰ্যয়ৰ আশংকা কৰি ৰাজেন গোহাঁইৰ হুংকাৰ : জবাব দিব লাগিব নেতৃত্বই - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 4:17 PM IST

অসমত বিজেপিৰ বিপৰ্যয়ৰ আশংকা ৷ ভোটাধিকাৰ সাব্যস্ত কৰি ই টিভি ভাৰতৰ সন্মুখত বিস্ফোৰক মন্তব্য বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ ৷ বিজেপিৰ বিপৰ্যয়ৰ বাবে জবাব দিব লাগিব ৰাজ্যিক নেতৃত্বই ৷ ৰাজেন গোহাঁইৰ মতে কোনে নিজকে সৰ্বেসৰ্বা বুলি ভাবে বিজেপিত, কোনে নিজকে সৰ্বাধিক জনপ্ৰিয় বুলি ভাবে ?

LOK SABHA ELECTION 2024
দলৰ বিপৰ্যয়ৰ আশংকা প্ৰকাশ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য

নগাঁও, 26 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা নগাঁৱত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপিৰ জ্যেষ্ঠ নেতা, চাৰিবাৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে ৷ কাৰো নাম উল্লেখ নকৰাকৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ মন্তব্য- "তেওঁ নিজকে বিজেপিত সৰ্বেসৰ্বা বুলি ভাবিলেই নহ'ব, নিজকে সৰ্বাধিক জনপ্ৰিয় বুলি ভাবিলেই নহ'ব ৷ দলটোক সঠিভকভাৱে পৰিচালনা কৰিব লাগিব ৷"

ইফালে এইবাৰ নিৰ্বাচনত অসমত বিজেপিৰ কিছু বিপৰ্যয়ৰো আশংকা প্ৰকাশ কৰে ৰাজেন গোহাঁয়ে ৷ দলটোৰ বিপৰ্যয় হ’লে ৰাজ্যিক সভাপতি ভবেশ কলিতাসহ দলটোক নেতৃত্ব দিয়া সকলে জবাব দিব লাগিব বুলিও এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰে জ্যেষ্ঠ বিজেপি নেতাজনে ৷ উল্লেখযোগ্য যে, পূৰ্বেও কেইবাবাৰো দলৰ নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছিল এইগৰাকী বিজেপি নেতা ৰাজেন গোহাঁয়ে ৷ সমষ্টি পুনৰনিৰ্ধাৰণ, নগাঁও লোকসভা সমষ্টিত বিৰোধীক ৱাকঅভাৰ দিয়া বুলিও পূৰ্বেই মন্তব্য কৰিছিল তেওঁ ৷

আনহাতে অটল বিহাৰী বাজপেয়ীৰ দিনলৈকে বিজেপি দলটো এক সুন্দৰ আদৰ্শৰ দল হৈ আছিল বুলি মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে ৷ কিন্তু বৰ্তমান সেই আদৰ্শ দলত নাই বুলি কয় তেওঁ ৷ তেওঁ কয় যে, এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে আশা কৰা ধৰণে ফলাফল লাভ নকৰে ৷ এইক্ষেত্ৰত ক’ৰবাত বিসংগতি দেখা পোৱা বুলি উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতাজনে ৷

লগতে পঢ়ক : ভোটগ্ৰহণ কেন্দ্ৰত ৰাজনৈতিক নেতাৰ ভিৰ : চাওক কোনে ক’ত কৰিলে ভোটদান - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.