ETV Bharat / politics

ভোটগ্ৰহণ কেন্দ্ৰত ৰাজনৈতিক নেতাৰ ভিৰ : চাওক কোনে ক’ত কৰিলে ভোটদান - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 1:01 PM IST

Updated : Apr 26, 2024, 2:25 PM IST

LOK SABHA ELECTION 2024
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে ৰাজনৈতিক নেতাসকলে ৷ সেই অনুসৰি, তামুলপুৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, সপত্নীক ছিপাঝাৰত বিধায়ক পৰমানন্দ ৰাজবংশীৰ উপৰিও বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ো ভোট প্ৰদান কৰা খবৰ পোৱা গৈছে ৷

নিউজ ডেস্ক, 26 এপ্ৰিল: সম্প্ৰতি ৰাজ্যত অব্যাহত আছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ মঙলদৈ সমষ্টিটো নামাকৰণ কৰা হৈছে দৰং-ওদালগুৰি সমষ্টি হিচাপে ৷ পূৰ্বে সমষ্টিটোত 10 টা বিধানসভা সমষ্টি আছিল ৷ কিন্তু এইবাৰ এই সংখ্যা 11 টালৈ বৃদ্ধি পাইছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পুৱা 11 বজালৈকে সমষ্টিটোত ভোটদানৰ হাৰ হৈছে 28.81 শতাংশ ৷

প্ৰমোদ বড়ো :

তামুলপুৰৰ 2 নং সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হৈছে ভোটগ্ৰহণ কাৰ্য ৷ এই বিদ্যালয়ত শুকুৰবাৰে পুৱা উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ বড়োৱে উপস্থিত ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনোৱা দেখা যায় ৷ একমাত্ৰ উন্নয়নৰ স্বাৰ্থতে বিজেপিক ভোট দিবলৈ বিটিআৰ প্ৰধানগৰাকীয়ে ৰাইজক উদ্দেশ্যি আহ্বান জনায় ৷

প্ৰমোদ বড়োৰ ভোটদান

পৰমানন্দ ৰাজবংশী :

আনহাতে, ভোটগ্ৰহণৰ দিনা পুৱা পত্নীৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হয় ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী ৷ বিধায়কগৰাকীয়ে ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত সাব্যস্ত কৰে ভোটাধিকাৰ ৷ অঞ্চলটোৰ বাসিন্দা হিচাপে বিধায়ক ৰাজবংশীয়ে প্ৰথমবাৰৰ বাবে বিদ্যালয়খনত ভোটাধিকাৰ সাব্যস্ত কৰা বুলি প্ৰকাশ কৰে ৷

পৰমানন্দ ৰাজবংশীৰ ভোটদান

ভোট দিয়াৰ পিছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক ৰাজবংশীয়ে কয়, সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে অনায়াসে জয় লাভ কৰিব ৷ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বিজয়ী হোৱাৰ কথা বিধায়কগৰাকীয়ে দাবী কৰে ৷

আনহাতে, সমষ্টিটোৰ বহু ভোটগ্ৰহণ কেন্দ্ৰত কংগ্ৰেছৰ পোলিং এজেণ্ট নথকাৰো দাবী কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৷ এই সন্দৰ্ভত তেওঁ কয় যে, সমষ্টিটোৰ বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে নাই কংগ্ৰেছৰ পোলিং এজেণ্ট ৷ যাৰবাবে বিজেপিৰ জনপ্ৰিয়তা ভোটাৰ ৰাইজৰ মাজত স্পষ্টভাৱে পৰিলক্ষিত হৈছে ৷

মাধৱ ৰাজবংশী :

বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে মঙলদৈৰ ভোটকেন্দ্ৰত সপত্নীক উপস্থিত হৈ সাব্যস্ত কৰে ভোটাধিকাৰ ৷ ১৫১ নং বামুণপাৰা প্ৰাথমিক বিদ্যালয়ত ভোট দি ৰাজবংশীয়ে কেন্দ্ৰটোত উপযুক্ত পোহৰৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছে ৷ বিজেপিৰ বিফলতাৰ কাৰণে কংগ্ৰেছক এই ভোট প্ৰদান কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীগৰাকীয়ে ৷

মাধৱ ৰাজবংশীৰ ভোটদান

কমলাক্ষ দে পুৰকায়স্থ :

তদুপৰি বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ বিধায়কগৰাকীয়ে পুৱাৰে পৰা জিলাখনৰ প্ৰতিটো ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া সূচাৰুৰূপে চলিছেনে নাই, তাক নিৰীক্ষণ কৰে ।

নন্দিতা গাৰ্লোচা:

ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই সাব্যস্ত কৰে ভোটাধিকাৰ ৷ হাফলঙৰ 71 নম্বৰ টাউনৰাজি কমিউনিটি ভোটগ্ৰহণ কেন্দ্ৰত মন্ত্ৰীগৰাকীয়ে ভোটদান কৰে ৷ দিনৰ 12 বজাত ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ শাৰী পাতি ভোটদান কৰে ৷

নন্দিতা গাৰ্লোচাৰ ভোটদান

মন্ত্ৰী গাৰ্লোচাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ডিফু লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰাৰ্থী অমৰ সিং টিছুৰ জয় নিশ্চিত বুলি দাবী কৰে ৷ মন্ত্ৰীগৰাকীয়ে ডিফু লোকসভা সমষ্টিত এপিএইচএলচি প্ৰাৰ্থী জন ইংতি কথাৰৰ লগতে বিজেপিৰ মূল যুঁজ হ’ব বুলিও সদৰি কৰে ৷

তেওঁ লগতে কয় যে, ডিমা হাছাওত পঞ্চায়তৰাজ প্ৰৱৰ্তন লৈ বিৰোধী দল বিলাকে যি ইছ্যু সৃষ্টি কৰিছে, নিৰ্বাচনৰ ফলাফলত তাৰ কোনো প্ৰভাৱ নপৰে ৷ ইফালে পুৱা অহা বৰষুণৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটাৰসকল অহাত কিছু পৰিমাণে অসুবিধাৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাত ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ভিৰ পৰিলক্ষিত হয় ৷

পীযুষ হাজৰীকা:

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় সকলো সমষ্টিতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ'ব ৷ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিব ১৩ খন আসন ৷ জাগীৰোড বিধানসভা সমষ্টিৰ আঁহতগুৰিৰ ২৪৫ নং ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান কৰি এই মন্তব্য আগবঢ়াই মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সাধাৰণ ভোটাৰৰ দৰে দীঘলীয়া শাৰীত পাতি মন্ত্ৰী গৰাকীয়ে ভোটদান কৰে ৷

পীযুষ হাজৰীকাৰ ভোটদান

মন্ত্ৰীগৰাকীয়ে ভোটদান সন্দৰ্ভত কয় যে, বিজেপিয়ে দ্বিতীয় পৰ্যায়ত গোটেইকেইটা সমষ্টিত নিশ্চিতভাৱে বিজয়ী হ’ব ৷ মন্ত্ৰী হাজৰীকাই ৰাজ্য চৰকাৰে সমষ্টিটোৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু কামসমূহৰ সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, পূৰ্বে বানপীড়িত জিলা হিচাপে মৰিগাঁৱৰ নাম আছিল ৷ পিছে এতিয়া জিলাখনত বানপানী নহয় ৷ গতিকে সকলোৱে বিজেপিক ভোটদান কৰিছে ।

তেওঁ লাহৰীঘাটৰ মথাউৰি নিৰ্মাণ সন্দৰ্ভতো মন্তব্য কৰে ৷ গতিকে কাম কৰা চৰকাৰকহে ৰাইজে ভোট প্ৰদান কৰিব ৷ কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত ঘৰ ভাৰা কৰি সমষ্টিবাসীৰ কাষত থকা লোকক ভোটাৰে কেতিয়াও ভোটদান নকৰে বুলিও মন্ত্ৰী পীযুষ হাজৰীকাই সদৰি কৰে ৷

লগতে পঢ়ক: কোন কোন প্ৰাৰ্থীয়ে ক’ত ক’ত সাব্যস্ত কৰিলে ভোটাধিকাৰ ? - LOK SABHA ELECTION 2024

Last Updated :Apr 26, 2024, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.