ETV Bharat / politics

কোন কোন প্ৰাৰ্থীয়ে ক’ত ক’ত সাব্যস্ত কৰিলে ভোটাধিকাৰ ? - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:23 AM IST

Updated : Apr 26, 2024, 2:27 PM IST

ইতিমধ্যে ভোটদান কৰিলে পৰিমল শুক্লবৈদ্য-সূৰ্যকান্ত চৰকাৰ- জয়ৰাম ইংলেঙে
ইতিমধ্যে ভোটদান কৰিলে পৰিমল শুক্লবৈদ্য-সূৰ্যকান্ত চৰকাৰ- জয়ৰাম ইংলেঙে

SECOND PHASE ELECTION ASSAM : অসমৰ মুঠ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে কেবাগৰাকীও প্ৰাৰ্থীয়ে ৷

নিউজ ডেস্ক, ২৬ এপ্ৰিল : ইতিমধ্যে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ অসমৰ মুঠ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমষ্টি কেইটা হ’ল - ডিফু, কৰিমগঞ্জ, দৰং-ওদালগুৰি, শিলচৰ আৰু নগাঁও । মুঠ ৭৭,০৯,২৭৬ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰে ৩৮,৭৮,৬৬৭ গৰাকী পুৰুষ, ৩৮,৩০,৪৩৯ গৰাকী মহিলা আৰি ১৭০ গৰাকী আছে তৃতীয় লিংগৰ ভোটাৰ ৷

পৰিমল শুক্লবৈদ্য :

ইতিমধ্যে কেবাজনো প্ৰাৰ্থী সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ ৷ শিলচৰৰ ধলাই বিধানসভাৰ ১১৮ নং আইৰংমাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে পৰিমল শুক্লবৈদ্যই ৷ পুৱাই ঘৰত পূজা অৰ্চনা কৰি ঘৰ কাষতে থকা ভোট কেন্দ্ৰত উপস্থিত হৈ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে শিলচৰৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।

ভোটদান কৰিলে পৰিমল শুক্লবৈদ্য

সূৰ্যকান্ত সৰকাৰ :

ইফালে শিলচৰ গুৰুচৰণ কলেজৰ ভোটকেন্দ্ৰত নিজৰ ভোটদান কৰে শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে ৷ মাতৃক লগত লৈ ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । নিজৰ জয়ক লৈ ১০০%ই আশাবাদী বুলি মন্তব্য কৰে শিলচৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে ।

ভোটদান কৰিলে সূৰ্যকান্ত সৰকাৰে

জয়ৰাম ইংলেং :

আনহাতে, ৬ নং ডিফু লোকসভা সমষ্টিৰ পশ্চিম কাৰ্বি আংলং জিলাৰ চিনাননদী প্ৰাথমিক বিদ্যালয়ৰ ১২ নং ভোটকেন্দ্ৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে নিজৰ ভোটদান সাব্যস্ত কৰে ৷ ভোটদান কৰিয়েই সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷

ভোটদান কৰিলে জয়ৰাম ইংলেঙে

প্ৰদ্যুৎ বৰদলৈ :

পুৱাই শাৰী পাতি নগাঁৱৰ মৰিকলং হাইস্কুলৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । ভোটাদান কৰিবলৈ আহি বহুকেইটা মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই মূল প্ৰতিদ্বন্দ্বী হ'ব বুলি উল্লেখ কৰি বৰদলৈয়ে ৷

গণতন্ত্ৰ শক্তিশালী কৰা আৰু সাংসদত শক্তিশালী কণ্ঠ নিৰ্বাচিত কৰাৰ স্বাৰ্থত সকলো ভোটাদাতা ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায় কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ।

মাধৱ ৰাজবংশী :

দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ মঙলদৈয়ে ১৫১ নং বামুনপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সপত্নীক ভোটদান সাব্যস্ত কৰে ৷

ভোটদান কৰিলে মাধৱ ৰাজবংশীয়ে

চাহাবুল ইছলাম চৌধুৰী :

কৰিমগঞ্জৰ এআইইউডিএফৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীয়ে ১৬৮ কেছৰকাফন ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটদান ৷

ভোটদান কৰিলে চাহাবুল ইছলাম চৌধুৰী

দুৰ্গা দাস বড়ো :

দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োয়ে ভেৰগাঁৱৰ কেশৱকান্ত বৰুৱা ছোৱালী বিদ্যালয়ৰ ১০৮ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে ।

অমৰচিং তিচ' :

৬ নং ডিফু জনজাতি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অমৰচিং তিচ'ৱে সিংহাসন পৰিষদীয় সমষ্টিৰ চিলনী এলপি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটদান সাব্যস্ত কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অমৰচিং তিচ'ৱে তেওঁৰ ওপৰত আস্থা ৰাখি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে বিজেপিৰ হাই কামাণ্ড আৰু শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে ৷

অমৰচিং তিচ'ৱে ৮০ শতাংশ ভোট লাভ কৰি বিজয়ী হ’ব বুলিও মন্তব্য কৰে ৷ তেওঁ বিজয়ী হ’লে তিনি পাৰ্বত্য জিলাৰ বাবে অধিক ক্ষমতা অনাৰ লগতে তিনি পাৰ্বত্য জিলাৰ বাবে প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় পুঁজি অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় ৷ ইয়াৰোপৰি ২০ শতাংশ ভোট বিৰোধী পাব বুলি দাবী কৰে ৰংহাঙে ৷

দিলীপ শইকীয়া :

মঙলদৈ ৮ নং ওৱাৰ্ডৰ গনেশ মন্দিৰত বিধায়ক বসন্ত দাসৰ লগতে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, অগপৰ প্ৰাক্তন বিধায়ক হীৰেন দাসে সংগ দিয়ে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ।
এইবাৰ বালি আৰু বোকাত পদুম ফুলিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাৰ্থী দিলীপ শইকীয়াই ৷ কংগ্ৰেছৰ বিধায়ক বসন্ত দাসে ক’লে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ জয় নিশ্চিত ।

সুৰেশ বৰা :

নগাঁৱৰ উৰীয়াগাঁও প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই । ভোটাধিকাৰ সাব্যস্ত কৰি সকলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ।

ভোটদান কৰিলে সুৰেশ বৰাই

আমিনুল ইছলাম :

নগাঁও জিলাৰ ৰূপহী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯ নং পৰমাইভেটি ভোটগ্ৰহণ কেন্দ্ৰত ভোট প্ৰদান কৰে নগাঁও সংসদীয় সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা বিধায়ক আমিনুল ইছলামে । ভোটপ্ৰদান কৰি ৰাইজক উদ্দেশ্যি তেওঁ কয় যে এইবাৰ নগাঁৱৰ জনমত আমিনুল ইছলামক বিজয়ী কৰিব । নগাঁৱত পোন প্ৰথমবাৰৰ বাবে মিঞা জনগোষ্ঠীয়ে মিঞা সাংসদ নিৰ্বাচিত কৰিব ।

ভোটদান কৰিলে আমিনুল ইছলামে

লগতে পঢ়ক : কোন কোন হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য আজি বন্দী হ’ব ই ভি এমত? - Lok Sabha Election 2024

Last Updated :Apr 26, 2024, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.