ETV Bharat / bharat

কোন কোন হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য আজি বন্দী হ’ব ই ভি এমত? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 7:45 AM IST

2nd phase of LS election : দেশৰ 88 খন আসনৰ বাবে আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বহু হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য আজি ভোটাৰে বন্দী কৰিব ই ভি এমত ৷

Lok Sabha Election 2024
কোন কোন হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য আজি বন্দী হ’ব ই ভি এমত?

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল: আজি দেশৰ 13 খন ৰাজ্যত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ 18 সংখ্যক লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি দেশৰ 13 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88 খন আসনৰ বাবে অনুষ্ঠিত হৈছে ৷ নিৰ্বাচন অনুষ্ঠিত হ’ব কৰ্ণাটকৰ 14 খন আসন, ৰাজস্থানৰ 13 খন আসন, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ 8 খন আসন, মধ্যপ্ৰদেশৰ 7 খন আসন, অসম আৰু বিহাৰৰ 5 খন আসন, ছত্তীশগড় আৰু পশ্চিমবংগৰ তিনিখনকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰত এখনকৈ আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ।

আজি ই ভি এমত বন্দী হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ৱায়ানাড, কেৰলা), বিজেপিৰ তেজস্বী সূৰ্য (বেংগালুৰু দক্ষিণ, কৰ্ণাটক), হেমা মালিনী আৰু অৰুণ গোভিল (দুয়োজন উত্তৰ প্ৰদেশৰ), ওম বিৰলা (কোটা, ৰাজস্থান), কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ভাতৃ ডি কে সুৰেশ (বেংগালুৰু গ্ৰাম্য, কৰ্ণাটক), কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী (মণ্ড্য, কৰ্ণাটক) দৰে হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য ।

উপৰোক্ত প্ৰাৰ্থীসকলৰ উপৰিও আজি তিৰুৱনন্তপুৰমৰ ৰাজনৈতিক খেলপথাৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু কংগ্ৰেছ নেতা শশী থাৰুৰৰ মাজত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা দেখা পোৱাৰ সম্ভাৱনা আছে ।

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত 21 খন ৰাজ্যৰ 102 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় 64% ভোটাৰে ভোটদানৰ কৰিছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে দ্বিতীয় পৰ্যায়ত 89 টা সমষ্টিত ভোটদান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল । মায়াৱতী নেতৃত্বাধীন বিএছপিৰ এগৰাকী প্ৰাৰ্থীৰ মৃত্যুৰ পিছতে মধ্যপ্ৰদেশৰ বেতুলত ভোটগ্ৰহণৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হয় ৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব এই সমষ্টিটোত নিৰ্বাচন ৷

7 মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । 1 জুনত সপ্তম আৰু শেষ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ইয়াৰ তিনিদিন পিছত অৰ্থাৎ 4 জুনত ভোটগণনা হ’ব ।

লগতে পঢ়ক: আজি কাৰ পক্ষে ভোটদান কৰিব নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.