ETV Bharat / politics

আজি কাৰ পক্ষে ভোটদান কৰিব নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 6:47 AM IST

Nowgong Lok Sabha constituency: ৰাজ্যৰ আন পাঁচটা লোকসভা সমষ্টিৰ লগতে 9 নং নগাঁও লোকসভা সমষ্টিতো দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । য’ত 18 লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব 13 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য । ৰাজ্যৰ ভিতৰতে অন্যতম চৰ্চিত নগাঁও লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি সেয়া আজি নিৰ্ণয় কৰিব ভোটাৰে ? 7 বজাৰ ভোটগ্ৰহণ আৰম্ভ হ’বলগীয়া নগাঁও লোকসভা সমষ্টি সন্দৰ্ভত বিশদভাৱে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন---

demographic analysis Nowgong Lok Sabha constituency
আজি কাৰ পক্ষে ভোটদান কৰিব নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে

নগাঁও, 26 এপ্ৰিল: ৰাজ্যৰ ভিতৰতে অন্যতম চৰ্চিত লোকসভা সমষ্টিটোৱেই হৈছে নগাঁও লোকসভা সমষ্টি । য’ত প্ৰচাৰ চলাবলৈ তিনিটাকৈ ৰাজনৈতিক দলে নগাঁৱৰ আকাশত উৰুৱাইছিল হেলিকপ্টাৰ । শাসকীয় দল বিজেপিৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰীকাসহ কেইবাগৰাকী বিজেপি নেতা প্ৰচাৰত নামি পৰাৰ সমান্তৰালকৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাইছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে বিৰোধী ঐক্যমঞ্চৰ নেতা অখিল গগৈ, লুৰীণজ্যোতি গগৈসহ বহুকেইগৰাকী নেতাই ।

পিছপৰি থকা নাছিল এ আই ইউ ডি এফ দলো । দলটোৰ সভাপতি বদৰুদ্দিন আজমলেও দলীয় প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ হেলিকপ্টাৰেৰে চলাইছিল ব্যাপক প্ৰচাৰ । একপ্ৰকাৰ হাইভল্টেজ প্ৰচাৰ চলা নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে শুকুৰবাৰে ই ভি এমত বন্দী কৰিব প্ৰাৰ্থীৰ ভাগ্য । পুৱা 7 বজাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হোৱা সমষ্টিটোৰ বিষয়ে জানো আহক কিছু নিৰ্বাচন সম্পৰ্কীয় তথ্য---

কোন কোন বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টি : পূৰ্বৰ 9 টা বিধানসভা সমষ্টি থকা নগাঁও লোকসভা সমষ্টিৰ কিছু সালসলনি ঘটিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত বৰ্তমান 8 টা বিধানসভা সমষ্টিৰে গঠিত হৈছে নগাঁও লোকসভা সমষ্টিটো । পূৰ্বৰ হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ লগতে নগাঁও জিলাৰ এটা বিধানসভা সমষ্টি কৰ্তন কৰি নগাঁও জিলাৰেই তিনিটা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে নগাঁও লোকসভা সমষ্টিত ।

নতুনকৈ অন্তৰ্ভুক্ত হোৱা সমষ্টিকেইটা হৈছে চামগুৰি, ৰূপহীহাট আৰু ধিং বিধানসভা সমষ্টি । অৱশ্যে বটদ্ৰৱা সমষ্টিৰ এটা অংশ ধিং বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ সমান্তৰালকৈ আন এটা অংশ নগাঁও সদৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰি নগাঁও বটদ্ৰৱা সমষ্টি হিচাপে নামাকৰণ কৰা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বিধানসভা সমষ্টিকেইটা হৈছে - নগাঁও জিলাৰ চামগুৰি, ৰূপহীহাট, ধিং, নগাঁও বটদ্ৰৱা, ৰহা, মৰিগাঁও জিলাৰ মৰিগাঁও, জাগীৰোড আৰু লাহৰীঘাট বিধানসভা সমষ্টি ।

নগাঁও লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা: নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 18 লাখ 17 হাজাৰ 204 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 9 লাখ 14 হাজাৰ 479 টা । মহিলা ভোটাৰৰ সংখ্যা হৈছে 9 লাখ 2 হাজাৰ 643 টা । নগাঁও লোকসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 82 টা ।

বিধানসভা সমষ্টি ভিত্তিত ভোটাৰৰ সংখ্যা: নগাঁও লোকসভা সমষ্টিৰ মুঠ ভোটৰ কোন বিধানসভা সমষ্টিত কিমান ভোট আছে ? নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 1 হাজাৰ 392 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 97 হাজাৰ 586 টাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 3 হাজাৰ 790 টা । নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 16 টা ।

একেদৰে ৰহা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 38 হাজাৰ 81 টা । ইয়াৰ পুৰুষ ভোটাৰৰ সংখ্যা 1 লাখ 18 হাজাৰ 171 টাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 19 হাজাৰ 894 টা । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 16 টা । চামগুৰি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 13 হাজাৰ 130 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1 লাখ 7 হাজাৰ 416 টা আৰু মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 5 হাজাৰ 704 টা । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 10 টা । ৰূপহীহাট বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 16 হাজাৰ 537 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1 লাখ 10 হাজাৰ 602 টা আৰু মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 5 হাজাৰ 918 টা । স

সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 17 টা । ধিং বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 22 হাজাৰ 263 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 14 হাজাৰ 26 টা আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 8 হাজাৰ 225 টা । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 12 টা । মৰিগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 3 হাজাৰ 186 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 1 হাজাৰ 110 টা আৰু মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 2 হাজাৰ 74 টা । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 2 টা । লাহৰীঘাট বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 83 হাজাৰ 634 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1 লাখ 45 হাজাৰ 883 টা আৰু মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 37 হাজাৰ 742 টা । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 9 টা ।

একেদৰে জাগীৰোড বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2 লাখ 38 হাজাৰ 981 টা । ইয়াৰে পুৰুষ ভোটাৰ হৈছে 1 লাখ 19 হাজাৰ 685 টা আৰু মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 19 হাজাৰ 296 টা । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা শূণ্য ।

নগাঁও লোকসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে মুঠ 2 হাজাৰ 83 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিত 322 টা, লাহৰীঘাট বিধানসভা সমষ্টিত 323 টা, মৰিগাঁও বিধানসভা সমষ্টিত 266 টা আৰু নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত 232 টা, ৰূপহীহাট বিধানসভা সমষ্টিত 217 টা, চামগুৰি বিধানসভা সমষ্টিত 213 টা, নগাঁও বটদ্ৰৱা সমষ্টিত 235 টা আৰু ৰহা বিধানসভা সমষ্টিত 275 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । সংসদীয় সমষ্টিটোৰ মুঠ 2,083 টা ভোটকেন্দ্ৰৰ বাবে 2,083 গৰাকী পোলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে ।

নগাঁও লোকসভা সমষ্টিৰ মুঠ প্ৰাৰ্থী: 18 লক্ষাধিক ভোটাৰ থকা নগাঁও লোকসভা সমষ্টিত মুঠ 13 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকী হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সুৰেশ বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ, বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ আমিনুল ইছলাম, গণ সুৰক্ষা পাৰ্টীৰ আবু ইউছুফ মোঃ ৰাইহান উদ্দিন, নিৰ্দলীয় প্ৰাৰ্থী ছামচুল আলম, বিপদ ভঞ্জন সৰকাৰ (নিৰ্দলীয়), শিখা শৰ্মা( নিৰ্দলীয়), আবু শ্বামা (নিৰ্দলীয়), ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাব্বুল হ’ক, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী, খিলঞ্জীয়া গণ শক্তিৰ নিখিল ডেকাৰজা, জয় প্ৰকাশ জনতা দলৰ পৰা অনুপম বৰুৱা আৰু অসম জন মর্চা দলৰ পৰা অধিবক্তা ছাইফুল ইছলাম নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷

উল্লেখযোগ্য যে, নগাঁও লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ প্ৰতিটো ভোটকেন্দ্ৰত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে । আনকি দুই এক স্পৰ্শকাতৰ ভোটকেন্দ্ৰত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষী প্ৰশাসনে । নগাঁও লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা 13 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য আজি ই ভিএমত বন্দী কৰিব 18 লক্ষাধিক ভোটাৰে ।

লগতে পঢ়ক: নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.