ETV Bharat / politics

নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফ

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:07 PM IST

Nagaon parliamentary constituency analysis: তিনিটাকৈ ৰাজনৈতিক দলৰ চকু নগাঁও লোকসভা সমষ্টিত । নগাঁও লোকসভা দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি, কংগ্ৰেছৰ সমান্তৰালকৈ এআইইউডিএফ । সমষ্টিৰ চুকে-কোণে এতিয়া তিনিওটা ৰাজনৈতিক দলৰ নেতাই সমানে সমানে চলাইছে নিৰ্বাচনী প্ৰচাৰ । ভোটাৰৰ মন জয় কৰাৰ প্ৰতিযোগিতা এতিয়া প্ৰাৰ্থীৰ মাজত ।

Nagaon parliamentary constituency analysis
নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ বিজেপি, কংগ্ৰেছ, এআইইউডিএফ

নগাঁও, ১৯ মাৰ্চ: দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচৰ পৰাই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত । ৰাজ্যৰ সৰ্বাধিক চৰ্চিত লোকসভা সমষ্টি হিচাপে বিবেচিত হৈ অহা নগাঁও লোকসভা সমষ্টিত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ । নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তিনিটা ৰাজনৈতিক দল সম্প্ৰতি অধিক তৎপৰ হৈ পৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সম্প্ৰতি শাসকীয় দল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ প্ৰাৰ্থীয়ে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰি কাষ চাপিছে ভোটাৰ ৰাইজৰ । বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ নিৰ্বাচনী যুঁজে অধিক আকৰ্ষণীয় কৰি তুলিছে নগাঁৱৰ ৰাজনীতি । ইয়াৰো আছে এটা কাৰণ । বিগত সময়ত কংগ্ৰেছ দলতে থাকি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লৈ বিধানসভাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী । আনকি বিজেপিৰ বিৰুদ্ধেই প্ৰচাৰ চলাই পাৰ কৰিছিল নিৰ্বাচনী বৈতৰণী ।

Nagaon parliamentary constituency analysis
এআইইউডিএফৰ প্ৰাৰ্থী অমিনুল ইছলাম

বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ গুণানুকীৰ্তন কৰি প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰা এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধেই বিজেপি দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছতেই বিগত তিনিটাকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থিত্বৰে বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা সুৰেশ বৰাই এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে আৰু বিজেপিৰ সমৰ্থনত ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

Nagaon parliamentary constituency analysis
কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

একেদৰে সৌ সিদিনালৈকে নিজৰ লগতে ৰখা সুৰেশ বৰাৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও । উল্লেখযোগ্য যে সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত পূৰ্বৰ হোজাই জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি কৰ্তন কৰি নগাঁও জিলাৰেই নতুনকৈ তিনিটাকৈ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ পৰাত কিছু হ’লেও সমস্যৰ সন্মুখীন হৈছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগতে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাও । কিয়নো নতুনকৈ অন্তৰ্ভুক্ত হোৱা সমষ্টি চামগুৰি, ৰূপহীহাট, ধিঙৰ ভোটাৰৰ সৈতে বিশেষ কোনো সম্পৰ্ক নাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ অথবা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ । যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এআইইউডিএফৰ প্ৰাৰ্থী অমিনুল ইছলামেও নগাঁও লোকসভা সমষ্টি দখলৰ বাবে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Nagaon parliamentary constituency analysis
বিজেপি প্ৰাৰ্থী সুৰেশ বৰা

বিশেষকৈ ধিং, ৰূপহীহাট, চামগুৰিৰ বিভিন্ন প্ৰান্তত সভা সমিতি অনুষ্ঠিত কৰি বিভিন্ন প্ৰকাৰে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে এআইইউডিএফৰ প্ৰাৰ্থী অমিনুল ইছলামে ৷ এতিয়া কংগ্ৰেছ, বিজেপি আৰু এআইইউডিএফ সমানে সমানে যুঁজিছে নগাঁও লোকসভা সমষ্টি দখলৰ বাবে । সমষ্টিটো অৱশেষত কাৰ দখললৈ যায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব যদিও সম্প্ৰতি তিনিওটা ৰাজনৈতিক দলৰ তৎপৰতাই আকৰ্ষিত কৰি তুলিছে নিৰ্বাচনী নিৰ্বাচনী যুঁজ ৷

লগতে পঢ়ক: নগাঁও দখলৰ নতুন কৌশল আজমল বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.