ETV Bharat / politics

নগাঁও দখলৰ নতুন কৌশল আজমল বাহিনীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 7:43 PM IST

Lok Sabha election 2024
নগাঁও দখলৰ নতুন কৌশল আজমল বাহিনীৰ

Lok Sabha election 2024: সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচতে সলনি হ’ল নগাঁও লোকসভা সমষ্টিৰ ভোট বিন্যাস। ভোট বিন্যাস সলনিৰ লগে লগে সলনি হ’ল নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ । দল গঠনৰ পিছত দুবাৰকৈ নগাঁও লোকসভা সমষ্টি দখলৰ চেষ্টা কৰিও ব্যৰ্থ হোৱা এ আই ইউ ডি এফে এইবাৰ নতুন ৰাজনৈতিক কৌশলেৰে আৰম্ভ কৰিছে নগাঁও দখলৰ চেষ্টা । কিন্তু কি সমীকৰণ আজমলৰ ?

নগাঁও, ৮ মাৰ্চ: শেহতীয়াভাৱে অসমৰ যিকেইটা লোকসভা সমষ্টিয়ে বিশেষ চৰ্চা লাভ কৰিছে তাৰ ভিতৰত অন্য়তম হৈছে নগাঁও । বিগত সময়ত অসমৰ ৰাজনীতিত এই সমষ্টিটোক লৈ হয়তো ইমান চৰ্চা হোৱা নাছিল । ইয়াৰ মাজতেই নগাঁও লোকসভা সমষ্টি দখলৰ অন্তিম পৰ্যায়ৰ চেষ্টা অব্যাহত ৰাখিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে । সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছতেই নগাঁও লোকসভা সমষ্টিৰ ভোট বিন্যাস সলনি হোৱাত সমষ্টিটো দখলৰ বাবে ৰাজনৈতিক দলসমূহেও সলনি কৰিছে ৰাজনৈতিক কৌশল ।

পূৰ্বৰ নগাঁও লোকসভা সমষ্টিত অন্তৰ্ভুক্ত থকা হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে হোজাই, লামডিং আৰু যমুনামুখ কৰ্তন কৰি কাজিৰঙা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ লগতে নগাঁও লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে নগাঁও জিলাৰ চামগুৰি, ৰূপহীহাট আৰু ধিং বিধানসভা সমষ্টি । সংখ্যালঘু অধ্যুষিত তিনিটাকৈ বিধানসভা সমষ্টিৰ নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৭,১৬৩০৯ গৰাকী । ইয়াৰে প্ৰায় ৭ লাখ সংখ্যাগুৰু ভোটাৰৰ বিপৰীতে দহ লাখ ভোটাৰেই হৈছে সংখ্যালঘু । অৰ্থাৎ সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছতেই নগাঁও লোকসভা সমষ্টিত সংখ্যাগুৰুত পৰিণত হৈছে সংখ্যালঘু ভোটাৰ । বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যা নগাঁও লোকসভা সমষ্টিত বৃদ্ধি পোৱাৰ পিছতেই সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰক যিকোনো উপায়ে আকৰ্ষিত কৰি সমষ্টিটো দখলৰ চেষ্টা অব্যাহত ৰাখিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ।

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ প্ৰায় এক ডেৰ মাহ পূৰ্বেই চামগুৰি সমষ্টিত অনুষ্ঠিত এক ৰাজহুৱা সভাত ধিং সমিষ্টিৰ বিধায়ক আমিনুল ইছলামক মিঞা প্ৰাৰ্থী হিচাপে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰক্ষেপ কৰা বুলি ৰাজহুৱা ঘোষণা কৰিছিল বদৰুদ্দিন আজমলে । সমষ্টিবাসীকো মিঞা প্ৰাৰ্থীক জয়ী কৰাই প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা সংসদলৈ মিঞা সাংসদ নিৰ্বাচন কৰিবলৈ আহ্বান জনাই আহিছে এ আই ইউ ডি এফ দলৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে । আনকি বিগত কেইবাদিন ধৰি অসমৰ অন্যান্য সমষ্টিৰ বিপৰীত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত চামগুৰি, ৰূপহীহাট, ধিং আদি সমষ্টিত দিনে নিশাই ব্যস্ত হৈ আছে নিৰ্বাচনী প্ৰচাৰত ।

সংখ্যালঘু অধ্যুষিত এলেকাৰ ভোটাৰৰ কাষ চাপি মিঞা ট্ৰাম কাৰ্ড ব্যৱহাৰ কৰিছে বদৰুদ্দিন আজমলে । গাঁৱে-ভূঞে মিঞা ভাষাতে সভা অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে এ আই ইউ ডি এফে । কেৱল এয়াই নহয়, নগাঁও লোকসভা সমষ্টিত আমিনুল ইছলাম জয়লাভ কৰিলে সংসদত মিঞা ভাষাতে কথা ক'ব বুলিও একপ্ৰকাৰ বিতৰ্কিত মন্তব্যও কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে । স্মৰ্তব্য যে যি সময়ত অসমীয়া ভাষালৈ কিছু হ'লেও সংকট নামি আহিছে তেনে সময়ত অসমীয়া ভাষাৰ বিপৰীতে মিঞা ভাষাক লৈ ভোটাৰক এনেদৰে আকৰ্ষিত কৰিব বিচৰা আজলৰ এনে কাৰ্যও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত । মুঠৰ ওপৰত যিকোনো প্ৰকাৰে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সমৰ্থন আদায় কৰিব লাগে বদৰুদ্দিন আজমলক ।

উল্লেখযোগ্য যে আগন্তক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আগতীয়া প্ৰাৰ্থী ঘোষণা কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে পূৰ্বেও দুবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ পৰাই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও দুয়োবাৰে খাবলগীয়া হৈছিল মুখথেকেচা । অৱশ্যে বিগত ২০১৯ৰ লোকসভা নিৰ্বাচনত নিজ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক সমৰ্থন দিছিল এ আই ইউ ডি এফে । এ আই ইউ ডি এফৰ সমৰ্থন লাভ কৰাৰ পিচত বিগত লোকসভা নিৰ্বাচনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি প্ৰাৰ্থীক পৰাজিত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । বিগত ২০১৯ ৰ লোকসভা নিৰ্বাচনত মুঠ ১৪,৯৩,৪৭৫ টা বৈধ ভোটৰ ৭,৩৯,৭২৪ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই লাভ কৰিছিল ৭,২২,৯৭২ টা ভোট । অৰ্থাৎ এ আই ইউ ডি এফ দলৰ সমৰ্থন লাভ কৰাৰ পিছত কংগ্ৰেছী প্ৰদ্যুৎ বৰদলৈয়ে ১৬,৭৫২ টা ভোটৰ ব্যৱধানত বিজেপিৰ ৰূপক শৰ্মাক পৰাজিত কৰিবলৈ সক্ষম হৈছিল ।

একেদৰে ২০১৪ৰ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিটোৰ পৰা এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিও পৰাজয় বৰণ কৰাই নহয়, তৃতীয় স্থানত থাকিবলগীয়া হৈছিল । তথ্য অনুসৰি ২০১৪ৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰাজেন গোহাঁয়ে ৪,৯৪,১৪৪ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিছিল । ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জোনজোনালী বৰুৱাই ৩,৫০,৭৮৫ টা লাভ কৰিছিল আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আদিত্য লাংথাছাই লাভ কৰিছিল ৩১,৪১২ টা ভোট ।

একেদৰে ২০০৬ চনতে গঠিত ইউ ডি এফ দলটোৱে ২০০৯ চনত প্ৰথমবাৰৰ বাবে প্ৰক্ষেপ কৰিছিল লোকসভা সমষ্টিৰ প্ৰাৰ্থী । একেলগে নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিত দলটোৱে বদৰুদ্দিন আজমলৰ কনিষ্ঠ ভাতৃ চিৰাজউদ্দিন আজমলকে নগাঁও আৰু কলিয়াবৰ দুয়োটা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও দুয়োটা সমষ্টিতেই পৰাজিত হৈছিল দলটোৰ প্ৰাৰ্থী চিৰাজ উদ্দিন আজমল । ২০০৯ ৰ নিৰ্বাচনতো নগাঁও লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল বিজেপিৰ ৰাজেন গোহাঁই । প্ৰাপ্ত তথ্য মতে, ২০০৯ ত বিজেপিৰ ৰাজেন গোহাঁয়ে ৩,৮০,৯২১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী অনিল ৰাজাই লাভ কৰিছিল ৩,৩৫,৫৪১ টা ভোট ।

একেদৰে বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজ উদ্দিন আজমলে ২,৪৫,১৫৫ টা ভোট লাভ কৰি তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল । কিন্তু এইবাৰ নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাত পূৰ্বতকৈ অধিক তৎপৰ হৈছে বদৰুদ্দিন আজমল । বিভিন্ন কৌশলেৰে নগাঁও সমষ্টি দখলৰ বাবে এ আই ইউ ডি এফ দলে চেষ্টা অব্যাহত ৰাখিছে যদিও ভোটাৰ ৰাইজে আজমলক কেনেদৰে গ্ৰহণ সেয়া নিৰ্বাচনী ফলাফলতহে স্পষ্ট হ'ব ।

লগতে পঢ়ক:কাৰ পক্ষত থাকিব ধুবুৰী লোকসভা সমষ্টিৰ জনমত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.