ETV Bharat / politics

কাৰ পক্ষত থাকিব ধুবুৰী লোকসভা সমষ্টিৰ জনমত ?

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:11 PM IST

Dhubri Lok Sabha Constituency : ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত সংখ্যালঘু প্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ এক গুৰুত্ব আছে ৷ ধুবুৰী সমষ্টিত ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণডংকা বজাইছে ৷ সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত ধুবুৰী লোকসভা সমষ্টিৰ এক ৰূপৰেখা-

Dhubri Lok Sabha Constituency
ধুবুৰী লোকসভা সমষ্টিৰ অৱলোকন

গুৱাহাটী, 7 মাৰ্চ : ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ চমু চাপি আহিছে লোকসভা নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল সাজু হোৱা‌ পৰিলক্ষিত হৈছে ৷ অসমৰ 14 টা লোকসভা সমষ্টিতে দেখা গৈছে সকলো‌ দলৰ নিৰ্বাচনী তৎপৰতা ৷ অৱশ্যে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে ৷ কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লোকসভা নাইবা বিধানসভাৰ সমষ্টি সংখ্যা একেই আছে যদিও সীমাৰ ব্যাপক সাল-সলনি হৈছে ৷ তদুপৰি কেতবোৰ সমষ্টিৰ বিলুপ্তিকৰণৰ লগতে কেতবোৰ নতুন সমষ্টি গঠন কৰা হৈছে ৷ এক কথাত সমষ্টিৰ জনগাঁথনি বহুখিনি সলনি হৈছে ৷ এনে প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচনৰ ৰণকৌশল কিছু পৃথক হ'ব ৰাজনৈতিক দল সমূহৰ বাবে ৷ নিৰ্বাচনী ফলাফলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত সংখ্যালঘু প্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ এক গুৰুত্ব আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ ৰূপৰেখা-

সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিত বিধানসভা সংখ্যা আছিল 10 টা ৷ বিধানসভা সমষ্টি কেইটা আছিল 21 নং মানকাচৰ , 22 নং দক্ষিণ শালমাৰা, 23 নং ধুবুৰী, 24 নং গৌৰীপুৰ, 25 নং গোলোকগঞ্জ, 26 নং পশ্চিম বিলাসীপাৰা, 27 নং বিলাসীপাৰা (পূব), 37 নং গোৱালপাৰা (পূব) 38 নং গোৱালপাৰা (পশ্চিম), 38 নং জলেশ্বৰ বিধান সভা সমষ্টি ৷ সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ বিধানসভাৰ সংখ্যা 11 টালৈ বৃদ্ধি হয় ৷ বিধান সভা সমষ্টি কেইটা হ'ল- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং- জৰুৱা, বিলাসীপাৰা, মানকাচাৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি ৷

ভোটাৰৰ সংখ্যা বৃদ্ধি-

উল্লেখ্য যে সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 18,44,040 গৰাকী, ইয়াৰে পুৰুষ ভোটাৰ 9,42,847 গৰাকী আৰু মহিলা ভোটাৰ 9,01,166 গৰাকী আছিল ৷তৃতীয় লিংগৰ ভোটাৰ আছিল 27 গৰাকী ৷ সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 26,43,403 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 13, 54 , 252 গৰাকী আৰু মহিলা ভোটাৰ 12,89,425 গৰাকী ৷ তৃতীয় লিংগৰ ভোটাৰ 37 গৰাকী ৷ ইয়াৰ পৰা দেখা যায় যে সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 7, 99, 674 জনলৈ বৃদ্ধি পাইছে ৷ ঠিক সেইদৰে সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিছত ধুবুৰী লোকসভা সমষ্টিত মহিলা আৰু পুৰুষ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৷ লগতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যাও বৃদ্ধি পাইছে সমষ্টিটোত ৷

ধুবুৰী লোকসভাৰ সাংসদৰ ইতিহাস-

1951 চনত প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ আমজাদ আলী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷ বৰ্তমান এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে বদৰুদ্দিন আজমল ৷ দলটোৰ মুৰব্বী তথা সাংসদ আজমলে এইবাৰো লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ উল্লেখযোগ্য যে সংখ্যালঘু অধ্যুষিত ধুবুৰী লোকসভা সমষ্টিটোত 1951 আৰু 1957 চনত সংসদলৈ নিৰ্বাচিত হৈছিল প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ আমজাদ আলী ৷ ইয়াৰ পাচত 1962 চনত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ গিয়াছুদ্দিন আহমেদ বিজয়ী হয় ৷ 1967 চনত পুনৰবাৰ প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ জাহানুদ্দিন আহমেদে সমষ্টিটো দখল কৰে ৷ আনহাতে 1971 চনৰ পৰা 2004 চনলৈ একেৰাহে 8 বাৰৰ বাবে সমষ্টিটো নিজৰ দখলত ৰাখে কংগ্ৰেছ দলে ৷

কংগ্ৰেছৰ পৰা 1971 চনত মইনুল চৌধুৰী, 1977 চনত আহমেদ‌ হুছেইন, 1984 চনত আব্দুল‌ হামিদ , 1991 আৰু 1996 চনত নুৰুল ইছলাম, 1998 চন আৰু 1999 চনত আব্দুল‌ হামিদ আৰু 2004 চনত আনোৱাৰ হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ আছিল ৷ কিন্তু পৰৱৰ্তী 2009, 2014 আৰু 2014 চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় 2005 চনত গঠন হোৱা এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমল ৷

উল্লেখ্য যে ধুবুৰী সমষ্টিত ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণডংকা বজাইছে ৷ একেৰাহে তিনিবাৰকৈ ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হোৱা বদৰুদ্দিন আজমলক এ আই ডি এফৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷ আকৌ‌ বিজেপিয়ে মিত্ৰ দল অগপক ধুবুৰী সমষ্টিটো এৰি দিছে যদিও অগপই এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা‌ নাই। ৷ ইফালে কংগ্ৰেছ‌ বা আন‌ বিৰোধী দলে সমূহেও ধুবুৰী লোকসভা সমষ্টিৰ বাবে বৰ্তমানেও প্ৰাৰ্থী ঘোষণা কৰা নাই ৷

লগতে পঢ়ক : দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছ-বিপিএফৰ গোপন বৈঠক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.