ETV Bharat / politics

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছ-বিপিএফৰ গোপন বৈঠক !

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 8:07 PM IST

Darrang Udalguri Constituency: দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছ বি পি এফৰ গোপন বৈঠক । যৌথভাৱে প্ৰাৰ্থিত্ব দিব নেকি কংগ্ৰেছ আৰু বি পি এফ দলে ? কি হ’ব ৰাজনৈতিক সমীকৰণ ? জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ৷

Darrang Udalguri Constituency
দৰং-ওদালগুৰি লোকসভা সমষ্টি

তেজপুৰ, ৬ মাৰ্চ : লোকসভা নিৰ্বাচনৰ অধিসূচনালৈ মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ১১ টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে ৷ দৰং-ওদালগুৰি লোকসভা সমষ্টি বৰ্তমান বিজেপিৰ দখলত আছে ৷ সমষ্টিটো চাৰিবাৰকৈ বিজেপিৰ দখলতে আছে ৷

সাংসদ দিলীপ শইকীয়াক পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ৷ কংগ্ৰেছ দলৰ লগত বিপিএফ দলৰ চলিছে এক গোপন বৈঠক ৷ বিশেষ সূত্ৰে জানিব পৰা মতে মঙলবাৰে গুৱাহাটীত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ নেতা ৰিহন দৈমাৰীৰ লগত এক বিশেষ বৈঠক অনুষ্ঠিত হয় ৷

আসন বুজাবুজিক লৈ উক্ত বৈঠক অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে ৷ উক্ত বৈঠকৰ পিচতে কংগ্ৰেছ আৰু বিপিএফ দলে যৌথভাবে দৰং-ওদালগুৰি সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ অৱশ্যে লোকসভা সমষ্টিটোত বিপিএফ দলৰ নাই কোনো অস্তিত্ব ৷ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত কিছু ভোটবেংক বিপিএফৰ আধিপত্যত থকাৰ কথা নুই কৰিব নোৱাৰি যদিও দৰং জিলাত দলটোৰ কোনো বিধায়ক বৰ্তমান নাই ।

জিলা নিৰ্বাচনী কাৰ্যালয়ৰ তথ্য অনুসৰি দৰং জিলাত ২০২৪ চনৰ ভোটাৰ তালিকা অনুসৰি সৰ্বমুঠ ৬৯৭৯৫৮ গৰাকী ভোটাৰৰ মাজত ৩৫৩৬৮৩ জন পুৰুষ, ৩৪৪২৬০গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ১৫ গৰাকী লোক আছে ৷ বিগত বৰ্ষৰ ২০২৩ চনৰ ভোটাৰ তালিকা অনুসৰি দৰঙত ৮৭৭৯০০ গৰাকী ভোটাৰৰ বিপৰীতে নতুন তালিকাত ৬৯৭৯৫৮ ভোটাৰ ভোটাৰ তালিকাভুক্ত হৈছে ৷

উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কৰাত পূৰ্বতকৈ দৰং জিলাত ভোটাৰৰ সংখ্যা কিছু কমিছে ৷ কাৰণ দৰং জিলাত ৩৫৩৬৮৩ জন পুৰুষ আৰু ৩৪৪২৬০ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ১৫ জন ভোটাৰক লৈ মুঠ ৬৯৭৯৫৮ জন ভোটাৰে সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ ৷

নতুন ভোটাৰ তালিকা অনুসৰি ৪৯ নং ছিপাঝাৰ সমষ্টিত ২০৪৭৪৯ গৰাকী, ৫০ নং মঙলদৈ সমষ্টিত ১৯৫৩৬৩ গৰাকী আৰু ৫১ নং দলগাঁও সমষ্টিত ২৯৭৮৪৬ গৰাকী ভোটাৰ । উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ তথ্য অনুসৰি দৰঙৰ গৰুখুঁটিৰ উচ্ছেদৰ পিচত ছিপাঝাৰ সমষ্টিৰ কিছু ভোটাৰক দলগাঁও সমষ্টিত সংস্থাপিত কৰাত দলগাঁও সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে ।

একেধৰণে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিচত মঙলদৈ সমষ্টিতো ২০২৩ চনৰ তুলনাত ভোটাৰৰ সংখ্যা কমি যায় । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ দিলীপ শইকীয়াই মুঠ ভোট লাভ কৰিছিল ৭,৩৫৪৬৯ টা, (৪৮.৮৩ শতাংশ) ৷ বিপৰীতে কংগ্ৰেছে ভুৱনেশ্বৰ কলিতাই ভোট লাভ কৰিছিল ৫,৯৬৯২৪ টা (৩৯.৬৩ শতাংশ) ভোট ।

ফলস্বৰূপে দিলীপ শইকীয়া ১,৩৮৫৪৫ টা ভোটত জয়ী হ’বলৈ সক্ষম হৈছিল । পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টি চাৰিবাৰকৈ বিজেপিৰ দখলত আছে যদিও বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াৰ কামৰ খতিয়ান দেখি সাধাৰণ ভোটাৰসকল সন্তুষ্ট নহয় । মঙলদৈ লোকসভা নিৰ্বাচনৰ মূল ইছ্যু বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰি লেনযুক্ত পথ আৰু ৰে'ল লাইনৰ সেৱা । এই দুয়োটা দিশত বিফল দিলীপ শইকীয়া । ইয়াৰ উপৰিও আছে বহুকেইটা বৃহৎ দাবী । গতিকে আগন্তুক নিৰ্বাচনত ৰাইজে কি হিচাপে দিলীপ শইকীয়াক আদৰি ল'ব সেয়াও হ’ব লক্ষ্যণীয় ।

দৰং-ওদালগুৰিৰ সমষ্টিৰ মুঠ ১১ টা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট দাবীদাৰ হিচাবে প্ৰাক্তন সাংসদ ৰমেন ডেকা, প্ৰণৱ নাৰায়ণ দেৱ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰণৱ বৰুৱা, অশোক ভাৰ্গৱ, ৰাণা বশিষ্ঠকে ধৰি কেবাজনো আছিল ।

কংগ্ৰেছ দলেও লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে । এইবাৰ কংগ্ৰেছ দলৰ টিকটৰ দাবীদাৰসকল হৈছে মাধৱ ৰাজবংশী, প্ৰাণজিৎ চৌধুৰী আৰু বৰ্তমানৰ বিধায়ক বসন্ত দাস । কাৰণ বসন্ত দাস এইবাৰ বিজেপি দলৰ অংশীদাৰ ।

বৰ্তমানৰ বিধায়ক বসন্ত দাসে মুকলিভাৱে বিজেপিৰ কামকাজক সমৰ্থন জনোৱা পিচত আৰু ছিপাঝাৰৰ প্ৰাক্তন কংগ্ৰেছ নেতা কুলদীপ বৰুৱাৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীৰ বিজেপি গমনে নিৰ্বাচনত কংগ্ৰেছ দলৰ আশাত যে চেঁচাপানী ঢালিব সেয়া নিশ্চিত । ইয়াৰ মাজতো কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অগপই ১০ মাৰ্চত ঘোষণা কৰিব ধুবুৰী-বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.