ETV Bharat / politics

অগপই ১০ মাৰ্চত ঘোষণা কৰিব ধুবুৰী-বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 6:04 PM IST

AGP to announce names of candidates for Dhubri and Barpeta constituencies on March 10
দুটা সমষ্টিতে সন্তুষ্ট এজিপি

AGP candidate list : চাৰিটা সমষ্টিৰ দাবী কৰা অগপই দুটাতে সন্তুষ্ট হৈ প্ৰাৰ্থী দিয়াৰ বাবে চলাইছে প্ৰস্তুতি । সমষ্টি দুটাৰ বাবে গঠন কৰি দিছে তিনিজনীয়াকৈ দুখন কমিটি । বৰপেটা লোকসভা সমষ্টিৰ বাবে জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটিত আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ডাঃ কমলা কলিতা । ধুবুৰী সমষ্টিৰ বাবে সত্যব্ৰত কলিতাৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটিখনত আছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ভূপেন ৰায় । ১০ মাৰ্চৰ পূৰ্বে কমিটিদুখনে দাখিল কৰিব প্ৰতিবেদন ।

গুৱাহাটী, ৬ মাৰ্চ : মিত্ৰদল বিজেপিৰ পৰা চাৰিখন বিচাৰি দুখন আসন লাভ কৰা অগপই ১০ মাৰ্চত ঘোষণা কৰিব প্ৰাৰ্থী তালিকা । উল্লেখ্য যে, বিজেপিয়ে মিত্ৰদল অগপক সংখ্যালঘু প্ৰভাৱিত বৰপেটা আৰু ধুবুৰী সমষ্টি এৰি দিছে । আনহাতে কোকৰাঝাৰ সমষ্টিটো মিত্ৰদল ইউ পি পি এলক এৰি দিছে বিজেপিয়ে । ইতিমধ্যে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ১১টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।

ইফালে চাৰিটা সমষ্টিৰ দাবী কৰা অগপই এতিয়া দুটাতে সন্তুষ্ট হৈ প্ৰাৰ্থী দিয়াৰ বাবে প্ৰস্তুতি চলাইছে । ইয়াৰ বাবে অগপৰ নেতৃত্বই সমষ্টি দুটাৰ বাবে তিনিজনীয়াকৈ দুখন কমিটি গঠন কৰি দিছে । সেই অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ বাবে জেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটিত আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ডাঃ কমলা কলিতা । সেইদৰে ধুবুৰী সমষ্টিৰ বাবে সত্যব্ৰত কলিতাৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটিখনত আছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ভূপেন ৰায় ।

উল্লেখ্য যে, এই কমিটিদুখনে দুয়োটা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ লগতে দলীয় কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰি উপযুক্ত প্ৰাৰ্থী বাচনি কৰিব । আগন্তুক দুটা দিনত দুয়োখন কমিটিয়ে সমষ্টি দুটাৰ দলীয় কৰ্মকৰ্তাৰ লগত মিলিত হৈ কোনজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিলে ভাল হয় সেই সম্পৰ্কে মতামত ল’ব । ইয়াৰ পিচত এটা সিদ্ধান্তত উপনীত হ’ব দুয়োখন কমিটি । কমিটিদুখনে ১০ মাৰ্চৰ ভিতৰত নিজৰ প্ৰতিবেদন দলৰ সভাপতি অতুল বৰাক দাখিল কৰিব । প্ৰতিবেদন লাভৰ পিচতে সভাপতি অতুল বৰাই সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব । সেই অনুসৰি ১০ মাৰ্চত অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

উল্লখ্য যে, অগপই চাৰিখন আসনৰ বাবে দাবী জনাই আহিছিল যদিও অৱশেষত দুখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ’ল । আনহাতে বিচৰা ধৰণে পচন্দৰ আসনো নাপালে । তৎস্বতেও উপায়হীন হৈ এতিয়া সংখ্যালঘু প্ৰভাৱ থকা সমষ্টি দুটাত প্ৰাৰ্থী দিয়াৰ প্ৰস্তুতি চলাইছে অগপই । ইফালে ইতিমধ্যে বৰপেটা সমষ্টিৰ বাবে বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু ধুবুৰী সমষ্টিৰ বাবে মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ নাম চৰ্চালৈ আহিছে । আনহাতে দলেও এই দুয়োজনকে বিবেচনা কৰিছে । কিন্তু এনে চৰ্চা আৰু বিবেচনাৰ মাজতৰ ফণীভূষণ চৌধুৰী প্ৰাৰ্থী হ’বলৈ আগ্ৰহী হোৱা নাই । বিধায়ক ফণীভূষণ চৌধুৰীয়ে সমষ্টিৰ জনতাৰ সৈতে কথা পাতিহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে । কিন্তু তেওঁ ইচ্ছা নাথাকিলেও 'বিগ ব্ৰাদাৰ' বিজেপিয়ে ফণীভূষণ চৌধুৰীকে বৰপেটাৰ প্ৰাৰ্থী হোৱাটো বিচাৰিছে ।

ইয়াৰ বিপৰীতে ধুবুৰীত জাভেদ ইছলাম প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত । লক্ষণীয় বিষয় যে ২০১৯ ৰ লোকসভা নিৰ্বাচনত ধুবুৰীত ধৰাশায়ী হৈছিল জাভেদ ইছলাম । ধুবুৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক ২২৬২৫৪ টা ভোটত পৰাজিত কৰিছিল । য’ত তৃতীয় স্থানত থাকি অগপৰ জাভেদ ইছলামে লাভ কৰিছিল ৩,৯৯,৭৩৩ টা ভোট । আজমলে লাভ কৰিছিল ৭,১৮,৭৬৪ টা ভোট । সেইদৰে বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেকে অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক ১,৪০,৩০৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল । যথেষ্ট ভোটৰ ব্যৱধানত পৰাজিত হৈছিল অগপ প্ৰাৰ্থী । উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক বৰপেটা, কলিয়াবৰ আৰু ধুবুৰী লোকসভা সমষ্টি এৰি দিছিল সদিও অগপই এখনো আসনত জয়ী হ’ব নোৱাৰিলে ।

লগতে পঢ়ক : দুখনতে সন্তুষ্ট হৈ অগপই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ কাৱাজ; সম্ভৱ হৈ উঠিবনে দিল্লী যাত্ৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.