ETV Bharat / politics

দুখনতে সন্তুষ্ট হৈ অগপই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ কাৱাজ; সম্ভৱ হৈ উঠিবনে দিল্লী যাত্ৰা ?

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 2:22 PM IST

AGP has started its LS campaign 2024 in Dhubri and Barpeta Constituency
দুখনতে সন্তুষ্ট হৈ অগপই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ কাৱাজ; সম্ভৱ হৈ উঠিবনে দিল্লী যাত্ৰা ?

AGP camapign for LS Election 2024: বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু সত্যব্রত কলিতাক বৰপেটা আৰু ধুবুৰী সমষ্টিৰ নিৰ্বাচন পৰিচালনাৰ দায়িত্ব অর্পণ অগপৰ । ধুবুৰীত জাভেদ ইছলামৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত । বৰপেটাত নিৰ্বাচন খেলাৰ ইচ্ছা নাই বিধায়ক ফণীভূষণ চৌধুৰীৰ । ধুবুৰীত পুনৰ আজমলৰে মুখামুখি হ'ব জাভেদ ইছলাম । 2019 ৰ নিৰ্বাচনত ধুবুৰীত তৃতীয় স্থানত আছিল অগপৰ জাভেদ ইছলাম । বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ কিছু নিৰ্বাচনী অৱলোকন আগবঢ়োৱা হ’ল এই প্ৰতিবেদনযোগে--

গুৱাহাটী, 5 মাৰ্চ: চাৰিখন আসন লাগিব বুলি দম্ভালি মাৰি থকা অগপই অৱশেষত দুখনতে সন্তুষ্ট থাকিবলগীয়া হ'ল । আনহাতে বিচৰা ধৰণে পছন্দৰ সমষ্টিও নাপালে বিজেপিৰ মিত্ৰদলটোৱে । কিছুদিন পূৰ্বলৈকে চাৰিখন আসন লাগিবই বুলি দাবী কৰি থকা অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এতিয়া দুটা সমষ্টি লাভ কৰি সুখী হোৱা বুলি ব্যক্ত কৰে । সংখ্যালঘুৰ প্ৰভাৱ থকা দুটা সমষ্টি বৰপেটা আৰু ধুবুৰীক লৈ এতিয়া ব্যস্ত হোৱাৰ বাহিৰে কোনো উপায় নাই অগপৰ ।

'বিগ ব্ৰাদাৰ' বিজেপিৰ কথা মতে চলাৰ বাহিৰে আন কোনো উপায় নথকা অগপই এতিয়া বৰপেটা আৰু ধুবুৰীক লৈ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । অগপৰ কেন্দ্ৰীয় নেতাদ্বয় ক্ৰমে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু সত্যব্ৰত কলিতাক লোকসভাৰ আগন্তুক নিৰ্বাচনত বৰপেটা আৰু ধুবুৰী সমষ্টিৰ নিৰ্বাচন পৰিচালনাৰ বাবে দলৰ মূল দায়িত্ব অর্পণ কৰা হৈছে । বীৰেন্দ্ৰ প্রসাদ বৈশ্যক বৰপেটাত আৰু সত্যব্রত কলিতাক ধুবুৰীৰ দায়িত্ব দিয়া হৈছে ।

AGP has started its LS campaign 2024 in Dhubri and Barpeta Constituency
দুখনতে সন্তুষ্ট হৈ অগপই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ কাৱাজ; সম্ভৱ হৈ উঠিবনে দিল্লী যাত্ৰা ?

উল্লেখ্য যে, দলৰ মূল দায়িত্ব পৰিচালনা কৰাৰ বাবে এই নেতাদ্বয়ক দলে নিযুক্তি দিছে যদিও এই পর্যন্ত সমষ্টি দুটাৰ প্ৰাৰ্থী চূড়ান্ত হোৱা নাই । দলে বৰপেটা সমষ্টিত বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ নাম বিবেচনালৈ আহিছে যদিও ফণীভূষণ চৌধুৰী প্ৰাৰ্থী হ’বলৈ আগ্ৰহী হোৱা নাই । দুই-এদিনৰ ভিতৰত বিধায়ক চৌধুৰীয়ে সমষ্টিৰ জনতাৰ সৈতে কথা পাতিহে লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থী হোৱা-নোহোৱা সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিব ।

ইতিমধ্যে সমষ্টিৰ জনতাই বিৰোধিতা কৰাৰ কথা দোহাৰি বিধায়কগৰাকীয়ে লোকসভাৰ প্ৰাৰ্থী হ’বলৈ মুঠেও আগ্রহ প্রকাশ কৰা নাই । কিন্তু 'বিগ ব্রাদাৰ' বিজেপিয়ে ফণীভূষণ চৌধুৰীকে বৰপেটাৰ প্ৰাৰ্থী হোৱাটো বিচাৰিছে । এনে ক্ষেত্ৰত অগপৰ নেতৃত্বই বৰপেটাত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব । অৱশ্যে ধুবুৰীত জাভেদ ইছলাম প্ৰাৰ্থী হোৱাটো নিশ্চিত বুলি দলীয় নেতৃত্বই জানিবলৈ দিছে ।

AGP has started its LS campaign 2024 in Dhubri and Barpeta Constituency
দুখনতে সন্তুষ্ট হৈ অগপই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ কাৱাজ; সম্ভৱ হৈ উঠিবনে দিল্লী যাত্ৰা ?

ইফালে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মংগলবাৰৰে পৰা সমষ্টিয়ে সমষ্টিয়ে যাব দলৰ কেন্দ্ৰীয় কমিটীৰ নেতা । কেৱল বঙাইগাঁও আৰু বৰপেটাই নহয় বিজেপিৰ প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰা সমষ্টিটো অগপ নেতাই নিৰ্বাচনী প্ৰচাৰ চলাব । উল্লেখ্য যে, 2019 ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্রদল অগপক বৰপেটা, কলিয়াবৰ আৰু ধুবুৰী লোকসভা সমষ্টি এৰি দিছিল । কিন্তু অগপই এখনো আসনত জয়ী হ'ব নোৱাৰিলে । আচলতে অগপই নিৰাশ কৰিলে মিত্রদল বিজেপিক ।

2019 ৰ লোকসভা নিৰ্বাচনত ধুবুৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক 226254 টা ভোটত পৰাজিত কৰিছিল । য'ত তৃতীয় স্থানত থাকি অগপৰ জাভেদ ইছলামে লাভ কৰিছিল 3,99,733 টা ভোট । আজমলে লাভ কৰিছিল 718764 টা ভোট ।

আনহাতে বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেকে অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক 140307 টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল । সেইদৰে কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে অগপৰ প্ৰাৰ্থী মনিমাধৱ মহন্তক 209994 টা ভোটত পৰাজিত কৰিছিল । যথেষ্ট ভোটৰ ব্যৱধানত পৰাজিত হৈছিল অগপ প্ৰাৰ্থী । এইবাৰ অগপই পুনৰ ধুবুৰী আৰু বৰপেটা সমষ্টি লাভ কৰিছে যদিও বিচৰা ধৰণে নাপালে জয়ী হোৱাৰ সম্ভাৱনা থকা সমষ্টি ।

ধুবুৰী সমষ্টি : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে 11 টা বিধানসভা সমষ্টি । সেই বিধানসভা সমষ্টিকেইটা হৈছে - গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বিৰসিং জাৰুৱা, বিলাসীপাৰা, মানকাচৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা সমষ্টি । পূৰ্বতে ধুবুৰীৰ লোকসভা সমষ্টিত আছিল 10 টা বিধানসভা সমষ্টি ।

উল্লেখ্য যে 1951 চনত এই সমষ্টিৰ পৰা প্রথম নিৰ্বাচিত হৈছিল আমজাদ আলী । তেওঁ আছিল প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ প্ৰাৰ্থীৰ । 1962 চনত সমষ্টিটো কংগ্ৰেছৰ দখললৈ যায় । পুনৰ 1967 চনত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীয়ে দখল কৰিছিল সমষ্টিটো । 2004 চনলৈকে আঠবাৰ এই সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল । 2009 চনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল । 2014 চনতো তেওঁৱেই নিৰ্বাচিত হয় ।

এই নিৰ্বাচনত বদৰুদ্দিন আজমলে 5,92,569 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীয়ে লাভ কৰিছিল 3,62,839 টা ভোট । বিজেপিৰ প্ৰাৰ্থীয়ে সেই নিৰ্বাচনত লাভ কৰা ভোটৰ সংখ্যা আছিল 2,98,985 টা ভোট ৷ আনহাতে 2019 ৰ লোকসভা নিৰ্বাচনত সমষ্টিটোত পুনৰ এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে 7,18,764 টা ভোটত জয়ী হৈছিল ।

কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে 4,92,506 টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে শাসকীয় মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী জাভেদ ইছলামে পাইছিল 3,99,733 টা ভোট । এইবাৰ পুনৰ ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব জাভেদ ইছলাম । 2019 ত 3 লাখ ভোটত পৰাজিত হোৱা জাভেদ ইছলামে পুনৰ যুঁজিব ধুবুৰীত। সমষ্টিটোৰ প্ৰাৰ্থিত্বক লৈ অগপ নেতৃত্ব আগ্ৰহী নহয় যদিও বীগ ব্ৰাদাৰ বিজেপিৰ নিৰ্দেশ মানি ধুবুৰীত যুঁজ দিবলৈ সাজু হৈছে অগপ ।

ইফালে এইবাৰ অধিক আত্মবিশ্বাসী জাভেদ ইছলাম । ধুবুৰীত 6 লাখৰো অধিক ভোট পাব বুলি আশাবাদী জাভেদ ইছলাম । আনহাতে, শেহতীয়া ভোটাৰ তালিকা অনুসৰি ধুবুৰী লোকসভা সমষ্টিৰ 11 টা বিধানসভা সমষ্টি মিলি মুঠ ভোটাৰৰ সংখ্যা হৈছে 25,83,110 গৰাকী । ইয়াৰে 13,23,377 জন পুৰুষ আৰু 12,09,703 গৰাকী মহিলা আৰু 30 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

বৰপেটা সমষ্টি: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে 10 টা বিধানসভা সমষ্টি । বৰপেটা লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে - অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ-সৰভোগ, বৰপেটা (এছ চি), পকাবেতবাৰী, বজালী, হাজো (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু । পূৰ্বতেও 10 টা বিধানসভা সমষ্টিৰে গঠিত আছিল সমষ্টিটো । অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিটোৰ সীমাৰ যথেষ্ট সাল-সলনি হৈছে । বৰ্তমান এই সমষ্টিটোৰ সাংসদ হৈছে কংগ্ৰেছৰ আব্দুল খালেক । যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত বৃহৎ জয় লাভ কৰিছিল কংগ্ৰেছ দলে ।

1,35,445 টা ভোটত বিজয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক । সমষ্টিটোত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ মাজত হৈছিল মূল যুঁজ । তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আব্দুল খালেকে 6,40,227 টা ভোট পোৱাৰ বিপৰীতে অগপৰ কুমাৰ দীপক দাসে 5,04,782 টা আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰিছিল 2,44,789 টা ভোট ।

আনহাতে 2014 চনৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলে 394,702 টা ভোট লাভ কৰি জয়ী হৈছিল । দ্বিতীয় স্থানত আছিল চন্দ্ৰমোহন পাটোৱাৰী । বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত 352,361 টা ভোট লাভ কৰিছিল । কংগ্ৰেছৰ প্ৰার্থী ইছমাইল হুছেইনে 2,77,802 টা আৰু অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে 73,733 টা ভোট লাভ কৰিছিল 2014 ৰ লোকসভা নিৰ্বাচনত । এই সমষ্টিটো 1951 চনৰ পৰা 1982 চনলৈ কংগ্ৰেছৰ দখলত আছিল ।

1991 চনত চি পি আই (এম)ৰ প্ৰাৰ্থী উদ্ধৱ বৰ্মন লোকসভালৈ নিৰ্বাচিত হয় । 1996 চনতো পুনৰ উদ্ধৱ বৰ্মনে নিৰ্বাচিত হৈছিল লোকসভালৈ । 1998 চনত কংগ্ৰেছৰ প্ৰাৰ্থী গোলাম ওছমানী জয়ী হয় সমষ্টিটোত । 2004 চনৰ নিৰ্বাচনতো তেওঁৱেই নিৰ্বাচিত হৈছিল । 2009 চনত সেই সমষ্টিৰ সাংসদ আছিল কংগ্ৰেছৰ ইছমাইল হুছেইন ।

দীৰ্ঘকাল এই সমষ্টিটো কংগ্ৰেছৰ দখলতেই আছিল । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন ভোটাৰ তালিকা অনুসৰি বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ‌ সংখ্যা 19,49,873 গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ 9,88,570 গৰাকী আৰু মহিলা ভোটাৰ 9,61,276 গৰাকী আৰু তৃতীয় লিংগৰ‌ ভোটাৰ 27 গৰাকী ।

লগতে পঢ়ক: চৌধুৰী-শুক্লবৈদ্যই এৰি যাব খোজা নাই আপোন মানুহখিনিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.