শিলচৰৰ এখন চাহ বাগিচাৰ ৰাইজে কিয় কৰিলে ভোট বৰ্জন ? - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:02 PM IST

thumbnail

শিলচৰ,২৬ এপ্ৰিল : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে । অৱশ্যে ভোটগ্ৰহণৰ মাজতে শিলচৰত একাংশ ৰাইজে ভোট বৰ্জন কৰিলে । কেৱল ভোট বৰ্জনেই নহয় চৰকাৰ তথা স্থানীয় প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিলে ভোটাৰসকলে । শিলচৰৰ উধাৰবন্দত সংঘটিত হৈছে এই ঘটনা । ৰাস্তা নিৰ্মাণৰ দাবীত দূৰ্গানগৰ চাহ বাগিচাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

শিলচৰৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ দূৰ্গানগৰ চাহ বাগিচাৰ ১২০ নম্বৰ ভোটকেন্দ্ৰত মুঠ ৭৬৭ গৰাকী ভোটাৰ আছে ৷ কিন্তু পুৱাৰে পৰা প'লিং বিষয়া, প্ৰিজাইডিং বিষয়াসহ ভোটকৰ্মীসকলে ভোটকেন্দ্ৰত ভোটাৰৰ অপেক্ষা কৰি আছিল যদিও এজনো ভোটাৰ ভোট দিবলৈ কেন্দ্ৰলৈ যোৱা দেখা নগ'ল । এনে পৰিস্থিতিত স্থানীয় বিধায়ক মিহিৰ কান্তি সোমসহ প্ৰশাসনৰ লোকসকল উপস্থিত হৈ প্ৰতিবাদকাৰী ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰে ।

ৰাইজৰ মতে অঞ্চলটোৰ একমাত্ৰ পথটো মেৰামতিৰ বাবে দীৰ্ঘদিনৰ পৰা ৰাইজে দাবী জনাই আহিছে যদিও পথটো নিৰ্মাণ কৰা হোৱা নাই ৷ সেয়েহে তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে । পথটো মেৰামতি নহ'লে ভোটদান নকৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ৰাইজে ।

লগতে পঢ়ক :শিলচৰ লোকসভা সমষ্টিৰ ৰূপৰেখাৰ এক বিস্তৰ অৱলোকন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.