নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সময়ত আবেগিক হৈ গৈছিলো: আইমী বৰুৱা - Lok Sabha Election 2024

🎬 Watch Now: Feature Video

thumbnail
পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাৰ ভোটদান (undefined)

By ETV Bharat Assamese Team

Published : April 26, 2024 at 4:50 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও,২৬ এপ্ৰিল: ৰাজ্যৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী তথা অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাই ভোটদান কৰি সাংবাদিকৰ সৈতে কৰিলে মত-বিনিময় । অভিনেত্ৰীগৰাকীয়ে দুই সন্তান, মাতৃ, শাহু আৰু মন্ত্ৰী স্বামীসহ জাগীৰোড সমষ্টিৰ অন্তৰ্গত আঁহতগুৰিত মৰাকলং প্ৰাথমিক বিদ্যালয়ৰ ২৪৫নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি কয় যে ৰাইজৰ ইমান উল্লাস দেখি ভোটদানৰ দিনটোতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা যেন লাগিছে ।  

লগতে অভিনেত্ৰীগৰাকীয়ে জাগীৰোড সমষ্টিটোত বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়ত প্ৰতিখন সভাতে হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছিল বুলি সংবাদ মাধ্য়মৰ আগত উল্লেখ কৰে । আনহাতে অবাবত নিজৰ ভোট নষ্ট নকৰি ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনাই মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই ।

লগতে পঢ়ক: কোকৰাঝাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ২ লাখ ভোটত জয়ী হ'ব: ৰণজিৎ কুমাৰ দাস - LOK SABHA ELECTION 2024