ETV Bharat / politics

কোকৰাঝাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ২ লাখ ভোটত জয়ী হ'ব: ৰণজিৎ কুমাৰ দাস - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত কোন জয়ী হ'ব সেই সম্পৰ্কে কি ক'লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ? ডিব্ৰুগড়ত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সম্ভাৱনা সন্দৰ্ভতো মন্তব্য় কৰিলে মন্ত্ৰীগৰাকীয়ে ।

Kokrajhar Lok Sabha constituency
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
author img

By ETV Bharat Assamese Team

Published : April 26, 2024 at 2:02 PM IST

Updated : April 26, 2024 at 3:37 PM IST

2 Min Read
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বৰপেটাৰোড, ২৬ এপ্ৰিল : " ডিব্ৰুগড়ত ৪ লাখ ভোটত বিজেপিৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ব । বৰপেটাত জিকিব ৩ লাখ ভোটত আৰু কোকৰাঝাৰত জিকিব ২ লাখ ভোটত । " এই মন্তব্য় গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । বৃহস্পতিবাৰে সন্ধিয়া বৰপেটাৰোডৰ সমীপৰ বি টি এ ডিৰ জাখলিৰপাৰত অনুষ্ঠিত বিজেপিৰ জনসম্পৰ্ক সভাত অংশলৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এইদৰে দাবী কৰি তৃতীয় পৰ্যায়ত অনুষ্ঠিতব্য় ৰাজ্যৰ তিনিটাকৈ লোকসভা সমষ্টিৰ ফলাফলৰ বিষয়েও উল্লেখ কৰে ।

কালি সন্ধিয়া অনুষ্ঠিত বিজেপিৰ জনসম্পৰ্ক সভাত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কিন্তু ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল সন্দৰ্ভত কোনো স্পষ্ট কথা উল্লেখ নকৰি মাথো গা এৰা মন্তব্য় কৰি কয়,"ধুবুৰী লোকসভা সমষ্টিত কিমান ভোটত জিকিব সেয়া এতিয়াই ক'ব পৰা অৱস্থা হোৱা নাই । " ৰাইজে যিটো ফলাফল দিয়ে সেইটোৱেই হ'ব বুলিও মন্ত্ৰী গৰাকীয়ে দাবী কৰে ৷

ইপিনে, অসমত বিজেপিৰ স্থিতি সন্দৰ্ভতো তেওঁ মন্তব্য় কৰে । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়," অসমবাসীৰ হৃদয়ত আছে ভাৰতীয় জনতা পাৰ্টি ৷" সেয়ে ৰাইজৰ হৃদয়ত থকা ধৰণেই বিজেপিয়ে ফলাফল পাব বুলি আশা পুহি ৰখাৰ কথা উল্লেখ কৰি গণতন্ত্ৰৰ উৎসৱ এইবেলিৰ লোকসভা নিৰ্বাচনত সকলোকে নিজৰ ভোট সাব্যস্ত কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

ইতিমধ্যে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা অসমৰ পাঁচটা সমষ্টিৰ আটাইকেইটাতেই বিজেপি জয়ী হ'ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । তৃতীয় পৰ্যায়ত অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মানাহ বিধানসভা সমষ্টিৰ অধীনস্থ জাখলিৰপাৰত অনুষ্ঠিত জনসম্পৰ্ক সভাত বিপিএফ দলৰ লগতে আন আন ৰাজনৈতিক দলৰ প্ৰায় ডেৰ শতাধিক লোকে বিজেপিত যোগদান কৰে । উক্ত সভাত বি টি আৰৰ ই এম গৌতম দাসেও বক্তব্য় আগবঢ়ায় ।

লগতে পঢ়ক:14 খন আসনৰ 14 খনেই পাব লাগে : ৰণজিৎ কুমাৰ দাস - Lok Sabha Election 2024

Last Updated : April 26, 2024 at 3:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.