14 খন আসনৰ 14 খনেই পাব লাগে : ৰণজিৎ কুমাৰ দাস - Lok Sabha Election 2024
বৰপেটাত মিত্ৰদলৰ প্ৰাৰ্থীৰ ভেটি অধিক শক্তিশালী বুলি দাবী ফণীভূষণ চৌধুৰীৰ ৷ এইবেলি বিজেপিয়ে 17.50 শতাংশ ধৰ্মীয় সংখ্যালঘু ভোট লাভ কৰিব বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

Published : April 7, 2024 at 8:00 PM IST
বৰপেটাৰোড, 7 মাৰ্চ : বৰপেটা লোকসভা সমষ্টি দখল কৰিবলৈ পূৰ্ণদ্যোমে জঁপিয়াই পৰিছে বিজেপি আৰু মিত্ৰ দল অসম গণ পৰিষদ ৷ সমষ্টিটোৰ বিভিন্ন স্থানত এতিয়া বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ সৰ্বস্ব উজাৰি প্ৰচাৰ চলাইছে শাসকীয় দলটোৰ মন্ত্ৰী-বিধায়ক, নেতা-কৰ্মীৰ লগতে অগপ নেতৃত্বই ৷
দেওবাৰে ভাৰতীয় জনতা পাৰ্টিৰ চকচকা মণ্ডলৰ পৃষ্ঠ প্ৰমুখ সন্মিলনৰ সভাত অংশ লয় বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৷ সভাত উপস্থিত হৈ বৰপেটাত মিত্ৰদলৰ প্ৰাৰ্থীৰ ভেটি অধিক শক্তিশালী বুলি দাবী কৰে ফণীভূষণ চৌধুৰীয়ে ৷ বৰপেটাত চি পি আই এমে প্ৰত্যাহ্বান সৃষ্টি কৰিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰাৰ্থী তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে, বিগত বিধানসভা নিৰ্বাচনত সৰভোগত চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে 95 হাজাৰতকৈ অধিক ভোট লাভ কৰিছিল ৷ কিন্তু এইবেলি লোকসভা নিৰ্বাচনত যদি সৰভোগ সমষ্টিত চি পি আই এমে 95 হাজাৰ ভোট লাভ কৰে, তেন্তে মনোৰঞ্জন তালুকদাৰে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব বুলি স্বীকাৰ কৰে ফণীভূষণ চৌধুৰীয়ে ৷
আনহাতে সভাত উপস্থিত থকা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, বিগত নিৰ্বাচনত সমগ্ৰ দেশত বিজেপিয়ে 7.80 শতাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোট লাভ কৰিছিল ৷ বিগত দিন সমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু সকলক বিভিন্ন আঁচনিত অন্তৰ্ভুক্ত কৰি সা-সুবিধা প্ৰদান কৰিছে ৷ সেয়েহে এইবেলি বিজেপিয়ে 17.50 শতাংশ ধৰ্মীয় সংখ্যালঘু ভোট লাভ কৰিব বুলি এক সমীক্ষাত প্ৰকাশ পাইছে বুলি উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইফালে ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়েই জয়ী হ’ব বুলিও দাবী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
লগতে ধৰ্মীয় সংখ্যালঘু অঞ্চলত আজিৰ তাৰিখত যি বাতাবৰণ চলি আছে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জতো বিজেপিৰ প্ৰাৰ্থী জয়ী হ’ব আৰু অসমৰ 14 খন আসনেই বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ দখলত থাকিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দাবী কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ চকচকা মণ্ডলৰ পৃষ্ঠ প্ৰমুখ সন্মিলনৰ সভাত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰো উপস্থিত থাকে ৷
লগতে পঢ়ক : বিৰোধী ঐক্য মঞ্চৰ সৈতে একেলগে কাম কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী গণমঞ্চৰ - INDI Alliance In Assam

